অসম

কিশোৰীক অপকৰ্ম কৰা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙা ঘৰলৈ যুৱক

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ কৰ্মসূত্ৰে বোকাহোলা চাহ বাগিছাৰ অস্থায়ী চৰ্দাৰ । নাম অভিৰাম মুণ্ডা ,ঘৰ তিতাবৰ ৰজাবাৰীত ৷ নাৰীৰ প্ৰতি দুৰ্বলতা থকা অভিৰামৰ নিজৰ ৭ গৰাকীকৈ পত্নী থকাৰ পাচতো চৰিত্ৰ সলনি নহ'ল।

উতলা যৌৱনে আমনি কৰা অভিভৰামৰ চকু পৰিল এগৰাকী এগৰাকী কিশোৰীৰ ওপৰত । নাৰী দেখিলেই ৰ'ব নোৱাৰা অভিৰামে অষ্টম গৰাকী পত্নী আনিবলৈ যো-জা চলাওঁতেই লাগিল কেনা ৷

অভিৰামে তিতাবৰ বোকাহোলাৰ চাহ বাগিছাৰ এটা দৰিদ্ৰ পৰিয়ালৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক ফুচোলাই ঘৰলৈ নি অপকৰ্ম কৰি সামাজিক মাধ্যমত ভাইৰেল অশ্লীল ভিডিঅ।

ইয়াৰ পিছত লাগিল হুৱা দুৱা ৷ কথাতে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। সেয়ে হ'ল বপুৰাৰ অভিৰাম মুণ্ডাৰ ক্ষেত্ৰত ৷ মনৰ আশা পূৰ্ণ নহ'ল অভিৰাম মুণ্ডাৰ। এই অপকৰ্মৰ পাছতে অভিৰামক ৰাইজে ধৰি সোধালে উত্তম মাধ্যম। ক্ষুব্ধ ৰাইজে ৰাজপথেৰে চোঁচৰাই নি গতালে তিতাবৰ আৰক্ষীক ৷