অসম

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ বৰজুৰিৰ ২নং বস্তিত অঘটন ৷ বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় ৭ বছৰীয়া বনৰীয়া হাতীৰ মৃত্যু হয় ৷ ঘটনাৰ সংক্ৰান্তত বন বিভাগে গ্ৰেপ্তাৰ কৰিছে চুংকু মুণ্ডা নামৰ এজন লোকক ৷

অভিযোগ অনুসৰি নিজৰ ঘৰৰ পাছফালে বনৰীয়া হাতীৰ পৰা কঠিয়া সুৰক্ষাৰ বাবে চুংকু মুণ্ডা নামৰ লোকজনে কঠিয়াতলিৰ চৌদিশে সংস্থাপন কৰিছিল বৈদ্যুতিক বেৰ ৷ নিশা চুংকু মুণ্ডাই সংযোগ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হয় ৷ ইফালে বনবিভাগে চুংকু মুণ্ডাৰ ঘৰৰ পৰা বুজন পৰিমানৰ বৈদ্যুতিক তাঁৰ জব্দ কৰে ৷