বিশেষ লেখা

অসমত এতিয়া মন্ত্ৰী কেইজন?

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

যিকোনো এজন লোকক আপুনি এটা সহজ প্ৰশ্ন সুধি দিয়ক। সোধক- অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰী কেইজন? এই প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ কিছু সময় নিশ্চয় প্ৰয়োজন হ’ব। মনলৈ তেওঁৰ মন্ত্ৰীসমূহৰ ছবিবোৰ আনি মনৰ ভিতৰতে গণনা কৰি এই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব।

প্ৰথমে তেওঁৰ মনলৈ আহিব, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখখন। তাৰ পাছত পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ মুখখন তেওঁৰ মনত ভাঁহি উঠিব। বহু কষ্ট কৰি আৰু দুখনমান মন্ত্ৰীৰ মুখ মনলৈ আনিব খুজিলে অশোক সিংঘাল, ডাঃ ৰণোজ পেগু আৰু অতুল বৰাৰ মুখখন মন্ত্ৰী হিচাপে ভাঁহি উঠিব যদিও তাৰ পাছত হাজাৰ চেষ্টা কৰিও বাকীবোৰৰ কথা মনলৈ আনিব নোৱাৰিব।

সহজ এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু আজিৰ পৰা ৩-৪বছৰৰ আগতে ৰাজ্যৰ প্ৰতিজন লোকেই দিব পাৰিছিল। মন্ত্ৰীৰ সংখ্যা কিমান ক’ব নোৱাৰিলেও ৰাজ্যখনত কোন কিহৰ মন্ত্ৰী সেই কথা অন্তঃত ৰাজ্যবাসীয়ে জানিছিল। আজিও কেইবাদশকৰ আগতে মন্ত্ৰী হোৱা বহু মন্ত্ৰীৰ নাম আৰু পদবী মানুহে মনত ৰাখি থৈছে।

ভৃগু কুমাৰ ফুকন অগপৰ প্ৰথমটো কাৰ্যকালৰ গৃহমন্ত্ৰী আছিল। জয়নাথ শৰ্মাই মহন্ত মন্ত্ৰীসভাৰ ৰাজহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল। ভূমিধৰ বৰ্মন বুলি ক’লেই তেওঁ যে স্বাস্থ্যমন্ত্ৰী আছিল, মানুহে জানিছিল। কমলা কলিতাই এদিন স্বাস্থ্য বিভাগ চম্ভালিছিল। গৌতম বৰাৰ হাতত আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা কালত আবকাৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত।

 ৰকিবুল হুছেইন বনমন্ত্ৰী আছিল। আজিৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধিক কাল তৰুণ গগৈৰ কাৰ্যকালত শিক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ দুটা পাইছিল। প্ৰণতি ফুকন সাংস্কৃতিক মন্ত্ৰী, ইন্দ্ৰ গগৈয়ে ক্ৰীড়া যুৱ কল্যাণ, জীৱকান্ত গগৈয়ে বিত্ত আদি বিভাগৰ মন্ত্ৰীৰূপে দায়িত্ব পালন কৰি গৈছিল।

সেই পুৰণি মন্ত্ৰীসকলৰ কথাই এতিয়া বহুতৰে মনত আছে। কিন্তু বৰ্তমান মন্ত্ৰী হৈ থকা মন্ত্ৰীবোৰৰ কথা মানুহে নাজানে বা মন্ত্ৰী বুলি ভাৱিলেই তেওঁলোকৰ মুখবোৰ মনত ভাঁহি নুঠে। আনহে নালাগে সংবাদ মাধ্যমৰ সৈতে জড়িত প্ৰতিদিনাই খবৰৰ সৈতে সম্পৰ্ক ৰখা সাংবাদিক সকলৰ বাবেও কোন কি মন্ত্ৰী আছিল, তাক লৈ বিবুধিত পৰিব লগা হয় কেতিয়াবা।

আগৰ দৰে মন্ত্ৰীসকলৰ এতিয়া কাম আৰু দায়িত্ব নোহোৱা হৈছে। নামতহে তেওঁলোকক মন্ত্ৰী পাতি থোৱা হৈছে যদিও কামত তেওঁলোকৰ একো নাই। নিজ বিভাগৰে বিষয়া এজনক মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে বদলি কৰিব পৰা ক্ষমতা নাই বৰ্তমানৰ মন্ত্ৰীসকলৰ।

আগৰ দৰে মন্ত্ৰীসকলে নিজৰ বিভাগৰ কামৰ খতিয়ান, আচঁনিৰ সবিশেষ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিব নোৱাৰে। আনহে নালাগে দুই-এজনক বাদ দি কোনো মন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰাৰ উদাহৰণ এতিয়া নাই।

ৰাজ্যত এতিয়া নামত মুখ্যমন্ত্ৰীৰ উপৰিও ১৪গৰাকী মন্ত্ৰী আছে। ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতি আছিল। কিন্তু এতিয়া তেওঁ এতিয়া মন্ত্ৰী। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসনৰ দৰে গুৰুত্বপূৰ্ণ ৩টা বিভাগৰ মন্ত্ৰী বিজেপিৰ এইগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতি।

বয়-বস্তুৰ দাম বাঢ়িলে কেতিয়াবা সাংবাদিকে তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰিলে বিভাগীয় মন্ত্ৰীজনে প্ৰতিক্ৰিয়া দিয়ে-  বয় বস্তুৰ দাম বঢ়াৰ বাবে ময়ো ঘৰত পত্নীৰ গালি খাব লগা হয়। গুৰুত্বপূৰ্ণ দায়িত্বশীল বিভাগৰ অদায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁৰ নাম আছে। তেওঁৰ বিভাগৰ খতিয়ান দাঙি ধৰে খোদ মুখ্যমন্ত্ৰীয়ে। ৰঞ্জিত কুমাৰ দাস যে মন্ত্ৰী, সেই অস্তিত্ব এতিয়া ৰাজ্যত নোহোৱা হোৱাৰ দৰে।

প্ৰথমে স্বাস্থ্যমন্ত্ৰী আছিল কেশৱ মহন্ত। স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিয়াৰ পাছত মহন্তনো এতিয়া কোন কোন বিভাগৰ মন্ত্ৰী ৰাজ্যৰ ৯০শতাংশ লোকেই থাউকতে কৈ দিব নোৱাৰে। বৰ্তমান অসমৰ পৰিবহন মন্ত্ৰী কোন? মীন, আবকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিৰ দৰে ৫টা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী কিন্তু কেশৱ মহন্ত। তেওঁ যে, ইমান গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা এজন কেবিনেট মন্ত্ৰী সেই প্ৰমাণ ৰাজ্যবাসীয়ে কৰবাত পায়নে? তেওঁ নামতহে মন্ত্ৰী!

কৃষি আৰু উদ্যান শস্যৰ মন্ত্ৰী বুলি দুই-একে অতুল বৰাক বাৰু জানে। কিন্তু অতুল বৰা যে পশু বিভাগৰো মন্ত্ৰী সেই কথা বহুতে নাজানে। সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা আৰু উন্নয়নৰ দায়িত্বও অতুল বৰাৰ হাতত। অসম চুক্তি ৰূপায়নৰ মন্ত্ৰীও অতুল বৰা। ৬নং দফা ৰূপায়নৰ কথা ওলালে তাৰ সঠিক উত্তৰ অতুল বৰাৰ হাতত থাকিব লাগে। কিন্তু সেইবোৰ বিষয়ৰ ওপৰত কোৱা বা কিবা সিদ্ধান্ত দিয়াৰ অধিকাৰ এইজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰীৰ হাততো নাই।

উৰ্খা গৌড়া ব্ৰহ্ম যে মন্ত্ৰী মানুহে নাজানেই কিজানি! বয়ন আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়নৰ বিভাগীয় মন্ত্ৰী ব্ৰহ্ম। মেলে-মিটিঙে যোৱাৰ খবৰো নাহে এইজন মন্ত্ৰীৰ। দিছপুৰ জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাত আছে মন্ত্ৰী ব্ৰহ্মৰ চেম্বাৰ।

অসমৰ বন মন্ত্ৰী কোন? কাৰ হাতত আছে সংখ্যালঘু উন্নয়নৰ বিভাগ? এইটোও নিশ্চয় বহুতৰ বাবে এটা কঠিন প্ৰশ্ন হ’ব! এসময়ত বিধানসভা গৰম কৰি ৰখা সুবক্তা, সক্ৰিয় নেতা চন্দ্ৰমোহন পাটোৱাৰী ৰাজনৈতিক অস্তিত্ব এতিয়া এজন কেবিনেট মন্ত্ৰীতেই সীমাৱদ্ধ। অথচ তেওঁ এদিন অসম গণ পৰিষদক সুনেতৃত্ব দিছিল। এতিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ সেই সক্ৰিয়তা নাই। অথচ তেওঁ ৰাজ্যৰ বন, পৰিৱেশ, এক্ট ইষ্ট পলিচী, সংখ্যালঘু উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী।

বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। দিছপুৰৰ জনতা ভৱনৰ বি-২ত থকা চেম্বাৰ নং- ২১৯ত তেওঁ বহে। শিক্ষামন্ত্ৰী হিচাপে তেৱোঁ যেন মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিহে শুনে। আগৰ শিক্ষামন্ত্ৰীৰ দৰে তেওঁ নিজস্বভাৱে বিভাগটোৰ কোনো সিদ্ধান্ত ল’ব পাৰে নোৱাৰে, তাত সন্দেহ আছে।

ধনী মন্ত্ৰী অশোক সিংঘাল। হাউচিং, নগৰ উন্নয়ন, জল সিঞ্চন বিভাগৰ মন্ত্ৰী যদিও তেওঁৰ কথা আৰু কায়দাত গম পোৱা যায় মন্ত্ৰীসভাত তেওঁৰ কিছু প্ৰভাৱ আছে। মন্ত্ৰী বুলি ক’লে তেওঁৰ মুখখন অন্তঃত পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ দৰেই মানুহৰ মনত ভাঁহি উঠে। গুৱাহাটীত কৃত্ৰিম বান হ’লেই মানুহে গালি পাৰিবলৈকে এজন অন্তঃত মন্ত্ৰী আছে।

জনতা ভৱনৰ ডি ব্লকৰ প্ৰথম মহলাত এজন মন্ত্ৰীৰ চেম্বাৰ আছে। চেম্বাৰ নং- ডি-১০১। সেই চেম্বাৰটোতে ড০ শৰ্মাৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী বহে। চেম্বাৰটোৰ সন্মুখত লিখা আছে- যোগেন মহন, ৰাজহ, দুৰ্যোগ প্ৰশমন, পাহাৰ অঞ্চল উন্নয়ন আৰু খনিজ বিভাগৰ মন্ত্ৰী তেওঁ।তেওঁৰো পৰিচয় তাতেই আৱদ্ধ। ৰাজহৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী যদিও মানুহে তেওঁক সামজিক মাধ্যমত দেখা পায় বৰষুণত তিতি ফুটবল খেলি থকা অৱস্থাত।

জনতা ভৱনৰ আন এজন মন্ত্ৰীৰ কেবিন আছে ই ব্লকৰ প্ৰথম মহলাত। চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী তেওঁ। নাম সঞ্জয় কিষান। কামৰ বাবে চৰ্চা নাথাকিলেও শেহতীয়াকৈ তেওঁ বাতৰিৰ শিৰোনাম হৈছিল আন এক কাৰনতহে। দিছপুৰৰ ভিতৰত বাহৰ পতা এজন দালালে তেওঁ বিভাগৰ কনফাৰেন্স হলতে ভুৱা ৱৰ্ক অৰ্ডাৰ দি ঠিকাদাৰী প্ৰতিষ্ঠানক প্ৰৱঞ্চনা কৰিছিল। দালালৰো দীঘল হাত! মন্ত্ৰীৰ কনফাৰেন্স হলত বহি প্ৰৱঞ্চনাৰ জাল মেলিবলৈ কেনেকৈ সুবিধা পাইছিল, সেই উত্তৰহে নোলাল।

বাজেট দাখিলৰ সময়ত অন্তঃত কেইটামান ঘন্টাত তেওঁৰ মুখখন টিভিৰ পৰ্দাত জিলিকি থাকে। কিয়নো তেওঁ ৰাজ্যৰ বিত্তমন্ত্ৰী। মহিলা আৰু শিশু উন্নয়ন বিভাগৰো দায়িত্ব তেওঁৰ হাততেই। ৰাজ্য চৰকাৰে মাহত দুই তিনিবাৰকৈ ঋণ লয়, অৱশ্যে বিত্তমন্ত্ৰী হিচাপে এইবোৰ খতিয়ান ৰাইজ বা সংবাদমাধ্যমত দিব নালাগে। নামত বিত্তমন্ত্ৰী হলেও অজন্তা নেওগে ল’ব লগা সিদ্ধান্তখিনি হয়তো মুখ্যমন্ত্ৰীয়ে নিজেই লয়....

আন এজন মন্ত্ৰী পীয়ুষ হাজৰিকা। তেওঁৰ কিন্তু ব্যস্ততাই কয় সচাঁই তেওঁ এজন মন্ত্ৰী। জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আদি বিভাগ মুখ্যমন্ত্ৰীয়ে তেওঁক দি থৈছে। ট্ৰাবুল শ্বুটাৰ হিচাপেও তেওঁৰ কান্ধত আন বহু দায়িত্ব পৰে। মন্ত্ৰী বুলি কলেই মানুহৰ মনলৈ হাজৰিকাৰ মুখখন ভাঁহি আহে।

সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত এইজন মন্ত্ৰীৰ দপদপনি আছিল। এতিয়া তেওঁ আনবোৰৰ দৰে নামত মন্ত্ৰী। মন গলেই গুছি যায় চাহ বাগানৰ মাজলৈ। চাহপাত তুলি থকা চাহ বনুৱাৰ সৈতে মনৰ কথা পাতে। সতীৰ্থ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ ভিডিঅ কল কৰি দেখুৱায় কত আছে তেওঁ। কিন্তু এইজন বিমল বৰা উদ্যোগ, বাণিজ্যকে ধৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী। এদিন তেওঁৰ কান্ধত শক্তি বিভাগৰো দায়িত্ব আছিল। এতিয়া মন্ত্ৰীত্বতেই তেওঁ পৰিচয় শেষ। নিজ সমষ্টিত বিভিন্ন অনুষ্ঠান পাতি ব্যস্ত থাকে, বাকীবোৰ কাম কৰিবলৈতো খোদ মুখ্যমন্ত্ৰীয়েই আছে।

জনস্বাস্থ্য, কাৰিকৰী, নিযুক্তি, পৰ্যটন বিভাগ কেইটাৰ দায়িত্বত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। জনতা ভৱনৰ চি এম ব্লকতে তেওঁৰো আছে কোঠা। কথা কোৱাত ভাল এইজন মন্ত্ৰী। যদিও নিজ দলৰ বিধায়কে তেওঁৰ কথা কোৱা ধৰণ-কৰণে উজনিত ভোট কমাব বুলি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত মুকলিকৈ কৈছিল। মুখ্যমন্ত্ৰী গুডবুকত নাম থকাৰ বাবেই হয়তো জল জীৱন মিছন অৰ্থাত জে জে এমত সংঘটিত অনিয়ম তল পৰি ৰৈছে। বিৰোধীয়ে অৱশ্যে জে জে এমৰ সম্পূৰ্ণ নাম জয়ন্ত মল্লৰ জেপত মানি বুলি কটাক্ষও ইতিমধ্যে কৰিছে। তথাপিও তেওঁ শক্তিশালী মন্ত্ৰী, কিয়নো দাদা বিগ্ৰেডৰ তেৱোঁ এক শক্তি।

শক্তি তেওঁৰ কান্ধত, কিন্তু তেওঁ শক্তিধৰ নহয়। নাজানে কত কি হৈ আছে। জানে কেৱল তেওঁ মন্ত্ৰী হৈ আছে। শক্তি, ক্ৰীড়া আৰু যুৱকল্যাণ, কৰ্পাৰেশ্যন আদি বিভাগৰ মন্ত্ৰী তেওঁ। নাম নন্দিতা গাৰ্লোচা। ঠিকনা- ডি ব্লক, জনতা ভৱন, দিছপুৰ। স্মাৰ্ট মিটাৰক লৈ জ্বলি আছে ৰাজ্য, কিন্তু তেওঁ কাণসাৰ নাই। যি কব লাগে মুখ্যমন্ত্ৰীয়ে কৈছে বা কব। গৰমৰ দিনত বিদ্যুতৰ সঘন লুকা-ভাকু হলে মানুহে তেওঁক গালি নাপাৰে, কিয়নো বেছি ভাগেই তেওঁক মন্ত্ৰী বুলিয়েই নাজানে।

এনেকৈয়ে অসমত বহু মন্ত্ৰী আছে। বিভাগৰো দায়িত্ব তেওঁলোকৰ নামত আৱন্টিত হৈছে। তাতেই গৰিষ্ঠ সংখ্যক মন্ত্ৰীয়েই সন্তুষ্টি লাভ কৰিব লগা হৈছে। কিয়নো তেওঁলোকৰ ওপৰত সকলবোৰ সিদ্ধান্ত ল’বলৈ এজন ড০ হিমন্ত বিশ্ব শৰ্মা আছে....