অসম

পূৱ কামৰূপ মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্পৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকীঃ এইবাৰ ৰঙালীৰ বজাৰত গামোচা বিক্ৰী কৰিব পূৱ কামৰূপ মহাবিদ্যালয়ৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প কেন্দ্ৰই। এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় লক্ষ্যৰে তাঁতশালত গামোচা বয়ন কাৰ্য আৰম্ভ কৰা হৈছে শনিবাৰৰ পৰা। শনিবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হৈছিল হস্ততাত আৰু বস্ত্ৰশিল্পৰ এদিনীয়া কৰ্মশালাৰ লগতে শুভাৰম্ভ কৰা হয় গামোচা বয়নৰ।

উক্ত কৰ্মশালাত ছাত্ৰ- ছাত্ৰী আৰু শতাধিক স্থানীয় শিপিনীয়ে অংশ গ্ৰহণ কৰে। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ উপ-সঞ্চালক জয়ন্তদেৱ শৰ্মা । "অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প আজি সমগ্ৰ দেশত নিজৰ গৌৰৱৰে পৰিচিত । এই শিল্পই অসমীয়াক দিছে ভাত, আৰু মান।" এই মন্তব্য জয়ন্তদেৱ শৰ্মাৰ। শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল উক্ত কৰ্মশালাখনিৰ। অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভিন্ন বিষয় সন্দৰ্ভত আছিল এই কৰ্মশালা। পূৱ কামৰূপ মহাবিদ্যালয় উদ্যোগত আৰু মহাবিদ্যালয় খনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হৈছিল কৰ্মশালাখন।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভূপেন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাখনত বিশেষ বক্তা হিচাপে উপস্থিত আছিল "গ্ৰীব" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাৰ্যবাহী বিষয়া জ্যোতি ডেকা আৰু হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ ৰঙিয়া কাৰ্যালয়ৰ পৰিৰ্দশক ঘনশ্যাম ডেকা। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়েও ছাত্ৰ-ছাত্ৰী আৰু শিপিনীসকলক উদ্দেশ্যি ভাষণ আৰু দিহা পৰাৰ্মশ আগবঢ়াই। পূৱ কামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অধ্যাপক মোহন চন্দ্ৰ কলিতা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নাৰায়ণ গোস্বামী উপস্থিত আছিল।

উল্লেখ্য যে পূৱ কামৰূপ মহাবিদ্যালয়ৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প কেন্দ্ৰটি আৰম্ভ কৰা হৈছিল ২০২৩ বৰ্ষত। আৰম্ভণিৰ সময়ত কেন্দ্ৰটিৰ তত্বাৱধায়ক আছিল অধ্যাপিকা ড৹ ডুলুমণি ডেকা । ড৹ ডেকা বৰ্তমান কৰ্মৰত বজালীৰ ভট্ৰদেৱ বিশ্ববিদ্যালয়ত । উক্ত কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকাগৰাকী। হস্ততাঁত আৰু বস্ত্ৰশিল্প কেন্দ্ৰৰ সদস্য তথা অধ্যাপকদ্বয় আয়েছ আলী আৰু কল্পনা ভাগৱতীয়ে কৰ্মশালাত যৌথভাবে আদৰণি ভাষন আগবঢ়াই। বাইহাটা চাৰিআলি অঞ্চলৰ প্ৰায় শতাধিক শিপিনি উপস্থিত থকা কৰ্মশালাত শলাগৰ শৰাই আগবঢ়াই কেন্দ্ৰটোৰ সমন্বয়ক ড৹ মনালিছা কলিতাই।

ইয়াৰোপৰি কেন্দ্ৰটিৰ প্ৰচেষ্টাত এইবৰ্ষৰ পৰা আৰম্ভ কৰা হয় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভিন্ন পাঠ্যক্ৰম। ঘাইকৈ ব্যৱহাৰিক দিশত কেন্দ্ৰটিত আগবঢ়োৱা হ'ব এই পাঠ্যক্ৰম। মহাবিদ্যালয় কৰ্তৃপক্ষই নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনুষ্ঠানিক শিক্ষা আৰু বয়সৰ ক্ষেত্ৰত কোনো সীমাৰেখা নাই বুলি জানিবলৈ দিয়ে। সকলোৰে বাবে মুকলি থকা এই পাঠ্যক্ৰমৰ অন্তত পাঠ্যক্ৰম গ্ৰহণকাৰীয়ে লাভ কৰিব প্ৰমাণ পত্ৰ আৰু ডিপ্লমা। এই কথা শনিবাৰে সদৰী কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ।