অসম

কোকৰাঝাৰত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে জিলাখনৰ বিধানসভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা । ২ নং দোতমা , ৩ নং কোকৰাঝাৰ আৰু ৪ নং বাওখুংগ্ৰী সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ।

২ নং দোতমা সমষ্টিত সৰ্বমুঠ ভোটাৰ ১০,৪,৯৪৩গৰাকী , ৩ নং কোকৰাঝাৰ সমষ্টিত সৰ্বমুঠ ভোটাৰ ১৪,১,১৮১ গৰাকী, ৪ নং বাওখুংগ্ৰী সমষ্টিত সৰ্বমুঠ ভোটাৰ ১৫,৯,৫১৪ গৰাকী । তিনিওটা সমষ্টিত সৰ্বমুঠ ৪০,৫,৬৩৮ গৰাকী ভোটাৰ । সৰ্বমুঠ ভোটাৰ ৪০,৫,৬৩৮ গৰাকীৰ ভিতৰত পুৰুষ ২০,১,০২৩ গৰাকী আৰু মহিলা ২০,৪,৬১৫ গৰাকী ।

২ নং দোতমা সমষ্টিত পলিং ষ্টেচন ১৪২ টা , ৩ নং কোকৰাঝাৰ সমষ্টিত ১৭৯ টা আৰু ৪ নং বাওখুংগ্ৰী সমষ্টিত ২১০ টা পলিং ষ্টেচন ।

খছৰা তালিকাৰ পিছত কোকৰাঝাৰত ৮৬০ জন ভোটাৰ বাঢ়িছে , দোতমাত ১৬৫ জন কমিছে আৰু বাওঁখুংগ্ৰী সমষ্টিত ৮৪ জন কমিছে । তিনিওটা সমষ্টি মিলি সৰ্বমুঠ ভোটাৰ বাঢ়িছে ৬১১ জন ।