প্ৰশিক্ষকৰ সমস্যাত জুৰুলা অসমৰ খেলুৱৈঃ ২০৩৬ অলিম্পিকৰ বাবে প্ৰস্তুতি অসম অলিম্পিক সন্থা... 
কনক্লেভ ২০২৪

প্ৰশিক্ষকৰ সমস্যাত জুৰুলা অসমৰ খেলুৱৈঃ ২০৩৬ অলিম্পিকৰ বাবে প্ৰস্তুতি অসম অলিম্পিক সন্থাৰ...

Dimpul Borgohain

ডিজিটেল ডেস্কঃ ''কষ্টৰ মাজেৰে আৰম্ভ হৈছে এই যাত্ৰা। মোৰ বাবে বৰ সহজ নাছিল। কিন্তু আপোনজনৰ সহায়-সহাঁৰিয়ে মোক বক্সিঙৰ এই যাত্ৰা সহজ কৰি তুলিলে। মই প্ৰথমে বক্সিঙৰ বিষয়ে দেউতাই সামগ্ৰী মেৰিয়াই অনা বাতৰি কাকততে মহম্মদ আলীৰ বিষয়ে দেখিছিলো। তাৰ পিছৰ পৰাই মোৰ বক্সিঙৰ প্ৰতি ইচ্ছা জন্মিছিল। তেনেকৈয়ে আগবাঢ়ি গ'লো। নিৰ্বাচক মণ্ডলীয়ে মোৰ ওপৰত ভৰষা ৰাখিলে। মোৰ যাত্ৰা আগবাঢ়ি অলিম্পিকলৈকে চলিল।''

সাদিন প্ৰতিদিন গোষ্ঠীয়ে দিল্লীত আয়োজন কৰা দ্য কনক্লেভৰ এটা বিশেষ ক্ৰীড়া আলোচনা সত্ৰত অংশ লৈ এই মন্তব্য প্ৰদান কৰে দুবাৰৰ অলিম্পিয়ান তথা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক প্ৰাপ্ত লাভলীনা বৰগোহাঁয়ে।

'দ্য কনক্লেভ'ৰ দ্বিতীয় দিনৰ তৃতীয়টো আলোচনা সত্ৰ সঞ্চালনা কৰে শোণিত কুমাৰ ভূঞাই। এই আলোচনা সত্ৰত অংশ লয় অলিম্পিয়ান লাভলীনা বৰগোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অৰ্জুন মাডাথিল ৰামচন্দ্ৰনে।

অনুষ্ঠানত লাভলীনাই অসমৰ খেলুৱৈয়ে সন্মুখীন হোৱা সমস্যাৰ কথা ক'বলৈ গৈ কয় যে, অসমত সকলোতকৈ ডাঙৰ সমস্যা হৈছে প্ৰশিক্ষকৰ অভাৱ। তেওঁ কয়, মই যেতিয়া ২০১২ ত প্ৰথম ৰাষ্ট্ৰীয় পদক পাইছিলো তাৰ পাছতেই ৰাষ্ট্ৰীয় শিবিৰত প্ৰশিক্ষণৰ সুযোগ পাইছিলো। ৰাষ্ট্ৰীয় শিবিৰত থাকি ভালকৈ প্ৰশিক্ষণ লোৱাৰ বাবেই পৰৱৰ্তী সময়ত হয়তো মই সফল হ'বলৈ সক্ষম হলো। কিন্তু অসমৰসকলো খেলুৱৈৰে এটাই প্ৰশ্ন আমি ক'ত শিকিম, প্ৰশিক্ষণ লম? অসমত স্প'ৰ্টছ চেণ্টাৰ বনাবলৈ আৰম্ভ কৰিছে, সুবিধাও দিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰশিক্ষকৰ অসুবিধা।

মই ভাবো অসমে নিজাকৈ প্ৰশিক্ষক উলিয়াব লাগিব। আমাৰ জ্যেষ্ঠ খেলুৱৈসকলে বা প্ৰাক্তন খেলুৱৈসকলে প্ৰশিক্ষণ দিবলৈ বিচাৰিলে তেওঁলোকক তেনে সুবিধা দিব লাগিব। অসমত এজন, দুজন এন আই এছ প্ৰশিক্ষক আছে। তেওঁলোকে কিমান খেলুৱৈক প্ৰশিক্ষণ দিব? হাৰিয়ানাত বহু প্ৰশিক্ষক থকাৰ বাবেই তেওঁলোকৰ ক্ৰীড়া ক্ষেত্ৰখন বহু ওপৰলৈ গল। অসমৰ বহু জ্যেষ্ঠ খেলুৱৈ সংস্থাপনহীন হৈ আছে। তেওঁলোকক লৈয়ো এই কাম কৰিব পাৰি।

হাৰিয়ানা আৰু অসমৰ খেলৰ জগতখনৰ মাজৰ প্ৰাৰ্থক্যৰ কথা উল্লেখ কৰি দুবাৰৰ অলিম্পিয়ানগৰাকীয়ে কয়, হাৰিয়ানাত খেলৰ বাবে সকলো উৎসুক হৈ থাকে। জ্যেষ্ঠ  খেলুৱৈসকলে নিজাকৈ একাডেমী আৰম্ভ কৰে। আমাৰ ইয়াত জ্যেষ্ঠ খেলুৱৈ থাকিলেও চাকৰি লৈ সংস্থাপন হোৱাৰহে আগ্ৰহ বেছি। অসমতো জ্যেষ্ঠ খেলুৱৈয়ে তেনেদৰে একাডেমী খুলিলে বহু খেলুৱৈ ওলাব।

লাভলীনা বৰগোঁহাইৰ এই মন্তব্যৰ আঁত ধৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰক কৰা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, লাভলীনাই কোৱাৰ দৰে প্ৰশিক্ষকৰ সমস্যা অতি প্ৰাসংগিক। খেল' ইণ্ডিয়া মিনি চেণ্টাৰ কিছুমান প্ৰাক্তন খেলুৱৈৰ দ্বাৰা পৰিচালিত হৈ আছে। কিন্তু তেওঁলোক প্ৰফেচনেল প্ৰশিক্ষক নহয়। সেয়ে অসম অলিম্পিক সন্থাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভৰ সম্ভাৱনা থকা যিসমূহ খেল আছে সেইসমূহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈক প্ৰফেচনেল প্ৰশিক্ষক হিচাপে গঢ়াৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ বাবে আমি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, ক্ৰীড়া সন্থাসমূহৰ সৈতে প্ৰাথমিক আলোচনা কৰিছো। ইয়াৰ বাবে কেৱল চৰকাৰৰ ওপৰতেই ভৰসা কৰিলে নহব। চৰকাৰ আৰু বেচৰকাৰী দুয়োটাৰে সমৰ্থন লাগিব। যত সংবাদ মাধম্যৰো ভূমিকা থাকিব।

অসম অলিম্পিক সন্থাৰ দ্বিতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা লক্ষ্য কোঁৱৰৰ ভৱিষ্যত পৰিকল্পনা আৰু ২০৩৬ ত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত কোঁৱৰে কয়, যোৱা কাৰ্যকালত আমি কোভিডৰ বাবে ১৮ মাহ খেলৰ পৰা বাহিৰত আছিলো যদিও ভাৰতৰ ভিতৰতে প্ৰথমে ২০২০ ত অসম অলিম্পিক সন্থাই প্ৰথমখন প্ৰতিযোগিতা পাতিছিলো। কোভিডৰ সময়ত ভুক্তভোগী খেলুৱৈক আৰ্থিক, মানসিক ভাৱে সহযোগিতা কৰিবলৈ আৰু খেলপথাৰলৈ ঘূৰাই আনিবলৈ যথেষ্ট কষ্ট কৰিছিলো।

পূৰ্বে ক্ৰীড়া বিষয়টো বাজেটৰ একেবাৰে শেষত থকা বিষয় আছিল। ২০১৪ ত এন ডি এ চৰকাৰ হোৱাৰ পাছত  প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ নেতৃত্বত ক্ৰীড়াক প্ৰাধান্য বিষয় হিচাপে লোৱা হয়। তাৰ পাছৰ পৰাই ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ গতি সলনি হ'ল। তাৰ প্ৰতিফলন যোৱা দুখন অলিম্পিকত আমি দেখিছো। টকিঅ'ত আমাৰ লাভলীনাই পদক পাইছিল। এইবাৰ মেডেলৰ সংখ্যা কমিল যদিও আমি ২০ টা পদকৰ দৌৰত আছিলো। বহু মেডেল আমাৰ খেলুৱৈৰ হাতৰ পৰা সৰি পৰাৰ দৰে হ'ল। গতিকে অহা সময়ত আমি ১৫/২০ টা পকদক পোৱাটো অসম্ভৱ নহয়।

ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত তেওঁ কয়, মোডী ডাঙৰীয়াৰ ২০৩৬ ত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ যি দুৰ্বাৰ হেঁপাহ সেই কথা মুম্বাইত অনুষ্ঠিত হোৱা অলিম্পিক কমিটীৰ অধিবেশনত ঘোষণা কৰিছিল। ইয়াৰ বাবে বিডিং কমিটিও গঠন কৰা হ'ব। ২০৩৬ লৈ আমি অসমৰ পৰা কিমান অলিম্পিয়ান উলিয়াব পাৰো সেয়াও গুৰুত্ব দিব লাগিব। ভাৰতত অলিম্পিক পাবৰ বাবে বিশ্বপৰ্যায়ত যি লবী তৈয়াৰ কৰিব লাগে সেয়া প্ৰধানমৱন্ত্ৰী ডাঙৰীয়াই কৰিব। যদি সঁচাকৈয়ে ভাৰতত অলিম্পিক হয় তেন্তে আমাৰো দায়িত্ব থাকিব।

তেওঁ কয়, অহা ১৪ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহকত এটা ৱৰ্কিং গ্ৰুপ গঠন কৰা হ'ব। ইয়াত পূৰ্বে যিসকলে কমনৱেলথ, এছিয়ান, অলিম্পিক, ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেলিছে, প্ৰশিক্ষক আছে তেওঁলোকক লৈ এই ৱৰ্কিং গোট গঠন কৰা হ'ব। এই গোটে প্ৰতিভা সন্ধান কৰিব। সেই প্ৰতিভাই ২০৩৬ ত অলিম্পিক খেলিব। লাভলীনায়ো প্ৰতিভা সন্ধানৰ কথা কৈ আহিছে। অসম অলিম্পিক সন্থাই এই গুৰু দায়িত্ব পালন কৰিম।

আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্জুন মাডাথিল ৰামচন্দ্ৰনে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি, ক্ৰীড়া ক্ষেত্ৰৰ প্ৰত্য়াহ্বান, আন্তঃগাঁথনিৰ ওপৰত কেইবাটাও প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, মই মোৰ বেডমিণ্টন কেৰিয়াৰ ৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিলো। ১১ বছৰৰ পৰা প্ৰতিযোগিতা খেলিবলৈ আৰম্ভ কৰিছো। সেই সময়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যথেষ্ট কষ্ট হৈছিল। ইয়াৰ বাবে প্ৰয়োজন হোৱা ধনৰ সমস্যা আছিল আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ মা-দেউতাই আমাৰ বাবে যথেষ্ট ত্যাগ কৰিছে। কেৱল ময়েই নহয় সকলো এথলিটে এনে সমস্যাৰ সন্মুখীন হয়। সকলোৰে অভিভাৱকে তেওঁলোকৰ সন্তানক এজন এথলিট হিচাপে গঢ়ি তুলিবলৈ বহু অৰ্থনৈতিক সমস্যাৰ সৈতে যুঁজিব লাগে।

১৬ বছৰ বয়সত মই এছিয়ান য়ুথ চেম্পিয়নশ্বিপ জয় কৰাটো আছিল মোৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট। তাৰ পাছতে মই ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ লাভ কৰো। তাৰ পাছতে মোৰ কেৰিয়াৰে এটা বেলেগ দিশে গতি কৰে। কিন্তু সকলো এথলিটে প্ৰাৰম্ভিক পৰ্যায়ত তেনে সফলতা লাভ নকৰে। ভাৰতৰ দৰে এখন দেশত এথলিটক প্ৰ’মট কৰিবলৈ চেষ্টা কৰিব লাগিব।

ৰাষ্ট্ৰীয় একাডেমীসমূহে ইয়াক গুৰুত্ব দিব লাগিব। বেডমিণ্টনৰ ক্ষেত্ৰত প্ৰকাশ পাডুকন চেণ্টাৰত এবাৰ সোমোৱাৰ পাছত আপুনি এটা ছিচটেমৰ ভিতৰত প্ৰৱেশ কৰে। এথলিটে সকলোধৰণৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰে। কিন্তু সকলো এথলিটে সেই ছিচটেমৰ অংশীদাৰ হ’বলৈ নোৱাৰে। সেয়ে বহু খেলুৱৈয়ে খেল এৰি আন বিকল্প পথ বাচি লয়। গতিকে মই ভাবো ভাৰতত এতিয়াও খেলুৱৈৰ প্ৰধান প্ৰত্যাহ্বান হৈছে সহযোগিতা। তৃণমূল পৰ্যায়ৰ পৰাই খেলুৱৈক এই সহযোগিতা আগবঢ়াব লাগিব। শীৰ্ষ স্থানৰ খেলুৱৈক সহযোগিতা আগবঢ়ালেই নহব।

ক্ৰীড়া ক্ষেত্ৰত আন্তঃগাঁথনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কৈ তেওঁ কয়, ভাৰতত ডাঙৰ সমস্যা হৈছে মানুহে ডাঙৰ সপোন নেদেখে। যেতিয়া জ্যেষ্ঠ খেলুৱৈসকলে সংস্থাপন লাভ কৰে তেতিয়া যুৱক, যুৱতীসকলৰো সপোন তেনেদৰে গঢ় লৈ উঠে।

ক্ৰীড়া ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ সন্দৰ্ভত তেওঁ কয়, সকলো খেলতেই ৰাজনৈতিক ইছ্যু কিছুমান থাকে। কিন্তু সৌভাগ্যবশতঃ মই জিলা পৰ্যায়ৰ পৰাই সকলো পৰ্যায়লৈকে যোগাত্মক সহযোগিতা লাভ কৰি আহিছো।

ইফালে অসম অলিম্পিক সন্থাত ৰাজনৈতিক হস্তক্ষেপ আৰু ইয়াৰ দায়িত্ব ল'বলৈ ৰাজনৈতিক নেতাই দৌৰাদৌৰি কৰা প্ৰসংগত কৰা এক প্ৰশ্নৰ উত্তৰত লক্ষ্য কোঁৱৰে কয়, অসমৰ ক্ৰীড়া মহলক আমি ধন্যবাদ দিয়া উচিত। যোৱা চাৰিটা দশকত এইবাৰ প্ৰথমখন অলিম্পিক সমিতি গঠন হৈছে য'ত ৭৫ শতাংশই ক্ৰীড়া সংগঠক আৰু ক্ৰীড়াবিদ। সন্থাৰ ১০ গৰাকী উপসভাপতিলৈ মন কৰিলে দেখিব আটাইকেইগৰাকীয়ে ক্ৰীড়াদিব। পূৰ্বে এই পদত ৬ গৰাকী বিধায়ক বা মন্ত্ৰী থাকে। এইবাৰ ক্ৰীড়া প্ৰেমিসকলৰ আহ্বানৰ বাবে ৰাজনৈতিক নেতাসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিছে।

এই কথা সঁচা যে,  ক্ৰীড়া সংগঠকসমূহে বিধায়ক আৰু মন্ত্ৰীসকলৰ কাষলৈ নেতৃত্ব লোৱাৰ আহ্বানেৰে যায়। যিহেতু এতিয়াও ক্ৰীড়া সন্থাসমূহ আৰ্থিকভাৱে টনকিয়াল সেয়ে তেওঁলোকে ভাবে মন্ত্ৰী, ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিলে আৰ্থিকভাৱে তেওঁলোক টনকিয়াল হ'ব। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে।

ইফালে অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত পুনৰবাৰ সৰ্বানন্দ সোণোৱাল অধিস্থিত হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসম অলিম্পিক সন্থাক সহযোগিতা নকৰিব ধৰণৰ এক চৰ্চাৰ প্ৰসংগ উত্থাপন হোৱাত কোঁৱৰে কয়, ক্ৰীড়া এটা স্বতন্ত্ৰ ব্যৱস্থা। চৰকাৰৰ কাম হৈছে ইয়াক সুবিধা কৰি দিয়া। ৰাজনীতিৰ কথা ইয়াত নাহেই। সৰ্বানন্দ সোণোৱাল যেতিা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হৈ আছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। সেই সময়তে গুৱাহাটীত অনুষ্ঠিত হোৱা ছাফ গেমছ অতি সফল আছিল। এইবাৰ পেৰিছ অলিম্পিকত জেভলীনত সোণৰ পদক লাভ কৰা নাডীমেও সেই কথা সোঁৱৰিছে।

সৰ্বানন্দ সোণোৱাল অসম অলিম্পিকৰ সভাপতি, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে অসম অলিম্পিকে চৰকাৰৰ সহযোগিতা লাভ নকৰিব বুলি কোৱা কথাষাৰ সঠিক নহয়। গোৱা নেচনেল গেমছলৈ অসম অলিম্পিক সন্থাই দল প্ৰেৰণ কৰিছিল। অসম চৰকাৰে ইয়াৰ বাবে বিমান যোগে খেলুৱৈ প্ৰেৰণ কৰিছিল। দেশৰ কোনো ৰাজ্যই ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ বিমানৰ জৰিয়তে খেলুৱৈ প্ৰেৰণ কৰাৰ উদাহৰণ নাই। অসম চৰকাৰে পৰৱৰ্তী সময়ত পদক পোৱা খেলুৱৈক চাকৰি দিছে।

আলোচনাৰ প্ৰায় শেষত লাভলীনাই পৰৱৰ্তী লছ এঞ্জেলেছ অলিম্পিকৰ প্ৰস্ততি সন্দৰ্ভত কয়, এইবাৰ পেৰিছত মোৰ প্ৰদৰ্শন বেছি ভাল নহ'ল। অৱশ্যে মই মোৰ এশ শতাংশ উজাৰি খেলিছিলো। সেই দিনটো মোৰ নাছিল। টকিঅ'তকৈ মোৰ এইবাৰ প্ৰস্তুতি ভাল আছিল। হয়তো পৰৱৰ্তী পৰ্যায়ৰ ভালৰ বাবেই এইবাৰ ভগৱানে মোক পদক নিদিলে।

লছ এঞ্জেলছক লৈ নতুন পৰিকল্পনা লৈছো। কমনৱেলথ গেমছ, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ আছে। সকলো এটা এটা ঢাপকৈ আগুৱাই যাবলৈ চেষ্টা কৰিম। মোৰ লগত লছ এঞ্জেলেছ অলিম্পিকলৈ মোৰ লগত অসমৰ আৰু ল’ৰা ছোৱালীও খেলিবলৈ গলে বেছি সুখী হম।