অসম

সমগ্ৰ বিশ্বতে যোগৰ সমাদৰ বাঢ়িছে,আমি সন্তানকো যোগৰ শিক্ষা দিব লাগে- মুখ্যমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি আসমতো দশম আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হৈছে। বিশ্বৰ লগতে অসমতো বিভিন্ন স্থানত পালন কৰা হৈছে যোগ দিৱস। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই।

সমান্তৰালকৈ তেজপুৰৰ চাৰ্জফিল্ডত ৰাজ্য চৰকাৰৰ যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোগ দিৱসত উপস্থিত থাকি তেওঁ কয় যে, সমগ্ৰ বিশ্বতে যোগৰ সমাদৰ বাঢ়িছে। আমি সন্তানকো যোগৰ শিক্ষা দিব লাগে।

তিনিচুকীয়াৰ যোগ দিৱসত উপস্থিত আছে কেন্দ্ৰীয় জাহাজ পৰিবহন আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আনহাতে ডিব্ৰুগড়ৰ যোগ দিৱসত উপস্থিত আছে মন্ত্ৰী বিমল বৰা। লগতে সৰুসজাইত অনুষ্ঠিত যোগ দিৱসত অংশগ্ৰহণ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ সঞ্চালক তথা মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই।