গ্ৰীচৰ এথেন্সত প্ৰদৰ্শিত অনন্যা ভূঞাৰ 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী' 
অসম

গ্ৰীচৰ এথেন্সত প্ৰদৰ্শিত অনন্যা ভূঞাৰ 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গ্ৰীচৰ এঠেন্স চহৰত অনুষ্ঠিত হোৱা AGON INTERNATIONAL ARCHAEOLOGICAL AND CULTURAL DOC FEST ত প্ৰদৰ্শিত হ’ল অনন্যা ভূঞাৰ 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী' শীৰ্ষক ছুটি তথ্য চিত্ৰখন। ২০ ৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত প্ৰদৰ্শিত হোৱা ছুটি তথ্য চিত্ৰখনত নদী দ্বীপ মাজুলীৰ মুখা শিল্পৰ আধাৰত নিৰ্মিত।

ছবিখন ১৬ শ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা মুখা শিল্পৰ ইতিহাস আৰু আধুনিক পৃথিৱীত মুখা শিল্পৰ প্ৰাসংগিকতা ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে, গ্ৰীচৰ AGON INTERNATIONAL ARCHAEOLOGICAL AND CULTURAL DOC FEST ত প্ৰদৰ্শিত হোৱা 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী' শীৰ্ষক ছবিখনেই এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত আৰু প্ৰদৰ্শিত প্ৰথমখন ভাৰতীয় ছবি।

১৬ মিনিট ১৯ ছেকেণ্ডৰ এই তথ্যচিত্ৰখন পৰিচালা আৰু প্ৰযোজনা কৰিছে অনন্যা ভূঞাই। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ক্লাষ্টাৰ ইনোভেছন চেণ্টাৰ বিভাগৰ অধীনত লোক সাহিত্য বিষয়ত গৱেষণা কৰি আছে।

আনহাতে ছবিখনৰ চিনেমেটোগ্ৰাফী কৰিছে অংকুৰ ৰায়ে। এডিটিং আৰু কালাৰ কৃষ্ণ মহন্ত আৰু ধনজিৎ দাসৰ। শব্দ সংমিশ্ৰণ কৰিছে দেৱজিৎ গায়নে। বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰিছে সৌৰভ মহন্তই আৰু স্ক্ৰীপ্ট লিখিছে কল্পতৰু গগৈয়ে। মন কৰিবলগীয়া যে অনন্যা ভূঞাই প্ৰথমবাৰৰ বাবে ছবি পৰিচালনা কৰাৰ লগতে প্ৰযোজনা কৰিছে।

২০২৩ চনত চিত্ৰগ্ৰহণ কৰা এই ছুটি তথ্যচিত্ৰখনে ইতিমধ্যে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ভিন্ন স্থানত প্ৰদৰ্শিত হৈছে। সেইসমূহৰ ভিতৰত ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অফ শ্বৰ্ট ফিল্মছ অন কালচাৰ এণ্ড টুৰিজিম মহোৎসৱত শ্ৰেষ্ঠ ছুটি ছবি, ৱেষ্ট বেংগল শ্বৰ্ট ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ তথ্যচিত্ৰ, গ্লোবেল ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত শ্ৰেষ্ঠ তথ্য চিত্ৰ, হামিংবাৰ্ড ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ তথ্য চিত্ৰ, নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত দ্বিতীয় শ্ৰেষ্ঠ তথ্য চিত্ৰৰ খিতাপ দখল কৰাৰ লগতে তুৰ্কী, ইটালী আদি দেশৰ কেইবাখনো ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।