কনক্লেভ ২০২৪

কিম জং উন নে জৰ্জ ছ'ৰজ সৈতে ডিনাৰ ?বিদেশ মন্ত্ৰী জয় শংকৰৰ উত্তৰ ভাইৰেল

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ব্যাপক চৰ্চা চলিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা সাদিন- প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰিছে দ্য কনক্লেভ ২০২৪ৰ।

শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা এই কনক্লেভত প্ৰথমদিনাই অংশ ল’বলৈ আহিছিল বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাই বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক দেশৰ বৈদেশিক নীতি সন্দৰ্ভত এই আলোচনাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ ভূমিকাকলৈ কৰা প্ৰশ্নবোৰৰ ভিতৰত ৰাছিয়া- ইউক্ৰেইনৰ সংঘাত, ইজৰাইল- পেলেষ্টাইনৰ সংঘাত আৰু এই সংঘাত সমাধানত ভাৰতৰ ভূমিকা আদি। দক্ষিণ- পূব এছিয়াৰ ক্ষেত্ৰখনত ভাৰতৰ প্ৰভুত্ব ৰাষ্ট্ৰ সংঘত এতিয়ালৈ ভাৰতে স্থায়ী সদস্য পদ লাভ কৰিব, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমান্তয়েদি বিদেশী ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত দেশৰ বৈদেশিক নীতি, বাংলাদেশৰ পৰিৱৰ্তিত ক্ষমতাৰ প্ৰেক্ষাপটত ভাৰতে গ্ৰহণ কৰিব লগা স্থিতি আদি বিষয়ক প্ৰশ্নৰ উত্তৰ দিছিল বিদেশ মন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানতে শেষৰ ফালে কেইবাটাও বুদ্ধিদীপ্ত প্ৰশ্নৰে ঋষি বৰুৱাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শ’লঠেকত পেলাবলৈ চেষ্টা কৰিছিল। এই প্ৰশ্নকেইটা কৰাৰ পূৰ্বে তেঁও কৈছিল- মই আপোনাক দুটা অপছন দিম। আপুনি যিকোনো এটা উত্তৰ নিৰ্বাচন কৰিব লাগিব। অৱশ্যে এই প্ৰশ্নবোৰৰ উত্তৰ বাবে কোনো পুৰষ্কাৰ নাই।

তাৰ পাছতে তেঁওক সোধা ৰেপিড ফায়াৰৰ প্ৰথমটো প্ৰশ্ন আছিল- এজন ব্যক্তি যিজনৰ সৈতে আপুনি ডিনাৰ কৰিবলৈ আগ্ৰহ ব্যক্ত কৰিব। ব্যক্তি দুজন হ’ল কিং জম উন বা জৰ্জ ছ'ৰজ। প্ৰশ্নটো শুনি একেই বুদ্ধিদীপ্ততাৰে জয় শংকৰে উত্তৰ দিছিল- মই ভাবো এতিয়া নৱৰাত্ৰিৰ সময় আৰু মই উপবাসত আছো।

জয় শংকৰৰ এই বুদ্ধিদীপ্ত উত্তৰ শুনি নতুন দিল্লীৰ দ্য অশোকত অনুষ্ঠিত সাদিন- প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা কনক্লেভৰ দৰ্শক হিচাপে উপস্থিত থকা সকলোৱে হাঁহিছিল আৰু তেঁওৰ এনে বুদ্ধিদীপ্ত উত্তৰৰ বাবে সন্তুষ্টি ব্যক্ত কৰিছিল।