অসম

আৰক্ষী বিষয়া শুভলক্ষ্মীৰ অশুভ কাণ্ড ! বনকৰা মহিলাক অকথ্য নিৰ্যাতনৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : পুনৰ আৰক্ষী বিষয়াৰ বাসগৃহত বনকৰা মহিলাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। নাজিৰাত সংঘটিত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

জানিব পৰামতে নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বাসগৃহত বনকৰা মহিলাগৰাকীৰ শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনকৰা মহিলাগৰাকীক গা-ধোৱা ঘৰত ভৰাই শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলায়।

বনকৰা মহিলাগৰাকীৰ শৰীৰত আছে আঘাতৰ চিন। ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত ভুক্তভোগীয়ে এক গোচৰ ৰুজু কৰিছে। ইফালে পাশৱিক তথা অমানৱীয় ঘটনা সন্দৰ্ভত 'আটছা'ই উচিত তদন্তৰ দাবী কৰিছে।