অসম

দুবছৰীয়া যমজ সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাক লৈ বিশ্বনাথত চাঞ্চল্য

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ ভিৰগাঁৱৰ এগৰাকী যমজ সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা মাতৃক বিচাৰি দুবছৰীয়া যমজ সন্তান কান্দোনত ভাঙি পৰিছে। জানিব পৰা মতে ভিৰগাঁৱৰ তপন শইকীয়া নামৰ লোকজনে আজি কেইবাবছৰ পূৰ্বে লক্ষীমপুৰ জিলাৰ লালুকৰ তুলিকা চেতিয়া নামৰ যুৱতী গৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।

বিয়াৰ পিছত তেওঁলোকৰ জীৱন শুৱনি কৰে দুটাকৈ যমজ সন্তানে। দুই সন্তানসহ তপন শইকীয়াৰ সংসাৰত সকলো ঠিকেই আছিল। কিন্তু হঠাৎ যোৱা শুকুৰবাৰেহে সংসাৰত কেণা লাগে।

উক্ত দিনটোত তপন শইকীয়াৰ পত্নী তুলিকা শইকীয়াই দুই সন্তানক থৈ বেংকলৈ ওলাই গৈছিল।কাৰ্যতঃ ইয়াৰ পিছৰ পৰাই সন্ধানহীন হয় তপন শইকীয়াৰ পত্নী তুলিকা শইকীয়া।বহু সময়লৈকে মহিলাগৰাকী ঘৰলৈ উভতি নহাত স্বামী তপন শইকীয়াই বেংকত খবৰ কৰিবলৈ যাওঁ‌তে জানিব পাৰে যে তুলিকা শইকীয়া উক্ত বেংকৰ পৰা টকা উলিয়াইছিল।

লগে লগে তপন শইকীয়াই পত্নীৰ পিতৃৃ-মাতৃক খবৰ দিয়ে আৰু পাছত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত তুলিকাৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পৰাই ম'বাইল ফোনটোৰ ছুইটছ অফ থকা বুলি জানিবলৈ দিছে স্বামীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।