কনক্লেভ ২০২৪

দিল্লীয়ে নহয়, সমগ্ৰ বিশ্বই শুনিলে উত্তৰ- পূবৰ কথা

মৃদুল কুমাৰ সন্দিকৈ

দিল্লীয়েই নহয়, সমগ্ৰ বিশ্বই উত্তৰ- পূৰ্বাঞ্চলৰ সমস্যা আৰু সম্ভাৱনাৰ বিষয়ে অৱগত হ’ব লাগিব। ইয়াৰ বাবে প্ৰয়োজন আছিল এখন এনে মঞ্চ, যিখন মঞ্চত হোৱা আলোচনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

আজিৰ পৰা দুবছৰ পূৰ্বে সেই উদ্দেশ্য আৰু লক্ষ্যৰে সাদিন- প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰিছিল ‘দ্য কনক্লেভ’। মূলতঃ উত্তৰ- পূৰ্বাঞ্চলৰ সমস্যাৰাজি আৰু এই অঞ্চলটোত লুকাই থকা সম্ভাৱনাক আলোকপাত কৰাই এই কনক্লেভৰ মূল লক্ষ্য আছিল। সেই উদ্দেশ্যেই সফলভাৱে দুটা বছৰ সাদিন- প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ ৰাজধানী নতুন দিল্লীত আৰম্ভ হৈছিল ২০২২ বৰ্ষত।

২০২৪ বৰ্ষৰো সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত এই কনক্লেভ ৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ দ্য অশোক হোটেলত অনুষ্ঠিত হয়। ৬ অক্টোবৰত সামৰণি পৰা এই কনক্লেভৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈছিল উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ হৈছিল সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত দ্য কনক্লেভ ২০২৪। তাৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰি সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই এই কনক্লেভৰ লক্ষ্য আৰু উদ্দেশ্যেৰ কথা ব্যাখ্যা কৰিছিল।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসাৰে উপচাই পেলালে সাদিন- প্ৰতিদিন গোষ্ঠীৰ এই উদ্যোগক। এক আঞ্চলিক ভাষাৰ সংবাদ গোষ্ঠীৰ উদ্যোগত এনে পৰ্যায়ত এইধৰণৰ উদ্যোগ গ্ৰহণ কৰাতো সঁচাই আছিল অত্যন্ত প্ৰত্যাহ্বানজনক।

এই কনক্লেভত উপস্থিত থকা নিৰ্বাচিত অতিথি, ইয়াত আলোচনা হোৱাৰ বিষয়সমূহে ৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি গ’ল। দেশৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষপটৰ যিবোৰ বিষয় আলোচনা হ’ল, সেই বিষয়সমূহে বিশ্ব সমুদায়ৰ দৃষ্টি আকৰ্ষণ কৰিলে।

উত্তৰ- পূৰ্বাঞ্চলক প্ৰাসংগিকতা কৰি জলবায়ু পৰিৱৰ্তন, উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজনৈতিক পৰিস্থিতি, সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ পৰিৱৰ্তনকামী চিন্তা আৰু চেতনা, উত্তৰ- পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰতিভা, বিৰোধী ৰাজনৈতিক দলৰ দায়িত্ব আৰু প্ৰাসংগিকতা, দেশত অলিম্পিক আয়োজনৰ সম্ভাৱনা, বিশ্বৰ ক্ষমতাশালী দেশ হিচাপে ভাৰতৰ ভৱিষ্যত, শিশু নিৰ্যাতন আৰু সৰবৰাহৰ ভয়াৱহতা, মহিলা আৰু শিশুৰ অধিকাৰ আদি বহুবোৰ বিষয় এই কনক্লেভত সামৰি লোৱা হয়।

এই কনক্লেভত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈ গ’ল উত্তৰ –পূৰ্বাঞ্চলৰ দিক্ নিৰ্ণয়কাৰী হিচাপে সাদিন- প্ৰতিদিন গোষ্ঠীয়ে কি ধৰণে সাহসী আৰু নিৰপেক্ষ ভূমিকা পালন কৰি আহিছে। সাদিন- প্ৰতিদিন গোষ্ঠীৰ এনে অৱদান কেৱল সংবাদ মাধ্যমৰ বাবেই নহয়, ই যে সমাজ জীৱনৰ বাবে অতুলনীয় সেয়া তেঁও বিনাদ্বিধাই স্বীকাৰ কৰিলে। উত্তৰ- পূব ভাৰতৰ অন্যতম প্ৰভাৱশালী সংবাদ গোষ্ঠীটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া জয়ন্ত বৰুৱাই দৃষ্টিহীনৰ বাবে হেমকোষ ব্ৰেইল প্ৰণয়ন কৰি তেওঁলোকক কি দৰে দৃষ্টি দিলে, সেই কথা তেঁওৰ ভাষণত উল্লেখ কৰিলে।

উত্তৰ- পূৰ্বাঞ্চলক লৈ অত্যন্ত আশাবাদী দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকী। অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে এই অঞ্চলটোত সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাব বুলি তেঁও কোৱাৰ লগতে উত্তৰ- পূৰ্বাঞ্চলক ভাৰতৰ হৃদয় আৰু আত্ম আখ্যা দিয়ে।

কনক্লেভৰ প্ৰথম সত্ৰৰ অতিথি হিচাপে অংশ লৈছিল শান্তিৰ নোবেল বিজয়ী, বিশিষ্ট সমাজকৰ্মী কৈলাস সত্যাৰ্থীয়ে। অতিথিগৰাকীয়ে মহিলা আৰু শিশুৰ অধিকাৰ সন্দৰ্ভত আলোচনাত অংশ লৈ বাল্য বিবাহ আমাৰ বাবে কিমান ডাঙৰ সমস্যা হৈছে, সেয়া উদাহৰণসহ উল্লেখ কৰিলে।

স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত তেঁও ক’লে- বাল্য বিবাহ অসমত যোৱা সময়চোৱাত ৮১ শতাংশ হ্ৰাস পাইছে। বাল্য বিবাহ হৈছে যুৱতী আৰু মহিলাক ধৰ্ষণৰ এক অনুজ্ঞাপত্ৰ। নাৰী হৈছে মা দুৰ্গা- লক্ষ্মী স্বৰূপ, তেওঁলোক কেতিয়াও অপৱিত্ৰ হ'ব নোৱাৰে। যেনেকৈয়ে নহওঁক, ন্যায়- অধিকাৰৰ হকে প্ৰতিবাদ অব্যাহত থাকিব।

এই কনক্লেভ অতি সফলভাৱে সামৰণি পৰিল। সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কনক্লেভখনৰ সফল সামৰণিৰ অন্তত কয়- সাদিন- প্ৰতিদিন গোষ্ঠীৰ উদ্দেশ্য আছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাৰাজিক সবলভাৱে তুলি ধৰা আৰু ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰা। সেই উদ্দেশ্যৰে আয়োজন কৰা দ্য কনক্লেভ ২০২৪ত স্বনামধন্য অতিথিসকলৰ অংশগ্ৰহণেৰে সফল কৰি তুলিলে। পৰৱৰ্তী সময়ত ইয়াতকৈও অধিক সবলভাৱে বিষয়সমূহ তুলি ধৰাৰ প্ৰয়াস সাদিন- প্ৰতিদিন গোষ্ঠীয়ে অৱ্যাহত ৰাখিব বুলি তেঁও জনায়।

আঞ্চলিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ এনে উত্তৰণৰ প্ৰয়োজনীতাৰ কথা উল্লেখ কৰি তেঁও কয়- ৰাজনৈতিক দলসমূহে আঞ্চলিক দলসমূহৰ লগত কিয় মিত্ৰতা কৰে। কিয়নো এতিয়া আঞ্চলিক শক্তি এক প্ৰাসংগিক আৰু শক্তিশালী শক্তি। সংবাদ মাধ্যমৰ ক্ষেত্ৰতো সেয়াই।

কনক্লেভৰ দ্বিতীয় সত্ৰৰ আলোচনাত দেশৰ এগৰাকী অতি প্ৰভাৱশালী বিৰোধী যুৱ ৰাজনৈতিক নেতা শচীন পাইলটে অংশগ্ৰহণ কৰে। মৃণাল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত অংশ লৈ জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজনতাৰ কথা উল্লেখ কৰে পাইলটে।

এজন বিৰোধী পক্ষৰ নেতা হিচাপে শাসকীয় পক্ষৰ বহুবোৰ দুৰ্বল দিশ আঙুলিয়াই দিয়ে তেঁও। শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি তেঁও কয়- বিজেপিয়ে যোৱা লোকসভা নিৰ্বাচনত ৭০আসন হেৰুৱালে, আমি ৫০খন বঢ়ালো। অপেক্ষা কৰক, দেশত আকৌ আহি আছে কংগ্ৰেছৰ চৰকাৰ।

তৃতীয় আলোচনা সত্ৰত মিত্ৰজোটৰ চৰকাৰ, নতুন এন ডি এ আৰু মোডী ৩.০ সন্দৰ্ভত হয় আলোচনা। এই আলোচনাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। কেন্দ্ৰীয় মন্ত্ৰীজনক সোধা হৈছিল মণিপুৰৰ প্ৰসংগ।

আলোচনাত অংশ লৈ ৰিজিজুৱে কোৱা উল্লেখযোগ্য মন্তব্য আছিল- এতিয়া কেন্দ্ৰত উত্তৰ-পূবৰ কথা শুনা এখন চৰকাৰ আছে। ৰাহুল গান্ধীয়ে ২৪ঘন্টাৰ ভিতৰত মণিপুৰত শান্তি কেনেকৈ আনিব, সেয়া সাথঁৰ। আধুনিক অৰুণাচলৰ আধাৰ হৈছে অসম, এই কথা মানিবই লাগিব। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত থকা বান্ধোন কোনো শক্তিয়ে ছিঙিব নোৱাৰে।

চতুৰ্থ আলোচনা সত্ৰত জলবায়ু পৰিবৰ্তনৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈছিল ক্ৰমে বন বিভাগৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া যতীন্দ্ৰ শৰ্মা, TERI ৰ জ্যেষ্ঠ সঞ্চালক ড০ দীপাংকৰ চহৰীয়া, অশোক বিশ্ববিদ্যালয়ৰ ছ'চিয়লজী বিভাগৰ সহযোগী অধ্যাপক ড০ মিতুল বৰুৱা, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক খাম খান হাউছিঙে।

পঞ্চম আলোচনাৰ বিষয় আছিল মণিপুৰ। মণিপুৰৰ সাংসদ বিমল আকৈজামে অংশগ্ৰহণ কৰে এই আলোচনাত। তেঁও আলোচনাত অংশ লৈ কোৱা গুৰুত্বপূৰ্ণ কেইটামান কথা আছিল- ইতিহাসে মনত ৰাখিব, কিদৰে এখন ৰাজ্য জ্বলি থকা অৱস্থাতো এজন প্ৰধানমন্ত্ৰী বিচলিত হোৱাৰ পৰিবৰ্তে বৈদেশিক বিষয়তহে ব্যস্ত আছে। দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিবলৈ সময় নাপায়। এনে অদ্ভুত আচাৰণ ইতিহাসৰ পাতত লিপিবদ্ধ হ'ব।

এই কনক্লেভৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অতিথিগৰাকী আছিল দেশৰ বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ। ভাৰত আৰু চুবুৰীয়া, ভাৰতৰ বৈদেশিক নীতি সন্দৰ্ভত হোৱা আলোচনাৰ আঁত ধৰিছিল প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাই।

বিদেশ মন্ত্ৰী জয় শংকৰে আলোচনাত অংশ লৈ দেশৰ বিদেশ নীতিৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেঁও কয়- ২০৯খন ৰাষ্ট্ৰৰ ভিতৰত আমি কেৱল চীন আৰু আমেৰিকাৰ সৈতে শক্তিৰ তুলনা কৰি থাকিলে নহ’ব। ভাৰত এতিয়া শক্তি, শিক্ষা, মানৱ সম্পদ আদি সকলো দিশতে শক্তিশালী। অৰ্থনৈতিক দিশত আগন্তুক ২টা বছৰৰ ভিতৰত আমি বিশ্বৰ তৃতীয় শক্তিশালী দেশ হিচাপে পৰিণত হ’ম। ইজৰাইলৰ সৈতে আমাৰ সুসম্পৰ্ক থকাৰ অৰ্থ এইটো নহয় যে, আমি পেলেষ্টাইনৰ সমৰ্থনত আমি মাত নামাতিম। উত্তৰ-পূব তথা অসমক লৈ কেন্দ্ৰীয় চৰকাৰে বহু অভিলাষী আঁচনি লৈছে।  শেহতীয়াকৈ তাৰ প্ৰতিফলন ঘটিছে।

দ্বিতীয় দিনাৰ সাদিন- প্ৰতিদিন গোষ্ঠীৰ এই কনক্লেভৰ প্ৰথমখন আলোচনা সত্ৰৰ অতিথি হয়হি দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা। শীলা দিক্ষীত, সুষমা স্বৰাজৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী হোৱা আতিশী তৃতীয়গৰাকী মহিলা। ঘটনাক্ৰমে তেঁওৰ কান্ধত এই গুৰুত্বপূৰ্ণ দায়িত্ব পৰাৰ পাছত সম্ভৱতঃ এইটোৱেই তেঁওৰ কোনো সংবাদ মাধ্যমৰ সৈতে প্ৰথম আলোচনা।

অত্যন্ত মেধৱী আৰু মূল্যবোধৰ ৰাজনীতিৰ অন্যতম প্ৰতিনিধি বুলি চৰ্চিত আতিশীৰ সৈতে এই আলোচনা চক্ৰত কথা পাতে স্মিতাক্ষী বি গোস্বামীয়ে। আলোচনাত অংশ লৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তাৎপৰ্য্যপূৰ্ণ মন্তব্যবোৰৰ ভিতৰত আছিল- বিগত ১০বছৰত দিল্লীত আপৰ চৰকাৰে ২৫লাখ শিশুৰ জীৱন ধাৰণ সলনি কৰিবলৈ সক্ষম হৈছে। এয়া এক ডাঙৰ প্ৰাপ্তি বুলি আমি ভাবো। দিল্লীবাসীয়ে এতিয়া আপৰ বিকল্প নাই বুলি ধৰি লৈছে। ইয়াৰ অন্তৰালত আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কামৰ ৰাজনীতি।

স্মিতাক্ষী বি গোস্বামীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল- দিল্লীত অধ্যয়নৰত উত্তৰ-পূৰ্বৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ কোনো পৰিকল্পনা আছেনে? সেই প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কৈছিল- অচিৰেই উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ সৈতে এক আলোচনাত মিলিত হোৱা চিন্তা-চৰ্চা কৰিছো। এই আলোচনাত আমি সকলোখিনি সমস্যাৰ পুংখানুপুংখ আলোচনা কৰিম।

আনহাতে আলোচনাৰ বিভিন্ন প্ৰসংগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ স্বাস্থ্যখণ্ডক লৈ তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয় যে, অসমৰ তুলনাৰ উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখন কম উন্নত, যাৰ বাবে তেওঁলোকে উন্নত স্বাস্থ্য সেৱা বাবে অসমৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কিন্তু তেনে পৰিৱেশ আমি দেখা নাই। উত্তৰ-পূবৰ প্ৰায় সকলোকেইখন ৰাজ্যই উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ আহে। এয়াও আমাৰ চৰকাৰৰ এক ডাঙৰ কৃতিত্ব।

কনক্লেভৰ দ্বিতীয় দিনাৰ দ্বিতীয়খন আলোচনা সত্ৰৰ অতিথি আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। উত্তৰ পূৰ্বাঞ্চল আৰু আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতাক সামৰি অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰৰ আঁত ধৰিছিল ঋষি বৰুৱাই।

আলোচনাত অংশ লৈ উত্তৰ –পূৰ্বাঞ্চলৰ অন্যতম জনপ্ৰিয় আৰু শক্তিশালী নেতাজনে কয়- উত্তৰ পূৰ্বাঞ্চলত এসময়ত ইতিহাস সৃষ্টি কৰা একাংশ আঞ্চলিক ৰাজনৈতিক দল এতিয়া নিজেই ইতিহাস হৈ পৰিছে। কিন্তু এন পি পিয়ে অঞ্চলটোৰ বহু কেইখন ৰাজ্যত উত্থান ঘটাবলৈ সক্ষম হৈছে।

আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতাৰ কথা তেঁও সবলভাৱে তুলি ধৰে এই আলোচনাত। সেয়েহে তেঁওক সোধা হৈছিল- দেশৰ পৰৱৰ্তী চন্দ্ৰবাবু নাইডু চাংমা হ'বলৈ গৈ আছে নেকি ? প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ৰাজনীতিত কৌশল বেছি গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে প্ৰতিশ্ৰুতি, কষ্ট আদি। বহু দলৰে নিজা চিন্তা, লক্ষ্য, বৈশিষ্ট আছে। সেইবোৰ এটা সময়ত স্তব্ধ হৈ পৰে।

তেঁওৰ সৈতে হোৱা আলোচনাত উত্থাপন হোৱা এটা গুৰুত্বপূৰ্ণ বিষয় আছিল নেডাৰ প্ৰসংগ। সেই সন্দৰ্ভত চাংমাৰ মন্তব্য আছিল- উত্তৰ পূবৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মঞ্চ হৈছে নেডা। ২০১৬ ত গঠন কৰা এই মঞ্চৰ গঠন, লক্ষ্য আৰু ইয়াৰ নেতৃত্বৰ প্ৰসংগত চাংমাই কয়-  ১৫/২০ বছৰৰ পূৰ্বে প্ৰয়াত পি এ চাংমা, জোৰাম থাংগা, নেফিঅ' ৰিঅ' আদিৰ দৰে নেতাসকলে নেডা গঠনৰ চিন্তা কৰিছিল। সকলো একত্ৰিত হোৱাৰো চেষ্টা কৰিছিল। এই অঞ্চলটোৰ বাবে নেডাৰ প্ৰয়োজন আছে। নেডা গঠনৰ চিন্তা এতিয়াৰ চিন্তা নহয়। দীৰ্ঘসময় ধৰি এই চিন্তা আহি আজিৰ পৰ্যায়ত পাইছে।

তেঁও স্বীকাৰ কৰে- সঁচা কথা ক'বলৈ গ'লে আমি নেডাক সঠিক দিশত আগবঢ়াই নিব পৰা নাই। আমি বহু সময়ৰ অন্তত এবাৰ লগ হও আৰু বহু বক্তৃতা দিও। সেয়ে গুৰুত্বপূৰ্ণ হৈছে জটিল সময়ত নেডাৰ নেতৃত্ব একত্ৰিত হ'ব লাগে আৰু আলোচনাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে, ইয়াৰ বিষয়বোৰ তুলি আনি সমাধানৰ চেষ্টা কৰিব লাগে।

ৰাজনীতি, সংস্কৃতি, সামাজিক সমস্যা আদিৰ লগতে ইয়াত আলোচনা হয় ক্ৰীড়া বিষয়ো। ক্ৰীড়া বিষয়ক দ্বিতীয় দিনা কনক্লেভত অনুষ্ঠিত আলোচনাত অতিথি হিচাপে অংশ লয়- অলিম্পিয়ান লাভলীনা বৰগোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অৰ্জুন মাডাথিল ৰামচন্দ্ৰনে। আলোচনাটিৰ আঁত ধৰে শোণিত কুমাৰ ভূঞাই।

অনুষ্ঠানত লাভলীনাই অসমৰ খেলুৱৈয়ে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে আলোপাত কৰে। তেঁওৰ মতে- অসমত সকলোতকৈ ডাঙৰ সমস্যা হৈছে প্ৰশিক্ষকৰ অভাৱ। তেওঁ কয়, মই যেতিয়া ২০১২ ত প্ৰথম ৰাষ্ট্ৰীয় পদক পাইছিলো তাৰ পাছতেই ৰাষ্ট্ৰীয় শিবিৰত প্ৰশিক্ষণৰ সুযোগ পাইছিলো। ৰাষ্ট্ৰীয় শিবিৰত থাকি ভালকৈ প্ৰশিক্ষণ লোৱাৰ বাবেই পৰৱৰ্তী সময়ত হয়তো মই সফল হ'বলৈ সক্ষম হ’লো। কিন্তু অসমৰসকলো খেলুৱৈৰে এটাই প্ৰশ্ন আমি ক'ত শিকিম, প্ৰশিক্ষণ লম? অসমত স্প'ৰ্টছ চেণ্টাৰ বনাবলৈ আৰম্ভ কৰিছে, সুবিধাও দিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰশিক্ষকৰ অসুবিধা।

দ্বিতীয়গৰাকী অতিথি তথা অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয়- লাভলীনাই কোৱাৰ দৰে প্ৰশিক্ষকৰ সমস্যা অতি প্ৰাসংগিক। খেল' ইণ্ডিয়া মিনি চেণ্টাৰ কিছুমান প্ৰাক্তন খেলুৱৈৰ দ্বাৰা পৰিচালিত হৈ আছে। কিন্তু তেওঁলোক প্ৰফেচনেল প্ৰশিক্ষক নহয়।

সেয়ে অসম অলিম্পিক সন্থাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভৰ সম্ভাৱনা থকা যিসমূহ খেল আছে সেইসমূহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈক প্ৰফেচনেল প্ৰশিক্ষক হিচাপে গঢ়াৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ বাবে আমি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, ক্ৰীড়া সন্থাসমূহৰ সৈতে প্ৰাথমিক আলোচনা কৰিছো।

আলোচনাত অংশ লোৱা ভাৰতীয় বেডমিন্টন খেলুৱৈ অৰ্জুন মাডাথিল ৰামচন্দ্ৰনৰ মতে- ক্ৰীড়াত একাগ্ৰতা, কষ্ট আৰু স্থিতপ্ৰজ্ঞ হোৱাতো খুবেই প্ৰয়োজন। তেঁও লগতে উত্তৰ-পূবৰ খেলুৱৈ সকলে লাভলীনাক প্ৰেৰণা হিচাপে ল’বলৈ আহ্বান জনায়। তেঁও দেশৰ খেলুৱৈসকলক ডাঙৰ সপোন দেখাৰ চেষ্টা কৰিবলৈ অনুৰোধ কৰে।

দ্য কনক্লেভ ২০২৪ৰ দ্বিতীয় দিনা আলোচনা হোৱা অন্যতম গুৰুত্বপূৰ্ণ বিষয় আছিল- ব্ৰেকিং নিউজ, সংবাদ মাধ্যমৰ ভূমিকা আৰু প্ৰত্যাহ্বান। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনাত অংশগ্ৰহণ কৰে দেশৰ বিশিষ্ট ৰাজনৈতিক কৰ্মী তথা স্বৰাজ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক যোগেন্দ্ৰ যাদৱ, শ্বিলং টাইমছৰ সম্পাদক পেট্ৰিচিয়া মুখিম, 4PM NEWSৰ সম্পাদক সঞ্জয় শৰ্মা আৰু ইষ্ট ম’জোৰ মুখ্য সম্পাদক কৰ্মা পালজোৰে। আলোচনাৰ আঁত ধৰে নন্দিনীৰ সম্পাদক মাইনী মহন্তই।

আলোচনাত অংশ লৈ ভালেকেইটা দিশ উনুকিয়াই দিয়ে যোগেন্দ্ৰ যাদৱে। সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ চৰিত্ৰ সন্দৰ্ভত তেঁও কয়- আজিৰ সংবাদ মাধ্যমে প্ৰায়ে ভুল তথ্য প্ৰচাৰ কৰে। সংবাদ মাধ্যমে ভালকৈয়ে জানে তেওঁলোকে কি কৰি আছে কিন্তু তাৰ পাছতো বিভাজনমূলক নীতিয়েই অনুসৰণ কৰি আছে।

তেওঁ লগতে ২০১৪ ৰ পাছত সংবাদ মাধ্যমৰ ওপৰত হোৱা হস্তক্ষেপৰ কথাও আলোচনাত উল্লেখ কৰে। সংবাদ মাধ্যমক সাৱধান বাণী দি কয়- শাসকীয় পক্ষৰ সৈতে খোজ মিলাই বিৰোধী দলক আক্ৰমণ কৰাৰ একাংশ সংবাদ মাধ্যমৰ যি প্ৰৱণতা গঢ় লৈ উঠিছে সেই প্ৰৱণতাই ভৱিষ্যত চৰকাৰৰ বাবে এক বিপদ কঢ়িয়াই আনিব।

ইয়াৰোপৰি যাদৱে সাংবাদিকতাৰ ওপৰত কৰ্পোৰেট খণ্ডৰ বৰ্ধিত প্ৰভাৱৰ সন্দৰ্ভত সতৰ্কতা প্ৰদান কৰি কয়- অসমৰ ডিমা হাচাও জিলাত ৯০০০ বিঘা ভূমি অধিগ্ৰহণৰ বিষয়ে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে। তেওঁ এই কথা উল্লেখ কৰি কয় স্থানীয় লোকসকলহে এই বিষয়টো তুলি ধৰিব লগা হ’ল? কিয় এইটো ৰাষ্ট্ৰীয় বাতৰি নহ’ল?

উল্লেখযোগ্য যে এই সন্দৰ্ভত বিস্তৃত খবৰ অসমীয়া প্ৰতিদিন ডিজিটেল আৰু অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছিল। উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা পেট্ৰিছিয়া মুখিমে আলোচনাকালত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰে।

তেওঁ অভিযোগ কৰি কয় যে এই দেশে সঁচাকৈয়ে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক গুৰুত্ব নিদিয়ে। তেওঁলোকৰ বাবে আমি কেৱল সম্প্ৰসাৰিত এক অঞ্চল। এই অঞ্চলটোত ৰোমাণ্টিক কৰি তোলাৰ পদ্ধতিক সমালোচনা কৰি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মীৰ দৰে শব্দ ব্যৱহাৰ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক প্ৰভাৱিত কৰা বিষয়বোৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সঠিকভাৱে বাতৰি পৰিবেশন নকৰাক লৈ হতাশা আৰু অসন্তুষ্ঠি ব্যক্ত কৰে।

ইষ্ট মোজোৰ মুখ্য সম্পাদক কৰ্মা পালজৰে সংবাদ মাধ্যম কোৰ্পোৰেট খণ্ডৰ হাতলৈ যোৱাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কয়, প্ৰায় সকলো ঠাইতে এতিয়া সংবাদ মাধ্যমৰ মৃত্যু হৈছে। তেওঁ লগতে আজিৰ সাংবাদিকতাই যি সময় পাৰ কৰি আহিছে সেয়া জনসম্পৰ্কতকৈ অলপ বেছি। তেওঁ কয়- আমি যি উদ্দেশ্যৰে সাংবাদিকতাৰ সৈতে জড়িত হৈছিলো সেই উদ্দেশ্যৰ পৰা আঁতৰি আহিছো। যদি দৰমহাৰ বাবে সাংবাদিকতা কৰি আছে তেন্তে কেৰিয়াৰ সলনি কৰা উচিত।

পালজৰে সাংবাদিকতাৰ অৱনতিক জলবায়ু পৰিবৰ্তনৰ সৈতে তুলনা কৰিলে। তেওঁ কয়- সাংবাদিকতাৰো জলবায়ু পৰিবৰ্তন হৈছে। সাংবাদিতাৰ নামত কোনেও আৰু নৈতিকভাৱে উচ্চ স্থান অধিকাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰখনৰ সৈতে জড়িত বহু লোকৰ বিলাসী জীৱন শৈলীকো তেওঁ সমালোচনা কৰে। তেওঁ কয়- এইসকলৰ এনে বিলাসী আচৰণে সাংবাদিকতাৰ ক্ষেত্ৰখনক কলুষিত কৰিছে।

এই আলোচনাত বিকল্প সংবাদ মঞ্চৰ বিষয়েও আলোচনা হয়। এই ক্ষেত্ৰত পূৰ্বৰ এন ডি টিভিৰ সম্পাদক ৰবিশ কুমাৰ ইউটিউবাৰ ধ্ৰুৱ ৰাথিৰ দৰে ব্যক্তিয়ে স্বতন্ত্ৰ মাধ্যমেৰে কথা উল্লেখ কৰে। যোগেন্দ্ৰ যাদৱে এনে বিকল্প ভূমিকাৰ কথা স্বীকাৰ কৰি সংবাদ মাধ্যমে জনসাধাৰণৰ বিশ্বাস ঘূৰাই আনিবলৈ সংবাদ মাধ্যমৰ দৃশ্যপট সলনি কৰিব লাগিব বুলিও মন্তব্য কৰে।

আনহাতে ডিজিটেল মাধ্যমৰ উত্থান আৰু ফেক্ট চেকৰ ব্যৰ্থতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে পেট্ৰেছিয়া মুখিমে। তেওঁ কয় আজি ইউক্ৰেইনত কি চলি আছে সেই বিষয়ে জানিবলৈ আপুনি টিভি অন কৰিব নালাগে। কিন্তু ডিজিটেল মিডিয়াই যিবোৰ প্ৰচাৰ কৰি আছে সেয়া সঠিক আৰু শুদ্ধনে সেই তথ্য পৰীক্ষা কৰে কোনে ?

অৱশ্যে আলোচকসকলে এই ক্ষেত্ৰত সহমত পোষণ কৰে যে সংবাদ মাধ্যমৰ ভৱিষ্যত এতিয়া ডিজিটেল মিডিয়াৰ হাতত। কোৰ্পৰেট গোষ্ঠীৰ প্ৰভাৱৰ পৰা ইয়াক মুক্ত কৰি জনমুখী কৰিবলৈ হ’লে নব্য এই সংবাদ মাধ্যমক আমি পৰিশোধিত ৰূপত তুলি ধৰিব লাগিব।

আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু সম্ভাৱনাকলৈ অনুষ্ঠিত আলোচনা সত্ৰত অংশ লয় লুৰীণজ্যোতি গগৈ, দিলীপ শইকীয়া, অখিল গগৈ আৰু প্ৰমোদ বড়োৱে। নিতুমণি শইকীয়াই আঁত ধৰা এই আলোচনা আছিল উপস্থিত দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বড়োসকলৰ সংগ্ৰাম আৰু ত্যাগৰ পাছত এতিয়া বি টি আৰলৈ শান্তি ঘূৰি অহাৰ কথা উল্লেখ কৰে।

তেঁও কয়- ৫হাজাৰ শ্বহীদৰ আত্মবলিদানৰ পাছত সেই ত্যাগৰ মূল্যায়নেৰে বড়োভূমিক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ মতে- বেলেগক দোষাৰোপ কৰাতকৈ আমি নিজৰ সমস্যা সমাধান কেনেকৈ কৰিব লাগে তাৰ ওপৰতহে গুৰুত্ব দিব লাগে। আ়ঞ্চলিকবাদৰ কথা কৈ, নিজৰ মানুহৰ বাবে কাম কৰিব নোৱাৰিলে কথা কৈ একো লাভ নাই।

অসমৰ বাবে চিন্তা বেলেগে আহি নকৰে, আমি অসমত থকা মানুহখিনিয়েই অসমৰ বাবে চিন্তা কৰিব লাগিব। দিল্লীত কোনে কি কৰিছে মোৰ দৰকাৰ নাই, মোৰ বিটিচিৰ মানুহখিনিৰ স্বাৰ্থ পূৰণ হ'ব লাগে। অখিল গগৈয়ে গোটেই জীৱনটো চিঞৰি থাকিব নে, ৰাজ্যৰ বাবে কিবা কাম কৰিব? আজিৰ অসমৰ সমস্যাৰ সন্দৰ্ভত সকলো বহি আলোচনা কৰাৰ পৰিৱেশেই নাই, সকলো নিজৰ অংকত ব্যস্ত।

আঞ্চলিকতাবাদৰ গুৰুত্ব ভাৰতীয় ৰাজনীতিত আছে আৰু থাকিব বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়- জোন-বেলি-তৰাৰ দৰে এটা কথা সত্য যে, আমি দিল্লীৰ পৰা আজিও উপেক্ষিত হৈ আছো। অসম গণ পৰিষদৰ চিঞৰ দিল্লীত থকা নৰেন্দ্ৰ মোডীৰ কাণত নপৰেহি। ৮৫৫জন ছহিদৰ বলিদানেৰে অসম গণ পৰিষদ জন্ম হৈছিল, তথাপিও কাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে তেওঁলোকে। জাতিৰ স্বাৰ্থত যদি চৰকাৰে কাম কৰে, তেন্তে আমাৰ সমৰ্থন তেওঁলোকলৈ সদায়েই থাকিব।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে এই মঞ্চতো। তেঁও বিজেপিয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰাত সদায় বিজেপি চেম্পিয়ন বুলি কটাক্ষ কৰে দলটোক। এতিয়াৰ উগ্ৰ জাতীয়তাবাদীসকল বিজেপিৰ সাৰ পানী লৈ জীয়াই আছে বুলি কয় অখিল গগৈয়ে।

লগতে তেঁও কয়- হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুবলৈ যোৱাৰ সময়তো হিন্দু-মুছলমানৰ কথা কয়। আঞ্চলিক দল নহয়, আঞ্চলিক স্বাৰ্থক আমি প্ৰতিনিধিত্ব কৰো। এক দেশ- এক নিৰ্বাচন আনিলে বিজেপিয়ে ৰাতিটোৰ ভিতৰতে সংবিধান সলনি কৰিব দিব পাৰে। অসমীয়া জাতি, ভাষাক নিঃশেষ কৰিবলৈ চেষ্টা কৰোতেই আমি ৰাজনৈতিক দলৰ জন্ম দিছিলো। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমাৰ কংগ্ৰেছৰ সৈতে সহৱস্থান কৰা বুলিও তেঁও স্বীকাৰ কৰে।

আলোচনাত অংশ লোৱা বিজেপি সাংসদ দিলীপ শইকীয়াক মণিপুৰৰ প্ৰসংগত সমালোচনা কৰে উপস্থিত আন আলোচকসকলে। বিজেপি সাংসদগৰাকীয়ে আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি কয়- মণিপুৰৰ ক্ষেত্ৰত তেঁওলোক বেকফুটত আছে। লগতে অসমৰ আঞ্চলিকতাবাদৰ পোষকতা কৰা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে কিয় পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰিব লগা হ’ল বুলি প্ৰশ্ন তোলে।

অখিল গগৈয়ে এই আলোচনাকালতে জানিবলৈ দিয়ে যে দুয়োটা দল এক হ’বলৈ প্ৰস্তাৱ দি তেঁও অসম জাতীয় পৰিষদলৈ ইতিমধ্যে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। এই আঞ্চলিকতাবাদৰ ওপৰত হোৱা আলোচনা আছিল যথেষ্ট প্ৰাসংগিক আৰু যুক্তিপূৰ্ণ।

দ্য কনক্লেভ ২০২৪ৰ অন্তিম আলোচনাৰ বিষয় আছিল সাংস্কৃতিক বিষয়ক। নিতুমণি শইকীয়াই আঁত ধৰা অন্তিম আলোচনা সত্ৰৰ আলোচক হিচাপে আছিল ক্ৰমে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক-সমালোচক উৎপল বৰপূজাৰী, গায়ক জয় বৰুৱা আৰু চলচ্চিত্ৰ নিৰ্মাতা ডমিনিক চাংমা আৰু কল্যাণ বৰুৱা।

প্ৰসংগক্ৰমে আলোচনাত আলোচিত হয় বিদূৰভাই ছবিৰ কথা। দৰ্শকৰ সন্দৰ্ভত হোৱা আলোচনাত মন্তব্য কৰি উৎপল বৰপূজাৰীয়ে কয়- 'চিনেমা এখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নিৰ্মাতাৰ এক নিজা দৃষ্টি থাকে। কিছুমান চিনেমা নিৰ্মাণ কৰে সৃ্ষ্টিৰ তাড়নাত। 'বিদুৰভাই'ৰ দৰে চিনেমা নিৰ্মাণ কৰোঁতে নিৰ্মাতাই জানে এইখন অসমতে চলিব। কিন্তু 'হালধীয়া চৰায়ে বাওঁ ধান খায়', 'ভিলেজ ৰকষ্টাৰ'ৰ দৰে চিনেমা নিৰ্মাণ কৰোঁতে কোনেও নাভাবে তেওঁৰ বজাৰ কি হ'ব।'

এই অনুষ্ঠানত বিশ্বৰ দৰ্শকৰ কাষ চাপিবলৈ লক্ষ্য, স্পৃহা, সৃজনশীলতাৰ কোনবোৰ সমলৰ প্ৰয়োজন সেই সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনা হয়। বৰপূজাৰীৰ মতে- স্থানীয় বিষয় এটাক গোলকীয় দৰ্শকৰ কাষলৈ লৈ যাবলৈ হ'লে সেই বিষয়ৰ সাৰ্বজননীতা থাকিব লাগিব। 'ভিলেজ ৰকষ্টাৰ'ত সেই সাৰ্বজননীতা আছিল। নিৰ্মাতাৰ সৃজনশীলতা বা ক্ৰিয়েটিভি আছে নে নাই সেয়া দৰ্শকে বিচাৰ কৰিব।

সংগীত শিল্পী জয় বৰুৱাই এগৰাকী ব্যক্তিৰ নিচা আৰু পেছাৰ মাজত এক ভাৰাসাম্য থাকিব লাগে মন্তব্য কৰে। তেঁওৰ মতে- এই ভাৰাসাম্যই গান বা তেনে সৃষ্টিশীল কাম এটাক অধিক সুন্দৰ কৰি তোলে। বহুতেই মোক ৰক শিল্পী বুলি কয়। কিন্তু মই সংগীতৰ সকলো বিষয় জানো। ক’ত বিহু কৰিব লাগে ক’ত ক্লাছিকেল কৰিব লাগে মই জানো। অৱশ্যে মই নিজেই ৰক ভালপাওঁ।

মেঘালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ চিত্ৰ নিৰ্মাতা ডমিনিক চাংমাই তেঁওৰ যাত্ৰাৰ সন্দৰ্ভত কয়- মই মেঘালয়ৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহিছো। পাহাৰৰ ওপৰত থকা মোৰ ঘৰৰ পৰা তললৈ নামি স্কুললৈ যোৱাৰ বাবে প্ৰায় ৫ কিলোমিটাৰ খোজ কাঢ়িব লাগিছিল।

স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত মই বিভিন্ন কাহিনী কল্পনা কৰিছিলো। এই কল্পনাত মই কেতিয়াবা নিজেই খলনায়ক হৈছিলো, কেতিয়াবা কিছু পৃষ্ঠভূমি তৈয়াৰ কৰি নতুন কাহিনী সৃষ্টি কৰিছিলো। এনেকৈয়ে পাহাৰলৈ উঠি যোৱাৰ গোটেই পথৰ দুখ, ভাগৰ পাহৰি গৈছিলো। সেইবোৰ কাৰকে মোৰ মনত ছবি নিৰ্মাণৰ হয়তো বীজ ৰোপণ কৰিছিল।

কল্যাণ বৰুৱাই বিশ্ব দৰ্শকক স্পৰ্শ কৰিবলৈ আমি কি কৰিব পাৰো সেই সন্দৰ্ভত নিজা ৩০ বছৰৰো অধিক অভিজ্ঞতাৰ বিষয়ে কয়। তেঁওৰ মতে- প্ৰথমেই লাগিব 'পেছন'। মনে যি বিচাৰে সেয়া কৰিব লাগে। কেতিয়াবা কিছু কাম প্ৰফেচনেল কাৰণত কৰো। কিন্তু সেই কাম কৰিবলৈকো নিজৰ বিশ্বাস, স্পৃহা থাকিব লাগিব। সংগীত, চিনেমাৰ কোনো ভাষা নাই।

এই কনক্লেভত প্ৰতিটো আলোচনা চক্ৰতে তাত উপস্থিত থকা দৰ্শকে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। অতি চিন্তাপুষ্ট আৰু মানসম্পন্ন আছিল আলোচনা সত্ৰবোৰ। তাত অংশ লোৱা আলোচকসকলো আছিল সমানেই অধ্যয়নপুষ্ট, প্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী। তেঁওলোকৰ বক্তব্যই সমাজ জীৱনত প্ৰভাৱ পেলোৱা আৰু প্ৰতিটো বিষয়ৰ এক দিক্ নিৰ্ণয়কাৰী সিদ্ধন্ত আছিল এই কনক্লেভৰ অন্যতম সফলতাৰ দিশ।

প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে কনক্লেভত হোৱা আলোচনাৰ বিষয়সমূহ। ঋষি বৰুৱাই বিদেশ মন্ত্ৰী এছ জয়শংকৰক সোধা কেইবাটাও প্ৰসংগ প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰিৰ শিৰোণাম হৈছে। তাৰ ভিতৰত ভাৰতে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত কেতিয়া স্থায়ী পদ লাভ কৰিব, ভাৰতৰ বৈদেশিক নীতি আদি বিষয়বোৰ উল্লেখযোগ্য ।

এইদৰে সমাপ্ত হয় সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত দ্য কলক্লেভ ২০২৪ৰ দুদিনীয়া কাৰ্যসূচী। উত্তৰ- পূৰ্বাঞ্চলৰ ছাত্ৰ- ছাত্ৰী, সমাজকৰ্মী, বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত লোকে এই কনক্লেভত উপস্থিত থাকি ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰে।

কেৱল বাতৰি পৰিৱেশনকে দায়িত্ব হিচাপে নলৈ উত্তৰ- পূৰ্বাঞ্চলৰ সমস্যাৰাজি আৰু সম্ভাৱনাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেদৰে তুলি ধৰাৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰয়াসক সকলোৱে সন্তুষ্টি ব্যক্ত কৰাৰ লগতে শলাগ লয়।