'নেডা ব্যৰ্থ হৈছে, সঠিক দিশত আগবাঢ়িব পৰা নাই'- কনৰাড চাংমাৰ ৰাজনৈতিক বিস্ফোৰণ  
কনক্লেভ ২০২৪

'নেডা ব্যৰ্থ হৈছে, সঠিক দিশত আগবাঢ়িব পৰা নাই'- কনৰাড চাংমাৰ ৰাজনৈতিক বিস্ফোৰণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'ৰাজনীতি ব্যক্তিগত উচ্চকাংক্ষাৰ বাবে নহয়। সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কি কৰাৰ প্ৰয়োজন, আমাৰ অঞ্চলটোক আমি কি পৰ্যায়ত চাব বিচাৰো, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলে কি ভূমিকা পালন কৰিব পাৰে সেয়াহে আমাৰ বাবে গুৰুত্বপূৰ্ণ। যদি আমাৰ মন আৰু মগজু সঠিক দিশত থাকে তেন্তে সফলতা, ক্ষমতা এই সকলোবোৰে আমাক অনুসৰণ কৰিব।'

দ্য কনক্লেভৰ দ্বিতীয়টো দিনৰ দ্বিতীয়খন আলোচনাত অংশগ্ৰহণ কৰি এইদৰে কয় মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি পিৰ সভাপতি কনৰাড চাংমাই। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা এই আলোচনা চক্ৰত চাংমাৰ ৰাজনৈতিক সফলতাৰ আঁৰৰ ৰহস্যৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয়।

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ক্ষমতা আহিব আৰু যাব। সেই বিষয়ত আমাৰ নিয়ন্ত্ৰণত নাই। সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কি কৰাৰ প্ৰয়োজন, আমাৰ অঞ্চলটোক আমি কি পৰ্যায়ত চাব বিচাৰো, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা কি হ'ব সেইবোৰ বিষয়কহে মই গুৰুত্ব দিওঁ।

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি এ চাংমাৰ পুত্ৰ হোৱাৰ বাবে কনৰাড চাংমাই কেনেধৰণৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত চাংমাই কয়, এটা ৰাজনৈতিক পৰিয়ালৰ পৰা অহাৰ বাবে যুৱ অৱস্থাতে ৰাইজৰ মাজত সোমাই পৰিছিলো। মানুহৰ লগত কেনেকৈ মিলি থাকিব লাগে, কথা পাতিব লাগে প্ৰয়াত পিতৃৰ পৰা শিকিছিলো। তেওঁ মানুহৰ সৈতে কথা পাতিলে অনবৰতে মুখত এটা হাঁহি লৈ আছিল। সেইবোৰ দিশে মোক প্ৰভাৱিত কৰিছিল।

তেওঁ পুনৰ কয়, ৰাজনৈতিক চিন্তাৰ ক্ষেত্ৰত মোৰ ওপৰত তেওঁৰ যথেষ্ট প্ৰভাৱ আছে। তেওঁ ৰাজনীতিৰ সাধাৰণ ধাৰণা আমাৰ মনত ৰোপণ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত তেওঁ বছৰ বছৰ ধৰি যি সাংগঠনিক ভেঁটি গঢ়িলে সেয়া আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ৰাজনৈতিক পৰিয়ালৰ হোৱাৰ বাবেই আমাৰ ওপৰত যথেষ্ট চাপো থাকে। তেওঁৰ বাবেই আমাৰ ওপৰতো মানুহৰ বহু আশা আছে। তেওঁৰ সৈতে আমাৰ তুলনা হয়। কিন্তু তেওঁ আমাতকৈ বহু ওপৰত। তেওঁৰ দক্ষতা অতি উচ্চ মানৰ আছিল।

উত্তৰ পূৰ্বাঞ্চলত এসময়ত ইতিহাস সৃষ্টি কৰা একাংশ আঞ্চলিক ৰাজনৈতিক দল এতিয়া নিজেই ইতিহাস হৈ পৰিছে। কিন্তু এন পি পিয়ে অঞ্চলটোৰ বহু কেইখন ৰাজ্যত উত্থান ঘটাবলৈ সক্ষম হৈছে। দেশৰ পৰৱৰ্তী চন্দ্ৰবাবু নাইডু চাংমা হ'বলৈ গৈ আছে নেকি? এনে এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ৰাজনীতিত কৌশল বেছি গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে প্ৰতিশ্ৰুতি, কষ্ট আদি। বহু দলৰে নিজা চিন্তা, লক্ষ্য, বৈশিষ্ট আছে। সেইবোৰ এটা সময়ত স্তব্ধ হৈ পৰে।

বৰ্তমান বিধায়কৰ অহা-যোৱা, দলীয় কৰ্মীৰ এৰা-ধৰা আদি অনেক সমস্যা, প্ৰত্যাহ্বানৰ সময়ত ৰাজনীতিত উত্থান, পতন হৈছে। এনে সময়ত কেনেধৰণৰ প্ৰতিশ্ৰুতি দেখুৱাইছে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই কথা উল্লেখ কৰি চাংমাই কয়, পি এ চাংমাৰ গাত সেই প্ৰতিশ্ৰুতি দেখিছিলো। মই তেওঁৰ পৰা সেইবোৰ শিকিছো। যিয়েই প্ৰত্যাহ্বান নাহক কিয় আমি আমাৰ কাম কৰি যাম। আমাৰ কামক লৈ আমি দায়বদ্ধ।

তেওঁ পুনৰ কয়, চন্দ্ৰবাবু নাইডু দেশৰ ৰাজনীতিৰ এগৰাকী ডাঙৰ নেতা। তেওঁৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। অন্ধ্ৰপ্ৰদেশলৈ, হায়দৰাবাদলৈ তেওঁ যি পৰিবৰ্তন আনিলে, তেওঁৰ যি লক্ষ্য লৈছে সেয়া সঁচাকৈয়ে স্বীকাৰ কৰিবলগীয়া। তেওঁৰ সৈতে মোৰ দৰে এজনক তুলনা কৰা বিষয়টো যথোচিত নহয়।

মেঘালয়ত চৰকাৰ গঠন কৰাৰ উপৰিও মণিপুৰ, অৰুণাচল আৰু নাগালেণ্ডতো প্ৰৱেশ কৰা এন পি পিয়ে অসমত সক্ৰিয় ভাৱে ৰাজনৈতিক কামকাজ কেতিয়া আৰম্ভ কৰিব? এই প্ৰশ্নত তেওঁ কয়, অসম উত্তৰ পূবৰ এখন বহু ডাঙৰ ৰাজ্য। বহু বিষয় ইয়াৰ সৈতে জড়িত হৈ আছে। অসমত দলীয় কাম কৰিবলৈ বাবে এক সঠিক পৰিকল্পনা লাগিব। মই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। দলে যোৱা ৬/৭ বছৰত বহু উন্নতি কৰিছে। এয়া ইমান সহজ নহয়।

তেওঁ কয়, ৰাজনীতিত সময় অতি গুৰুত্বপূৰ্ণ। আমি সঠিক সময়লৈ অপেক্ষা কৰিছো। উদাহৰণ হিচাপে, মণিপুৰলৈ লক্ষ্য কৰিব পাৰে। ২০১৭ ত তেতিয়া আমি ৪ জন বিধায়ক পাইছিলো। সেইবাৰ ইউ পি এৰ প্ৰায় ২৮ জন, এন ডি এৰ ২৮ জন বিধায়ক আছিল আৰু এন পি পিৰ ৪ জন বিধায়ক আছিল। সেই সময়ত এন পি পি যাৰ কাষলৈ যাবলৈ বিচাৰে তেওঁলোকেই চৰকাৰ গঠন কৰিব পৰা এক পৰিবেশৰ সৃষ্টি হৈছিল।

২০২২ ৰ নিৰ্বাচনত আমি ৭০ শতাংশ ভোট লাভ কৰাৰ লগতে ৭ জন বিধায়ক পালো। কিন্তু আমি চৰকাৰ গঠনত কোনো ভূমিকা ল'ব নোৱাৰিলো। কাৰণ সময়, আৰু পৰিস্থিতি। সেয়ে আমি সময়লৈ অপেক্ষা কৰিছো। কেনেকৈ গোটেই উত্তৰ পূৰ্বাঞ্চলক আমি সামৰি ল'ব পাৰো, অসমতো আমাৰ কামকাজ আৰম্ভ কৰিব পাৰো তাৰ বাবে সঠিক সময়লৈ অপেক্ষা কৰিছো।

উত্তৰ পূবৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মঞ্চ হৈছে নেডা। ২০১৬ ত গঠন কৰা এই মঞ্চৰ গঠন, লক্ষ্য আৰু ইয়াৰ নেতৃত্বৰ প্ৰসংগত চাংমাই কয়-  ১৫/২০ বছৰৰ পূৰ্বে প্ৰয়াত পি এ চাংমা, জোৰাম থাংগা, নেফিঅ' ৰিঅ' আদিৰ দৰে নেতাসকলে নেডা গঠনৰ চিন্তা কৰিছিল। সকলো একত্ৰিত হোৱাৰো চেষ্টা কৰিছিল। এই অঞ্চলটোৰ বাবে নেডাৰ প্ৰয়োজন আছে। নেডা গঠনৰ চিন্তা এতিয়াৰ চিন্তা নহয়। দীৰ্ঘসময় ধৰি এই চিন্তা আহি আজিৰ পৰ্যায়ত পাইছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃৰাজ্যিক বিভিন্ন বিষয়, লক্ষ্য, গোষ্ঠী আদিৰ মাজত প্ৰাৰ্থক্য আছে যদিও বৃহত্তৰ উত্তৰ পূবৰ বাবে ইয়াৰ প্ৰয়োজন আছে। নেডা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত হৈ আছে। নেডাক কোনে নেতৃত্ব দি আছে সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ প্ৰভাৱ আৰু কাৰ্যকৰীতা হে গুৰুত্বপূৰ্ণ।

সঁচা কথা ক'বলৈ গ'লে আমি নেডাক সঠিক দিশত আগবঢ়াই নিব পৰা নাই। আমি বহু সময়ৰ অন্তত এবাৰ লগ হও আৰু বহু বক্তৃতা দিও। সেয়ে গুৰুত্বপূৰ্ণ হৈছে জটিল সময়ত নেডাৰ নেতৃত্ব একত্ৰিত হ'ব লাগে আৰু আলোচনাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে, ইয়াৰ বিষয়বোৰ তুলি আনি সমাধানৰ চেষ্টা কৰিব লাগে।

বাৰিষাৰ সময়ছোৱাত গুৱাহাটীৰ বানপানীৰ বাবে ইউ এছ টি এমক জগৰীয়া কৰি অসমত এক বিশেষ পৰিস্থিতিৰ সূচনা হৈছিল। এই শিক্ষানুষ্ঠানখন নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে সকলো বিষয় পৰীক্ষা কৰিছিল নে? ইয়াৰ বাবে প্ৰয়োজনীয় অনুমতি তেওঁলোকে লাভ কৰিছিল নে? এনে এক প্ৰশ্নত চাংমাই কয়, ইউ এছ টি এমৰ প্ৰয়োজনীয় সকলো অনুমতি আছে। বিশ্ববিদ্যালয়খনে বহু ভাল কাম কৰি আছে।তেওঁলোক আমাৰ ৰাজ্যৰ অন্যতম মৰ্যদাসম্পন্ন উচ্চ শিক্ষানুষ্ঠান। বাকীবোৰ বিষয় পৃথক কথা। বিতৰ্ক কৰিব পাৰে আলোচনা কৰিব পাৰে। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে। মই তেওঁলোকক এনে ভাল কামৰ বাবে শুভেচ্ছা জনাইছো।

এই আলোচনাত মেঘালয়ৰ কয়লা খননৰ বিষয়টোক লৈ চলি অহা বিতৰ্কয়ো স্থান লাভ কৰে। এই সন্দৰ্ভত চাংমাই কয়, মেঘালয়ত কয়লা খনন পৰম্পৰাগতভাৱে চলি আছে। শতিকাজুৰি স্থানীয় লোকসকলে তেনেকৈ কাম কৰি আহিছে। ২০১৪ তহে এয়া বিজ্ঞান সন্মত নহয় বুলি ক'লে। ২০১৪ ৰ পূৰ্বে বিজ্ঞানসন্মত হয় নে নহয় তাক লৈ কোনো সমস্যা নাছিল।

মোৰ কথা হ'ল, জলবায়ু পৰিবৰ্তনৰ বাবে এতিয়া বহু সংগঠন আহিছে আৰু বহু কথা কৈছে। বছৰ বছৰ ধৰি মেঘালয়ৰ কয়লা খনন চলি আহিছে। তেতিয়া কোনো সমস্যা নাছিল। ২০১৪ ৰ এই সিদ্ধান্ত শুদ্ধ নহয় আৰু উচিত। কোনোবাই ১০০ বছৰ ধৰি কিবা এটা কৰি আহিছে আৰু লাখ লাখ জীৱন ইয়াৰ বাবে দায়ীত্বশীল হৈ আছে। যদি সেই পদ্ধতিত কিবা ভুল আছিল তেন্তে সেই ভুলক শুদ্ধ কৰিবলৈ ন্যায় সংগত ভাৱে কিছু সময় দিব লাগিছিল। ২০১৪ ৰ সিদ্ধান্তই কেৱল কেৱল স্থানীয় লোককেই ক্ষতি কৰা নাই, ৰাজ্যৰ ৰাজহতো প্ৰভাৱ পেলাইছে। আমি ৫/৬ বছৰ ইয়াক ভূগিছো। আমি উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ গৈছো। এতিয়া বিজ্ঞানসন্মতভাৱে খননৰ বাবে আবেদন কৰিব পাৰে। কিন্তু তাতো জটিলতা বহু আছে।

শেহতীয়াকৈ শ্বিলঙত এক সাংগীতিক পৰিবেশৰ সূচনা হৈছে। দেশী, বিদেশী সংগীত শিল্পী, বেণ্ড আদিৰ আগমণ ঘটিছে। দেশ, বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে শ্বিলং। এইদৰে শ্বিলংক মিউজিক হাব অফ ইণ্ডিয়া হিচাপে গঢ়িবলৈ এক পদ্ধতিগতভাৱে মেঘালয়ে কাম কৰি আছেনেকি? শ্বিলঙৰ পৰ্যটনক সংগীতৰ সৈতে মাৰ্কেটিং কৰাৰ এই চিন্তা কেনেকৈ আহিল?

এই প্ৰশ্নৰ উত্তৰত চাংমাই কয়, পৰ্যটন উদ্যোগ প্ৰকৃতিৰ সৈতে জড়িত অতি সংবেদনশীল উদ্যোগ। কোভিডৰ সময়ত সকলোৱে দেখিছিল আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল পৰ্যটন উদ্যোগ। আটাইতকৈ পাছত মূৰ দাঙি থিয় হোৱা উদ্যোগো আছিল পৰ্যটন।

পৰ্যটনৰ ক্ষেত্ৰত কোনোৱে ক'ব নোৱাৰে যিকোনো এটা কৌশল দীৰ্ঘসময়ৰ বাবে বহনক্ষম হৈ থাকিব। অৱশ্যে বহনক্ষমতাই পৰিৱৰ্তন আনিব পাৰে, ভাৰাসাম্য ৰক্ষা কৰিব পাৰে। পৰ্যটনক অধিক গুৰুত্ব দিবলৈ সংগীতেই আমাৰ একমাত্ৰ মাধ্যম নহয়। সংগীত বিভিন্ন মাধ্যমৰ এটা মাধ্যমহে। সংগীতৰ ক্ষেত্ৰত শ্বিলং এটা ব্ৰেণ্ড হৈ পৰিছে।আমি সেই ব্ৰেণ্ডৰ নামক ব্যৱহাৰ কৰিছো। সংগীত আমাৰ তেজত আছে। শ্বিলঙত সংগীত ভাল পায়। আমি কেৱল গ্লোবেল আৰ্টিষ্টকেই জড়িত কৰা নাই। স্থানীয় শিল্পীকো সুযোগ দিছো। এই আলোচনাত তাৰোপৰি তেওঁ মেঘালয়ৰ পৰ্যটনক শ্বিলং আৰু চেৰাপুঞ্জীৰ পৰা কিদৰে অন্য গ্ৰামাঞ্চললৈ প্ৰসাৰ কৰিছে তাৰো বৰ্ণনা আগবঢ়ায়।