ঈদৰ আনন্দত বিধি-পথালি দিব নেকি বতৰে !  
অসম

ঈদৰ আনন্দত বিধি-পথালি দিব নেকি বতৰে ! আগন্তুক ৫দিনৰ বাবে জানক বতৰৰ বতৰা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সন্মুখত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ। ঈদকলৈ ব্যস্ত হৈ পৰিছে ইছলামধৰ্মী লোকসকল। পৰিয়ালৰ সৈতে একেলগে এসাঁজ আনন্দ মনে গ্ৰহণ কৰাৰ উদ্দেশ্যে আপোন ঘৰখনলৈ বুলি ৰাওনা হৈছে তেঁওলোক।

কিন্তু এতিয়া প্ৰশ্ন হৈছে বতৰৰ ৰেহ-ৰূপকলৈ। ঈদৰ সময়ত আনন্দ-উল্লাস ম্লান পেলাই বতৰে দিব পাৰে বিধি-পথালি ! কিয়নো বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫দিনৰ বাবে দিছে বতৰৰ আগজাননী।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে আগন্তুক ৫দিনৰ বাবে অসমত ৰেড এলাৰ্ট আৰু কোনো কোনো অঞ্চলৰ বাবে ইয়েল্লো এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰৰ আগলি বতৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

১৭ জুনৰ পৰা অনাগত ৫দিনলৈ ৰাজ্যৰ কোনো কোনো অঞ্চলত হ’ব মুষলধাৰ বৰষুণ। অৱশ্যে কোনো কোনো অঞ্চলত পাতলীয়া তথা মজলীয়া বৰষুণ অহাৰো পূৰ্ণ সম্ভাৱনাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ১৭ জুনৰ দিনা যিহেতু পবিত্ৰ ঈদ, সেয়ে তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে লোকসকল।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে বৰষুণৰ সমান্তৰালকৈ ৰাজ্যত বজ্ৰপাতৰো পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে ৰাজ্যবাসীক সাৱধানতা আৰু সতৰ্ক হৈ থাকিবলৈ কেন্দ্ৰই আহ্বান জনাইছে।

উল্লেখ কৰা প্ৰয়োজন যে ১৬ জুনৰ পৰা সমগ্ৰ অসমত ইয়েল্লো এলাৰ্ট জাৰি কৰাৰ উপৰি অঞ্চল বিশেষে ৰেড এলাৰ্টো জাৰি কৰা হৈছে। ১৭ জুনৰ বাবে সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

ৰেড এলাৰ্ট জাৰি কৰা অঞ্চলসমূহত নেৰানেপেৰা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা থকাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৱশ্যে হালধীয়া এলাৰ্ট জাৰি কৰা অঞ্চলসমূহত মজলীয়া বৰষুণ আহিব আৰু অঞ্চলসূহ প্ৰায় বিপদমুক্ত বুলি কেন্দ্ৰই উল্লেখ কৰে।