বেয়া খবৰঃ অহা ৫ দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে আহিব বৰষুণ ! 
অসম

বেয়া খবৰঃ অহা ৫ দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে আহিব বৰষুণ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে বান পৰিস্থিতিয়ে প্ৰায় জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে এক বেয়া খবৰ। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি ৫ জুলাইলৈকে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে দুখন পাহাৰীয়া জিলা ক্ৰমে ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

বতৰ বিজ্ঞান কেন্দ্ৰই ১ জুলাইৰ পৰা ৫ জুলাইলৈ জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি ১জুলাইত ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৰেড এলাৰ্টৰ বিপৰীতে বাকী আটাইকেইখন জিলাতে হালধীয়া সতৰ্কতা জাৰি কৰিছে। সেইদৰেই ২ জুলাইত তামুলপুৰ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাওঁ, নগাওঁ, হোজাই, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউক বাদ দি বাকী আটাইকেইখন ৰাজ্যতে আছে হালধীয়া সতৰ্কতা।

৩ জুলাইত ধুবুৰী, গোৱালপাৰা, চিৰাং, কামৰূপ (গ্ৰাম্য), বিশ্বনাথ, যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিমা হাচাও জিলাত আছে হালধীয়া সতৰ্কতা। ৪ জুলাইত আকৌ কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক বাদ দি বাকী আটাইকেইখ জিলাতে আছে সতৰ্কতা। সেইদৰেই ৫ জুলাইতো আছে প্ৰায় কেইখ জিলাতে হালধীয়া সতৰ্কতা।

এই ৫ টা দিনত হালধীয়া সতৰ্কতা জাৰি কৰা জিলাসমূহত বিজুলী, ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। যিহেতু ৰাজ্যৰ প্ৰায় কেইখন জিলাতে পুনৰ বান পানী আৰম্ভ হৈছে সেয়ে এই ৫ দিনত ধাৰাসাৰ বৰষুণ আহিলে এই বান পৰিস্থিতি অধিক অবনতি হোৱাৰ সম্ভাৱনা আছে। সেয়ে সকলোৱে পূৰ্বৰে পৰা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়।