ভাৰতীয় ষ্টাৰ্টাআপলৈ বিনিয়োগকাৰীৰ আকৰ্ষণঃ এটা সপ্তাহত ৩০০ শতাংশৰো অধিক পুঁজি সংগ্ৰহ... 
অর্থনীতি

ভাৰতীয় ষ্টাৰ্টাআপলৈ বিনিয়োগকাৰীৰ আকৰ্ষণঃ এটা সপ্তাহত ৩০০ শতাংশৰো অধিক পুঁজি সংগ্ৰহ...

চলিত সপ্তাহতে ৩৯ টা ষ্টাৰ্টআপে সংগ্ৰহ কৰিলে ৪৪৯ মিলিয়ন ডলাৰ পুঁজি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত সপ্তাহত ভাৰতীয় ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। চলিত সপ্তাহতেই প্ৰায় ৩৯ টা ষ্টাৰ্টআপে ৪৪৯ মিলিয়ন ডলাৰ পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

বিগত সপ্তাহত ভাৰতীয় ষ্টাৰ্টআপে সংগৃহীত কৰা পুঁজিৰ সংখ্যা আছিল ১৩৫ মিলিয়ন ডলাৰ। সেই অনুসৰি মাত্ৰ এটা সপ্তাহতে ষ্টাৰ্টআপৰ পুঁজি সংগ্ৰহৰ পৰিমাণ ৩০০ শতাংশৰো অধিক বৃদ্ধি পাইছে।

এই সপ্তাহত ১২ 'গ্ৰ'থ ষ্টেজ' আৰু ১৬ 'আৰ্লি ষ্টেজ ডীলছ' হৈছে। 'বীজ ফাণ্ডিং' ২৬.৫ মিলিয়ন হৈছে। যোৱা সপ্তাহত 'বীজ ফাণ্ডিং' হৈছিল ১৭.৮ মিলিয়ন ডলাৰ। সেই অনুসৰি এই সপ্তাহত 'বীজ ফাণ্ডিঙ'ৰ পৰিমাণ ৪৮.৮ শতাংশ বৃদ্ধি হৈছে।

ইয়াৰ পৰা স্পষ্ট হৈছে ভাৰতীয় ষ্টাৰ্টআপত বিনিয়োগ বৃদ্ধি হৈছে। 'এডটেক ষ্টাৰ্টআপ এৰোডিটাছে' TPG ৰ 'দ্য ৰাইজ ফাণ্ড'ৰ জৰিয়তে ১৫০ মিলিয়ন পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই ষ্টাৰ্টআপত বিনিয়োগ কৰা সংস্থাসমূহৰ ভিতৰত আছে ফাষ্টবেংক ভিজন ফাণ্ড-২, লীডছ ইলুমিনেট, চি পি পি ইনভেষ্টমেণ্ট আৰু ছান জোকাৰবাৰ্গ ইনিছিয়েটিভ।

বিউটি প্লেটফৰ্ম পাৰ্পলে শেহতীয়া ফাণ্ডিং ৰাউণ্ডত ১৮০ মিলিয়ন ডলাৰ যাৰ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৫০০ কোটি পুঁজি হিচাপে সংগ্ৰহ কৰিছে। ইয়াৰ মুখ্য বিনিয়োগকাৰী হৈছে আবুধাবিৰ ইনভেষ্টমেণ্ট অৰ্থৰিটি।

GIVA জুৱেলাৰীয়েও তেওঁলোকৰ বৰ্ধিত বি ফাণ্ডিং ৰাউণ্ড সফলতাৰে সম্পূৰ্ণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ২৫৫ কোটি টকা সংগ্ৰহ কৰিছে। তেওঁলোকক বিনিয়োগ কৰিছে প্ৰেছা নিবেশ, EPIQ কেপিটেল আৰু ইডেলবাইছ ডিছকভাৰী ফাণ্ডৰ দৰে প্ৰতিষ্ঠানে।

সেইদৰেই 'ছফ্টৱেৰ এজ এ ছাৰ্ভিছ' ষ্টাৰ্টআপে ৩০ মিলিয়ন পুঁজি সংগ্ৰহ কৰিছে এই সপ্তাহত। উল্লেখ্য যে, ভাৰতীয় ফিনটেক ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই জুলই-ছেপ্টেম্বৰত ৭৭৮ মিলিয়ন ডলাৰ পুঁজি সংগ্ৰহ কৰিছে।

চলিত বিত্তীয় বৰ্ষৰ তৃতীয় কোৱাৰ্টাৰত ফিনটেক পুুঁজি সংগ্ৰহৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে দ্বিতীয় স্থানত আছে ভাৰত। যোৱা বৃত্তীয় বৰ্ষৰ তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় ষ্টাৰ্টআপে পুঁজি সংগ্ৰহ কৰিছিল ৪৭১ মিলিয়ন ডলাৰ। সেই অনুসৰি এইবাৰ ৬৬ শতাংশ বৃদ্ধি হৈছে।