অসম

চৰ-চাপৰিৰ বাসিন্দা তফজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে : পৰিয়ালক কৰিলে এঘৰীয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক : ধিঙৰ কিশোৰী নিৰ্যাতনৰ মূল অভিযুক্ত তফুজ্জুল ইছলামৰ জানাজা সম্পন্ন নকৰে বৰভেটী গাঁৱৰ ৰাইজে। শেষকৃত্য অনুষ্ঠানত উপস্থিত নথকাৰ লগতে ৰাজহুৱা কবৰত শেষকৃত্য কৰিবলৈ নিদিয়ে বুলি জানিব পৰা গৈছে।

লগতে গাঁওবাসীয়ে লোৱা সিদ্ধান্ত অনুসৰি ধৃত তফজ্জুলৰ পৰিয়ালক গাঁৱৰ পৰা এঘৰীয়া কৰিছে। আনহাতে আন এক সূত্ৰে জানিব পৰা মতে গাঁৱবাসীৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছে।

এটা ফৈদে জানাজা সম্পন্ন কৰিব নিদিয়ে যদিও আনটো ফৈদে শেষকৃত্য পৰ্বত উপস্থিত থকাৰ কথা প্ৰকাশ কৰিছে। এতিয়া এই সমগ্ৰ বিষয়টো ধুসৰ হৈ পৰিছে। শুকুৰবাৰে পুৱতি নিশা পানীত জঁপিয়াই মৃত্যুবৰণ কৰাৰ পাছতে এই সিদ্ধন্তৰ বিষয়ে অৱগত কৰে ৰাইজে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চৰ-চাপৰিৰ বাসিন্দা তফজ্জুলৰ শুকুৰবাৰে মাজনিশা পানীত জঁপিওৱাৰ ফলত মৃত্যু হৈছিল। ধিঙৰ কিশোৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে ঘটনাস্থলী বৰভেটীলৈ নিছিল তফজ্জুলক। আৰু তাতেই যেতিয়া আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েচন কৰিব লৈছিল তেতিয়াই আৰক্ষী জিম্মাৰ পৰা পলাই পুখুৰীত জাঁপ দিছিল ধৃত তফজ্জুলে।

ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে তফাজ্জুলৰ মৃতদেহ। তফাজ্জুলৰ মৃতদেহ উদ্ধাৰৰ পাছতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

একাংশৰ মতে মৃত্যুৰ ৰূপত পুৱাই আহিল ভাল খবৰ। অৱশ্যে উক্ত ঘটনাৰে জড়িত থকা আন দুই অভিযুক্তক উচিত শাস্তি বিহাৰ বাবে দাবী তুলিছে কেতবোৰ সংগঠনে। সম্প্ৰতি পলাতক অৱস্থাত আছে বৰভেটী গাঁৱৰে দুই পাষণ্ড।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক টিউছনলৈ যোৱাৰ সময়ত অপকৰ্ম কৰিছিল ৩ পাষণ্ডই। ইয়াৰ পাছতে পথৰ দাঁতিত পেলাই থৈ গৈছিল ছাত্ৰীগৰাকীক। সম্প্ৰতি ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে।