দেশৰ GDP ৰ বৃদ্ধিৰ হাৰ হ্ৰাস পালে ৬.৭ শতাংশলৈ... 
অর্থনীতি

দেশৰ GDP ৰ বৃদ্ধিৰ হাৰ হ্ৰাস পালে ৬.৭ শতাংশলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ জি ডি পি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত হ্ৰাস পাইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ দেশৰ জি ডি পিৰ হাৰ হৈছে ৬.৭ শতাংশ।

যোৱা পাঁচটা ত্ৰৈমাসিকৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ জি ডি পিৰ হাৰ এইদৰে হ্ৰাস পাইছে। মন কৰিবলগীয়া যে, যোৱা বিত্তীয় বৰ্ষত প্ৰথম ত্ৰৈমাসিকত জি ডি পিৰ হাৰ আছিল ৮.২ শতাংশ।

জি ডি পিৰ এনে বৰ্ধিত হাৰক লৈ উৎসাহিত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। তাৰোপৰি যোৱা ডিচেম্বৰত এই বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান ৮.৩ শতাংশ প্ৰকাশ পাইছিল। জি ডি পিৰ এনে উৎসাহজনক বৃদ্ধিৰ পূৰ্বানুমানৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল জি ডি পিৰ এই বৃদ্ধিয়ে ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু ক্ষমতাৰ নিদৰ্শন দাঙি ধৰিছে।

কিন্তু জি ডি পিৰ এনে উৎসাহজনক বৃদ্ধিৰ হাৰ বৰ বেছি দিনলৈ বৰ্তি নাথাকিল। শনিবাৰে প্ৰকাশ পোৱা এপ্ৰিল, মে' আৰু জুনৰ বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ। ইয়াৰ পূৰ্বে কেইবাটাও ত্ৰৈমাসিকৰ জি ডি পিৰ বৃদ্ধিৰ হাৰ আছিল ৭ শতাংশৰো অধিক।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত জি ডি পিৰ হাৰ এনেদৰে হ্ৰাস পোৱাৰ আঁৰত কৃষিক্ষেত্ৰত আহি পৰা মন্দা অৱস্থা বুলি উল্লেখ কৰা হৈছে। তথ্য মতে কৃষিক্ষেত্ৰত জি ডি পিৰ বৃদ্ধিৰ হাৰ ৩.৭ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস পাইছে।

উৎপাদন ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ৭ শতাংশৰ কাষত আছে। সেইদৰেই বিদ্যুৎ, গেছ, পানী যোগান আৰু অন্যান্য লাভজনক ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ৮.৬ শতাংশ। ইয়াৰ বিপৰীতে হ্ৰাস পাইছে হোটেল, পৰিবহণ, যোগাযোগ আদি ক্ষেত্ৰৰ বৃদ্ধিৰ হাৰ। এই ক্ষেত্ৰসমূহৰ হাৰ ৪ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে এই বৃদ্ধিৰ হাৰ ৭ শতাংশ কাষত থাকিব বুলি উল্লেখ কৰিছে।