অসম

জামুগুৰিহাটত হাতী-মানুহৰ সংঘাত অব্যাহত, তহিলং খেতি-পথাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বটিয়াৰোকাত কৃষক ৰাইজৰ ফুলি থকা সৰিয়হ, আলু, ৰঙলাওকে আদিকে ধৰি বিভিন্ন খেতি সমুহ খেচিগুলি তহিলং কৰাৰ লগতে বাৰীৰ কলগছ সমুহো ভাঙি চলাইছে উপদ্ৰৱ ।

নিশাৰ ভাগত অহা ৯/১০ জনীয়া হাতীৰ জাকটোৱে এইদৰে উপদ্ৰৱ চলাই ৰাইজক আতংকিত কৰি পুৱাৰ ভাগতহে কাজিৰঙাৰ ষষ্ঠ সংযোজলৈ উভতি যায়৷ কিন্তু সন্ধিয়া হ'লেই পুনৰ আহি জনাঞ্চত বনৰীয়া হাতীৰ জাকে ওৰেতো নিশা চলাই সন্ত্ৰাস। যাৰ ফলত গঁঞা ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

অঞ্চলটোত সঘনাই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই থকাৰ পিছতো বনবিভাগে বনৰীয়া হাতী প্ৰতিৰোধ যাৱতীয় ব্যৱস্থা গ্ৰন কৰা নাই৷ ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোৰ ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু বনকৰ্মীসকলে যিদৰে সক্ৰিয়তাৰে বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে গ্ৰহণ নকৰি কুম্ভকৰ্ণ নিদ্ৰাতহে মগ্ন হৈ আছে ৷