অসম

বিভাগে আগতেও দিছিল সাৱধানবাণী ! কিন্তু কাকো কেৰেপেই কৰা নাছিল লাবুমণিয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাও বুৰিলেও টিঙৰ পৰা ননমা শিক্ষকৰূপী ইউটিউবাৰ লাবুমণি আমচং তথা আচাম জেটৰ ওপৰত অৱশেষত লোৱা হ'ল নিলম্বনৰ দৰে কঠোৰ বিভাগীয় ব্যৱস্থা। জুৱাৰ দৰে অবৈধ খেল ইউটিউব তথা ফেচবুকৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অভিযোগত শেহতীয়াকৈ শিক্ষা বিভাগৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীলৈ।

১জুন, ২০২৪ৰ বিয়লি ৫বজাৰ ভিতৰত এই জাননীৰ উত্তৰ দিয়াৰ বাবে বিভাগে সময়সীমা বান্ধি দিছিল যদিও শিক্ষকগৰাকীয়ে কোনো উত্তৰ নিদিলে। যাৰ ফলত নিলম্বনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বিভাগে।

১জুন, ২০২৪ত জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই আচাম চাৰ্ভিছ (ডিচিপ্লেন আৰু আপীলছ) ৰুলছ, ১৯৬৪ৰ বিধি ভংগ কৰাৰ অভিযোগত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিদেৰ্শনা প্ৰদান কৰিছে। এই নিৰ্দেশনা পত্ৰত উল্লেখ কৰা হৈছে যে - মৰিগাঁও জিলাৰ আঁহতগুৰি এল পি স্কুলৰ শিক্ষক লাবুমণি আমচঙে সামাজিক মাধ্যমত ভুৱা আৰু প্ৰৰোচনামূলক কিছু ব্যৱসায়ভিত্তিক ভিডিঅ আপলোড কৰি আহিছে। এই সন্দৰ্ভত তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল যদিও নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁৰ পৰা কোনো উত্তৰ পোৱা নগ’ল।

নিৰ্দেশনা পত্ৰত লগতে উল্লেখ কৰা হৈছে যে, -লাবুমণিৰ এনে কিছু কৰ্মকাণ্ডৰ বাবে ইয়াৰ পূৰ্বে ২০.১০.২০২৩তো এক জাননীযোগে সৰ্তক কৰি দিয়া হৈছিল। কিন্তু তেওঁ সেই সকলো নিৰ্দেশনা অমান্য কৰাৰ লগতে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ যি নীতি-নিয়ম থাকে সকলো ভংগ কৰিছে। জিলা আয়ুক্তৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকলে বিষয়টো পৰ্যালোচনা কৰি তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

এই নিলম্বনৰ কালচোৱাত চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব শিক্ষক লাবুমণি। লগতে এই কালছোৱাত অন্যান্য কোনো চৰকাৰী চাকৰি বা সেৱাৰ সৈতে সংযুক্ত হ'ব নোৱাৰিব লাবুমণি আমচং। ইতিমধ্যে এই নিৰ্দেশনা পত্ৰৰ প্ৰতিলিপি সকলো শীষ বিষয়া তথা অভিযুক্ত শিক্ষকগৰাকীলৈও প্ৰেৰণ কৰা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, লাবুমণি আমচঙে দীৰ্ঘদিনৰে পৰা শিক্ষকতাৰ দৰে এটা বৃত্তিত জড়িত হৈও অনলাইন জুৱাৰ দৰে খেলক প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছিল। সামাজিক মাধ্যমত লাখ লাখ মানুহ প্ৰৰোচিত হ'ব পৰাকৈ নিজা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই অনলাইন জুৱা খেলৰ বিজ্ঞাপন কৰি আহিছিল লাবুমণিয়ে।

শেহতীয়াকৈ অসম আৰক্ষীয়ে পাপৰি কলিতাৰ ওপৰত কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পিছতে লাবুমণিৰ ওপৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সামাজিক মাধ্যমৰ লগতে সচেতন মহলত দাবী উত্থাপন হৈছিল। সামাজিক মাধ্যমত ইয়াৰ বিৰুদ্ধে তীব্ৰ জনমতো গঢ়ি উঠিছিল। কিন্তু এই সকলোবোৰৰ মাজতো নিজৰ ভুল স্বীকাৰ নকৰি ওলোটাই প্ৰত্যাহ্বানহে জনাইছিল শিক্ষকৰূপী ইউটিউবাৰগৰাকীয়ে।