অসম

বিজয় বিষ্ণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ন্যায়াধীশ বিজয় বিষ্ণইক। ২ ফেব্ৰুৱাৰীত এক জাননীৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই বিষয়ে অৱগত কৰিছে।

ন্যায়াধীশ বিজয় বিষ্ণই ইয়াৰ পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আছিল। ন্যায়াধীশগৰাকীৰ নিযুক্তিত অনুমোদন জনাইছে কেন্দ্রীয় আইন মন্ত্র্যালয়ে।