বিশেষ লেখা

য'ত দোষ, নন্দ ঘোষ নেকি পেট্ৰিছিয়া মুখিম?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

বৰ সৱল কণ্ঠ পেট্ৰিছিয়া মুখিমৰ। তেওঁ এগৰাকী সমাজকৰ্মী, লেখিকা আৰু এখন কাকতৰ সম্পাদক। শ্বিলং টাইমছ নামৰ কাকতখনৰ সৈতে তেওঁ দীৰ্ঘসময় ধৰি জড়িত। সংবাদক্ষেত্ৰ, সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ যথেষ্ট সন্মান আৰু স্বীকৃতিও পাইছে।

অসমৰ সংবাদ মাধ্যমতো তেওঁ বিভিন্ন বিষয়ৰ ওপৰত লেখা-মেলা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ এইগৰাকী সৰবৰহী মহিলা লেখিকা তথা সম্পাদিকাই কথাবোৰ সাধাৰণ লোকে ভবাতকৈ পৃথক ধৰণেই ভাবে বুলিয়েই ধাৰণা কৰা হৈছে।

তেওঁ লেখাসমূহত সামাজিক, প্ৰাকৃতিক আৰু ৰাজনৈতিক বিচক্ষণতা ফুটি উঠে। তেওঁৰ এখন গ্ৰন্থ When Hens Cro। কেৱল স্বদেশতে নহয়, বিদেশতো তেওঁ বহু অভিৱৰ্তন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে।

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত পেট্ৰিছিয়াই শ্বিলং, উই কেয়াৰ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰো জন্ম দিছিল। যিটো সংগঠনৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া।

তেওঁ সম্পাদনা কৰা শ্বিলং টাইমছ মেঘালয়ৰ পৰা প্ৰকাশিত প্ৰথমখন ইংৰাজী দৈনিকা কাকত। সেইগৰাকী বিদূসী মহিলাই তেওঁৰ কাকততে এটা লেখা লিখিলে। মেঘালয়ৰ পৰ্যটন উদ্যোগক লৈ পেট্ৰিছিয়াই লিখা এই লেখাটোৰ শিৰোনাম আছিল Maggie Noodles Tourism Killing Meghalaya।

মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰই সন্মুখীন হোৱা বা সন্মুখীন হ'ব পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্দৰ্ভত ১৮ আগষ্ট ২০২৩ ত এই লেখাটো তেওঁ লিখিছিল। কিন্তু লেখাটো পঢ়িলে এনে লাগিব অসমৰ বিদ্বেষী এক মনোভাৱেৰে তেওঁ সকলো দোষ অসমৰ পৰ্যটকসকলৰ গালৈকে ঠেলি দিছে।

মেঘালয়লৈ মানুহ পৰ্যটনৰ বাবে যায়। অসমৰ পৰাও শ্বিলং, চেৰাপুঞ্জিকে ধৰি বিভিন্ন স্থানলৈ যোৱা পৰ্যটকৰ সীমা সংখ্যা নাই। সেইসকল পৰ্যটকে মেঘালয়ৰ পৰ্যটনক্ষেত্ৰক সমৃদ্ধও কৰিছে।

পেট্ৰিছিয়াই তেওঁৰ লেখাত উল্লেখ কৰিছে যে, প্ৰাকৃতিক পৰিৱেশত অসমৰ পৰ্যটকে ইমান ভিৰ কৰিব ধৰিছে যে, সেয়া হেনো মেঘালয়ৰ পৰ্যটনৰ বাবে বিপদ কঢ়িয়াই আনিছে। সেই দৃষ্টিৰে তেওঁ কথাবোৰ আৰম্ভ কৰিছে।

মেঘালয়ৰ পৰ্যটন বিভাগৰ তথ্য অনুসৰি মেঘালয়লৈ অহা পৰ্যটকৰ ১০ জনৰ ভিতৰত ৬ জনেই উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ। উত্তৰ পূবৰ চুইজাৰলেণ্ড আখ্যা পোৱা শ্বিলঙত অৱশ্যে এতিয়া পূৰ্বৰ সেই মাদকতা নাই।

তেনেস্থলত কেৱল অসমৰ পৰ্যটককে দোষী সাব্যস্ত কৰাৰ আৰু প্ৰত্যক্ষভাৱে পেট্ৰিছিয়াৰ দৰে এগৰাকী সমাজ সচেতক লেখিকা সাংবাদিকে তেওঁৰ লেখাত এনে বিদ্বেষ ফুটাই তোলাতো নিশ্চয় আচৰিত হ'বলগীয়া। তেওঁ আনকি এই কথাও লিখিছে এই লেখাত যে, অসমৰ পৰা মেঘালয় পৰ্যটন ক্ষেত্ৰলৈ যোৱা লোকসকলে হেনো স্থানীয় ব্যৱসায়ী বা দোকানৰ পৰা খাদ্য সামগ্ৰী কিনি খাবলৈও কৃপণালী কৰে।

উদাহৰণ স্বৰূপে তেওঁ এক অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়ত পথৰ কাষত অসমৰ পৰা যোৱা এটা পৰ্যটকৰ দলে গেছ ষ্টভ আৰু অন্যান্য বাছন বৰ্তন লৈ মেগী ৰান্ধি খোৱা দৃশ্যৰ কথা উল্লেখ কৰিছে। পৰ্যটক সকলে নিজৰ ইচ্ছা অনুসৰি, ৰুচি অনুসৰি খাদ্য সামগ্ৰী খাব পাৰে, লগত লৈ যাব পাৰে।

তাত এনে এক ধাৰণা দিয়াটো অতি সংকীৰ্ণতা। অসমৰ গাড়ীয়ে হেনো মেঘালয়ৰ এই পৰ্যটন ক্ষেত্ৰসমূহৰ হাহাকাৰ সৃষ্টি কৰে। হয়, মেঘালয়লৈ মানুহ যায়। বৰ বেছি দূৰ নোহোৱাৰ বাবে পৰিয়ালবোৰে নিজৰ ব্যক্তিগত বাহনেৰে এই ঠাইবোৰ ভ্ৰমণ কৰে।

কিন্তু সেই পৰ্যটকসকলক নিয়ন্ত্ৰণ বা তেওঁলোকৰ বিভিন্ন সা-সুবিধা প্ৰদান কৰাৰ দায়িত্ব মেঘালয় চৰকাৰৰ। এইটো নহয় যে, কোনো লোকে অসমৰ পৰা গৈ মেঘালয়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে বুলি আমি দায়িত্ব ল'ব পাৰো।

কিন্তু এজন বা দুজন লোকৰ এনে আচৰণৰ বাবে সমগ্ৰ অসমক জগৰীয়া কৰি কোনোবাই এইধৰণৰ যুক্তি প্ৰদৰ্শন কৰিলে সেয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দেখা পোৱা যায় মেঘালয়ৰ পৰাও যথেষ্ট লোক বিভিন্ন কাৰণত অসমলৈ আহে। হাজাৰ হাজাৰ যান-বাহন গুৱাহাটীৰ মাজেৰে চলে।

তেনে কোনো এখন মেঘালয়ৰ পঞ্জীকৃত বাহনৰ অনিয়মৰ বাবে মেঘালয়ৰ গাড়ীবোৰে এনে কৰে বুলি তাক সাধাৰণীকৰণ অসমত কৰা হোৱা নাই। আৰু অসমৰ মানুহে সেই তীৰ্যকতাৰ পৃষ্ঠপোষকতা নকৰে।

মেঘালয়ৰ পৰ্যটনৰ ভৱিষ্যতৰ কথা তেওঁ চিন্তা কৰিছে ভাল কথা। সেই চিন্তা কাৰ্যকৰী কৰাত অসমৰ পৰা যোৱা পৰ্যটকসকলে সহযোগ কৰাৰ প্ৰয়োজন। কিন্তু বিদ্বেষৰ বিষবাস্প বিয়পাই অসমৰ মানুহেই গৈ তাত পৰিৱেশ বিনষ্ট কৰিছে বোলা কথাষাৰে অসম আৰু অসমীয়াক অপমানিত কৰিছে।

মেঘালয় পৰ্যটনস্থলীসমূহলৈ যাবৰ বাবে স্থানীয় কেব ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব কেৱল মেঘালয় চৰকাৰ পাৰিব। সেই সুবিধা আৰু আন্তঃগাঁথনি মেঘালয়ৰ পৰ্যটন বিভাগে গঢ়ি তুলিব লাগিব।

ইয়াক ফলপ্ৰসূ কৰিব নোৱাৰি অসমৰ পৰা যোৱা বাহনসমূহক লক্ষ্য কৰি ল'লে নহ'ব। অসমৰ যোৱা গাড়ী চালকে মেঘালয়ৰ ৰাজপথত যদি তেওঁ কোৱাৰ দৰে পগলাৰ দৰে গাড়ী চলাই, য'তে ত'তে যদি গাড়ী ৰখাই তেনেহ'লে তাক নিয়ন্ত্ৰণ কৰা হোৱা নাই কিয়?

মেঘালয়ৰ আৰক্ষীক তেওঁ ইয়াৰ বাবে ব্যৱস্থা ল'বলৈ কওক। এনে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হওক। অসমৰ ৰাজপথতো তেনে আচৰণ আৰু বিৰক্তিকৰ পৰিস্থিতি দেখিবলৈ পোৱা যায়। বৰঝাৰ বিমানবন্দৰলৈ যোৱাৰ পথত মেঘালয়ৰ ভি ভি আই পি কনভয়ে যি ত্ৰাসৰ সৃষ্টি কৰে সেয়া অসমৰ মানুহে সহ্য কৰে।

ইয়াক মেঘালয়ৰ অনুপ্ৰৱেশ বা অহংকাৰ বুলি গণ্য নকৰে। পেট্ৰিছিয়ে কিন্তু এই লেখাত অসমৰ পৰ্যটকক মেঘালয়ৰ কিছু দূৰৱৰ্তী স্থানত মাৰপিট কৰাৰ প্ৰসংগ টানি আনি ক'ব বিচাৰে অসমৰ পৰ্যটকৰ আচৰণত হেনো স্থানীয় লোক বিৰক্ত হয়।

পেট্ৰিছিয়া মুখিমৰ অসম, অসমীয়া বিৰোধী প্ৰৱণতা এয়াই প্ৰথম নহয়। পূৰ্বতেও তেওঁ এনে আচৰণ কৰা অলেখ উদাহৰণ আছে। কিন্তু তেওঁক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ অৱদান বহুত। বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে কোনো শক্তি গা কৰি উঠিলে ইয়াৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ অসমৰ পৰাই হয়।

মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰক লৈ অসমৰ পৰ্যটকৰ সন্দৰ্ভত এনে অসম বিৰোধী স্থিতি গ্ৰহণ কৰা পেট্ৰিছিয়া মুখিমে সময় আহিলে আকৌ অসম আৰু অসমীয়াৰ সহমত লাভ কৰাৰ চেষ্টাত ব্ৰতী হ'ব। তেওঁ নিজকে লিবাৰেল চেকুলাৰিষ্ট বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলেও কাম কাজত ওলাই পৰে সংকীৰ্ণ স্বাৰ্থৰ উৰ্ধ্বলৈ তেওঁ যাব পৰা নাই।

ন'হলে বাৰে বাৰে এনে আচৰণ তেওঁৰ দৰে এগৰাকী নাৰীয়ে নকৰে। পথৰ কাষত মেগী ৰান্ধী খোৱা অসমীয়া পৰ্যটকক দেখি ইমান তলৰ পৰ্যায়ৰ চিন্তা কৰা পেট্ৰিছিয়া মুখিমেহে লিখিব পাৰে- Maggie Noodles Tourism Killing Meghalaya ৰ দৰে লেখা।