অসম

বিহালীৰ বৰগাঙ, গহপুৰ, বিশ্বনাথ সাপ্তাহিক বজাৰ বন্ধ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ আকস্মিকভাৱে বিহালীৰ বৰগাঙ সাপ্তাহিক বজাৰ খন বন্ধ হোৱাকলৈ বিহালীত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ প্ৰকৃততে কি কাৰণত সাপ্তাহিক বজাৰ খন বন্ধ হ'ল সেই সম্পৰ্কত কোনোলোকৰ হাতত তথ্য নাই৷

উল্লেখযোগ্য বিষয়টো হ'ল ইয়াৰ পূৰ্বে বিভিন্ন সময়ত সাপ্তাহিক বজাৰ বন্ধ হ'লে স্থানীয়ভাৱে মাইকযোগে ঘোষণা কৰা হয় ৷ লগতে সাপ্তাহিক বজাৰ বন্ধৰ কাৰণ ৰাইজক অৱগত কৰা হয় যদিও ৰবিবাৰে কি কাৰণত হৰ্ঠাৎ বজাৰ বন্ধ কৰা হ'ল সেইসম্পৰ্কে কোনো,সাধাৰণলক অৱগত নোহোৱাত বিপাঙত পৰিছে শাক-পাচলি ব্যৱসায়ীৰ ওপৰিও ক্ৰেতা গ্ৰাহক ৰাইজ৷

বিহালীৰ সচেতনলোকৰ ভাষ্যমতে , কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে আজি অৰুণাচলৰ পৰা গহপুৰৰ সোলেঙীহৈ বিশ্বনাথ জিলাত প্ৰৱেশ কৰি ভাৰত জড়ো ন্যায় যাত্ৰা কৰাৰ বাবেই এনেদৰে বজাৰ বন্ধ ৰখা হৈছে বুলি সন্দেহ কৰিছে৷ আনহাতে একাংশলোকে ক'ব খুজে যে হাট-বজাৰ বন্ধ নহ'লে বজাৰ-হাট কৰিৱলৈ অহা হাজাৰ হাজাৰলোকে ৰাহুল গান্ধীৰ ভাৰত জড়ৌ ন্যায় যাত্ৰাত অংশ গ্ৰহণ কৰিব ৷ যাৰবাবে অতি কৌশলৰে বজাৰ বন্ধ কৰা হৈছে৷

আনহাতে বহুলোকে ধাৰণা কৰিছে যে , অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব বাবেই সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰা হৈছে৷ কিন্তু প্ৰশ্ন হয়-,যদি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবোই বজাৰ বন্ধ কৰা হৈছে তেনেহ'লে সমগ্ৰ ৰাজ্যৰ সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰা হৈছে নেকি ৷ যদি সমগ্ৰ ৰাজ্যৰ সাপ্তাহিক সমুহ বন্ধ নহৈ বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙ , গহপুৰ ,বিশ্বনাথৰ সাপ্তাহিক বজাৰ বন্ধ হৈছে তেনেহ'লে এইয়া ৰাজনৈতিক বিষয় বুলি সন্দেহ কৰিছে।

আনহাতে , ৰাহুল গান্ধীৰ ভাৰত জড়ৌ ন্যায় যাত্ৰাই বিশ্বনাথ জিলাত প্ৰৱেশ কৰাৰ দিনটোতেই জিলা খনক প্ৰতিটো গাওঁ পঞ্চায়তত ভীৰ কৰিছে মহিলা তথা সঞ্চয় গোটৰ মহিলাই ৷ জানিব পৰামতে গাওঁ পঞ্চায়ত সমুহত আজি বিতৰণ কৰা হৈছে নগদ ধন বিতৰণ আঁচনিৰ ফৰ্ম ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল- ৰাজপথেদি ৰাহুল গান্ধীৰ যাত্ৰা পাৰহৈ যোৱাৰ লগে-লগে সঞ্চয় গোটৰ বাকী সদস্য মহিলাক ঘৰলৈ যাৱলৈ কৈ গোটৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকি ফৰ্ম সংগ্ৰহ কৰিলেও হ'ব বুলি জনাইছে ফৰ্ম বিতৰক সকলো বুলি জানিব পৰা গৈছো