অসম

বোৱাৰীৰৰ প্ৰহাৰত প্ৰাণ গ'ল শাহুৱেকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ আনন্দ উচাহৰ মাজতে যোগীঘোপাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। ভূমি বিবাদক লৈ সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।

বোৱাৰীয়ে হত্যা কৰে শাহুৱেকক। যোগীঘোপাৰ ভৰালকুণ্ডী দশম খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত শাহুৱেকৰ নাম মৰিয়ম বেওঁৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বোৱাৰী গৰাকীক আটক কৰিছে যোগীঘোপা আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা বোৱাৰী গৰাকীৰ ছহিদুৰ ৰহমানৰ পত্নী ছায়েদা বেপাৰী।

উল্লেখ্য যে, দেওবাৰে নিশা ভূমি বিবাদক লৈ শাহু-বোৱাৰীৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। কাজিয়াৰ চৰম পৰ্যায়ত বোৱাৰীয়ে শাহুৱেকক উপুৰ্যপৰি মাৰধৰ কৰে ।

পিছত স্থানীয় একাংশ লোকে বৃদ্ধা মহিলা গৰাকীক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি গোৱালপাৰা  চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰে।