ফাষ্টফুড খোৱাৰ পূৰ্বে সাৱধানঃ বাৰ্গাৰ খাই মৃত্যু হ'ল গোলাঘাটৰ মহিলাৰ ! 
অসম

ফাষ্টফুড খোৱাৰ পূৰ্বে সাৱধানঃ বাৰ্গাৰ খাই মৃত্যু হ'ল গোলাঘাটৰ মহিলাৰ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত এইবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ফাষ্টফুড খাই প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। এই ঘটনা সংঘটিত হৈছে গোলাঘাটত।

জানিব পৰা মতে গোলাঘাটৰ লাবণ্য তামুলী নামৰ মহিলাগৰাকীয়ে দুদিন পূৰ্বে খাইছিল এটা বাৰ্গাৰ। ইয়াৰ পাছৰে পৰা অসুস্থ হৈ আছিল মহিলাগৰাকী। লখিমপুৰৰ বিহপুৰীয়াৰ নয়নতৰা নামৰ ৰেষ্টুৰেণ্টখনত খোৱা সেই বাৰ্গাৰটোৰ বাবেই তেওঁ অসুস্থ হৈ পৰে বুলি অভিযোগ উত্থাপন হৈছে।

অসুস্থ মহিলাগৰাকীক দেওবাৰে নিশাই ভৰ্তি কৰোৱা হৈছিল গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

যোৰহাট চিকিৎসা মহাবিদ্যালয়তে অসুস্থ লাবণ্য তামুলীৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ গোলাঘাটতে এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে। সামাজিক মাধ্যমত বিহপুৰীয়াৰ নয়নতৰা ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে।