অসম

মহানগৰীৰ ধীৰেণপাৰাত অট্টালিকাৰ পৰা পৰি মহিলাৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ পৰা পৰি এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰামতে মৃত মহিলাগৰাকীৰ নাম সবিতা আগৰৱালা।

অট্টালিকাটোৰ অষ্টম মহলাৰ পৰা পৰি মৃত্যু হৈছে মহিলাগৰাকীৰ। কি কাৰণে এনে অনাকাঙ্খিত ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত সম্প্ৰতি জানিব পৰা হোৱা নাই।