সম্পাদনা মেজ

ঔষধ খাব নালাগে, এইদৰে ঘৰতে কৰক ভৰিৰ বিষৰ চিকিৎসা

Asomiya Pratidin

ডিজিটেল ডেস্ক: কেৱল বৃদ্ধসকলেই নহয়, আজিকালি ভৰিৰ বিষত প্ৰায় সকলো বয়সৰ লোকেই শাস্তি ভূগিবলগীয়া হৈছে।ইয়াৰ কাৰণ পেশীৰ চাপ, সঠিক ৰক্ত সঞ্চালনৰ অভাৱ তথা শৰীৰৰ দুৰ্বল হাড় আদি বিভিন্ন হ'ব পাৰে। এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই ঔষধ গ্ৰহণ কৰে।ঔষধৰ সলনি আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিও ভৰিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে।আজি এই প্ৰতিকাৰৰ বিষয়ে জানো আহক-

শৰীৰটো হাইড্ৰেটেড ৰাখিব

শৰীৰত পানীৰ অভাৱৰ ফলত ভৰিৰ বিষ হ'ব পাৰে। ইয়াৰ বাবে আপুনি দৈনিক পৰ্যাপ্ত পানী খাব, যি আপোনাৰ ভৰিৰ বিষ উপশম কৰাত সহায়ক হ'ব।

হালধিৰ ব্যৱহাৰ 

হালধিৰ এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। যি ভৰিৰ বিষ উপশম কৰাত কাৰ্যকৰী। আপুনি হালধিৰ সৈতে তেল মিহলি কৰি ভৰি দুটা মালিচ কৰিব পাৰে।এই বিষৰ পৰা সকাহ পাবলৈ আপুনি হালধি মিহলি গাখীৰো খাব পাৰে।

কেষ্টৰ তেলৰ সৈতে মালিচ

কেষ্টৰ তেলৰ ব্যৱহাৰে ভৰিৰ বিষৰ পৰা সকাহ দিয়ে। ৰাতি টোপনি যোৱাৰ আগতে আপুনি দৈনিক এই তেলৰ সৈতে ভৰি মালিচ কৰিব পাৰে।

আইচ পেকৰ ব্যৱহাৰ

অত্যাধিক ব্যায়াম আৰু আঘাতৰ বাবেও ভৰিৰ বিষ হয়। ইয়াৰ পৰা সকাহ পাবলৈ বৰফৰ আইচ পেক কাপোৰত মেৰিয়াই প্ৰভাৱিত স্থানত প্ৰয়োগ কৰিব। 

নিমখ পানী

বিষৰ পৰা সকাহ পাবলৈ কুহুমীয়া পানী আৰু নিমখৰ মিশ্ৰণো যথেষ্ট কাৰ্যকৰী।ইয়াৰ বাবে আপুনি এটা পাত্ৰত কুহুমীয়া পানী লৈ তাত নিমখ মিহলি কৰিব। এতিয়া ভৰি দুটা এই পানীত প্ৰায় ১৫ মিনিটৰ বাবে তিয়াই ৰাখিব।বহুখিনি সকাহ পাব। 

বি.দ্ৰ: যদি এইসমূহ প্ৰতিকাৰৰ দ্বাৰা আপুনি ভৰিৰ বিষৰ পৰা সকাহ নাপায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব