ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত শ শ কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকনক আটক... 
অসম

ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত শ শ কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকনক আটক...

ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশালক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত ডিব্ৰুগড়ৰ যুৱক বিশাল ফুকনে কেইবাশ কোটি টকা সংগ্ৰহৰ অভিযোগ আছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশ পাইছিল।

অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনে নটাৰী যোগে বিভিন্নজনৰ সৈতে চুক্তি কৰি ব্যক্তিগত একাউণ্টত ধন সংগ্ৰহ কৰে। সেই ধন তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰে বুলি জনায়।

এই নটাৰীৰ চুক্তিত তেওঁ উল্লেখ কৰা অনুসৰি বিনিয়োগকাৰীক ৬০ টা কৰ্ম দিনৰ বাবে তেওঁ নূন্যতম ৩০ শতাংশ লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এতিয়ালৈকে বিশাল ফুকনে বিনিয়োগকাৰীক মূলধন নহয়, লাভাংশৰহে কিছু অংশ ঘূৰাই দিছে।

তাৰোপৰি বিনিয়োগকাৰীৰ ধনেৰে তেওঁ নিজাকৈ চাৰিটা কোম্পানী খুলি বিনিয়োগ কৰাৰ লগতে বিলাসী জীৱন কটাইছে। মন গ'লেই কৰিছে বিদেশৰ বিলাস ভ্ৰমণ, ক্ৰয় কৰিছে এখনৰ পিছত এখনকৈ বিলাসী বাহন। আনকি পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেডিঙৰ নামতো বিশাল ফুকন নামৰ এই যুৱকজনে কোটি কোটি টকা খৰচ কৰা বুলিও চৰ্চা হৈছে।

২২ বছৰীয়া বিশাল ফুকনে ২০২০ চনৰ পৰাই শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ বাবে এইদৰে উজনি অসমৰ বিভিন্ন লোকৰ পৰা আইন ভংগ কৰি ধন সংগ্ৰহ কৰি আহিছে। বিশালৰ এনে বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে তথ্যসহকাৰে অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই বিশাল ফুকনক আটক কৰিছে।

জানিব পৰা মতে ডিব্ৰুগড়ৰ টাউনৰ প্ৰবাঞ্জলী এপাৰ্টমেণ্টত থকা বিশালৰ ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে প্ৰায় ৪ ঘণ্টা ধৰি অভিযান চলাইছিল। ইয়াৰ পিছতে আৰক্ষীয়ে বিশালক আটক কৰিছে।