বিশেষ লেখা

মই এৰিলো আছুঃ আহিল খবৰ...

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

এটা অধ্যায় অন্ত পৰাৰ দিশে। সন্দেহ, ৰহস্যৰ মাজেৰে অন্ত পৰা এই অধ্যায়ৰ প্ৰকৃত কাহিনীবোৰ পোহৰলৈ আহে নাহে সেয়া সময়ে ক’ব। বিশাল, চুমি-তাৰ্কিকৰ অনলাইন ট্ৰেডিং কেন্দ্ৰিক ঘটনাবহুল কথাবোৰৰ মাজত চৰ্চা হৈছিল এখন ডেষ্টিনেশ্যন বিয়াৰ।

এইবাৰ ডেষ্টিনেশ্যন বিয়া নহয়, এটা ডেষ্টিনেশ্যন বাৰ্থ ডেৰ কথা পোহৰলৈ আহিছে। বাৰীত পাক মাৰি নহয়, জম্মু-কাশ্মীৰত ঘূৰি ফুৰি অসমৰ এগৰাকী গায়িকাই উদযাপন কৰিলে তেওঁৰ জন্মদিন। লগত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিৰ্তকিত নেতা।

এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এই নেতাজনে বৰ্তমানৰ প্ৰেয়সী গায়িকাক লগত লৈ ৭জুলাই, ২০২৪ত ৰাওনা হৈছিল হৈছিল জম্মু-কাশ্মীৰ দিশে। গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত বৰ্ডিং পাছ সংগ্ৰহ কৰাৰ সময়ত দেখা পোৱা গৈছিল তেওঁলোকক একেলগে।

তাৰ পাছত তেওঁলোকে একেলগে বিমানেৰে উৰা মাৰিছিল জম্মু-কাশ্মীৰ দিশে। পিছদিনাই অৰ্থাৎ ৮জুলাই, ২০২৪ত জম্মু-কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশত উদযাপিত হৈছিল ডেষ্ট্ৰিনেশ্যন বাৰ্থ ডে। এই জন্মদিন উদযাপনৰ আলোকচিত্ৰ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণৰ কিছু স্মৃতি পৰৱৰ্তী সময়ত এই গায়িকাগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল।

বিৰ্তকিত ছাত্ৰ নেতাজনৰ বিৰুদ্ধে আছে বহু অভিযোগ। এক প্ৰকাৰে মইমতালিৰে আছুক পৰিচালনা কৰিব খোজা এই ছাত্ৰ নেতাজনে নিজৰ পছন্দ লোককহে দিছিল জিলা কমিটীসমূহৰ দায়িত্ব। তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ অধিৱেশনত তিনিচুকীয়া সদৰ আৰু ডুমডুমাৰ দুখন আঞ্চলিকৰ সভাপতি-সম্পাদকৰ দায়িত্বত থকা চাৰিজনক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্ব অৰ্পন কৰিছিল।

বঞ্চিত আন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ভয়তে প্ৰতিবাদ কৰা নাছিল। কিয়নো শংকৰজ্যোতি সিদ্ধান্তৰ বিৰোধিতা কৰা মানেই আছুত কেৰিয়াৰ শেষ। সমৰ গোহাঁই নামৰ তিনিচুকীয়াৰ ছাত্ৰ নেতাজনক ইচ্ছা কৰিয়েই দিব বিচৰা নাছিল ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ পদ।

সমৰ গোহাঁইক পিছত অৱশ্যে এই পদ দিবলৈ বাধ্য হৈছিল। কিন্তু তিনিচুকীয়া অধিৱেশনতে অনীতিগতভাৱে ডিগবৈৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নিখিল কোচঁৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পদ কৰ্তন কৰিছিল। তেওঁৰ মতে ডিগবৈত অনুষ্ঠিত শ্বহীদ দিৱস সফলভাৱে হেনো অনুষ্ঠিত কৰিব পৰা নাছিল নিখিল কোচেঁ।

মৰিগাঁৱত অনুষ্ঠিত হোৱা আছুৰ অধিৱেশনত নিখিল কোঁচে তিনিচুকীয়াৰ পৰা আৰ্থিকভাৱে সহায় কৰিব খুজিছিল। তেওঁক নোসোধাকৈয়ে এই সহায় কৰিব খোজাতোৱেই নিখিল কোঁচৰ যে কাল হৈছিল, সেয়া কিন্তু জনাই জানে।

আছুত থাকিলেও তেওঁৰ লক্ষ্য কেতিয়াবাৰ পৰাই বিধানসভা নিৰ্বাচন। দুলীয়াজানৰ পৰা তেওঁ নিৰ্বাচন খেলাৰ পৰিকল্পনা সম্পূৰ্ণ কৰি থৈছে। দুলীয়াজান সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰে চাইকেল। কিন্তু এই চাইকেলৰ উৎস কি, সেই কথা জানিলেহে সকলোৱে চকু কপাঁলত উঠিব।

ৰিলায়েন্সৰ পৰা বছৰি ১৫লাখ-১৯লাখ পৰ্যন্ত ধন কাৰ জেপলৈ আহে, সেই কথা ছাত্ৰ সন্থাৰ প্ৰতিজন সচেতন বিষয়ববীয়াই জানে। কোনোবাই এইবোৰত ছান্দা বিচাৰি গ’লেই তেওঁ ধমকি মাৰে। আছুক তেওঁ কি পৰ্যায়লৈ লৈ গৈছিল তাৰ কিছু উদাহৰণহে এয়া।

তেওঁৰ বিৰুদ্ধে উত্থাপিত কিছু অভিযোগ ব্যক্তিগত বিষয়। সেইবুলি ধৰি লৈ কিছু অভিযোগ এৰাই চলিব পাৰি। কিন্তু সেই অভিযোগবোৰে এটা সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰিলে তাক কেনেকৈ কেৱল ব্যক্তিগত বুলিব পাৰি।

কাৰ সৈতে তেওঁ ডেষ্টিনেশ্যন বাৰ্থ ডে চেলিব্ৰেট কৰিছিল সেয়াও চৰ্চাৰ বিষয় নহ’লহেতেন যদিহে কোনোবাই তেওঁৰ প্ৰতি অভিযোগ আঙুলি নুতুলিলেহেতেন। সদৌ অসম ছাত্ৰ সন্থাক উজনি-নামনিত বিভক্ত কৰিব খুজিলেও শেহতীয়াকৈ তেওঁৰ সেই চেষ্টাও বিফল হ’ল।

উজনি অসমৰ প্ৰায়বোৰ জিলা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই তেওঁৰ সংগ এৰাটো নিশ্চিত কৰিছে। শিৱসাগৰত এই সন্দৰ্ভত এক সৰ্বসন্মত সিদ্ধান্ত ল’বলৈ আছুৰ কেইবাখনো জিলাৰ বিষয়ববীয়া তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই এক সভাও আহ্বান কৰে।

এই সভাত যোগদান কৰিবলৈ অহা জিলাসমূহৰ ভিতৰত মাজুলীৰ সকলো কেইজন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই তেওঁৰ বিৰুদ্ধেই থিয় দিয়াৰ সিদ্ধান্ত লৈছে। চৰাইদেউ জিলাৰ প্ৰশান্ত দত্ত নামৰ কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ বাদে বাকী সকলোৱে আছুৰ কেন্দ্ৰীয় নেতৃত্বই দিয়া পৰামৰ্শৰ প্ৰতি সহমত পোষণ কৰিছে।

শিৱসাগৰ জিলাৰ আছুৰ নেতা আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ স্পষ্ট মত, তেওঁলোক শংকৰজ্যোতি বৰুৱাৰ সৈতে নাই। যোৰহাটৰ দুই আছু নেতা ৰক্তিম আৰু অৰ্জুন তেওঁৰ পক্ষত যদিও বাকীসকল তেওঁৰ বিপক্ষে। লখিমপুৰ, গোলাঘাট, তেজপুৰ সকলো সদস্যই তেওঁৰ স্থিতিক সমৰ্থন কৰা নাই। তাৰ পাছত শংকৰজ্যোতি বৰুৱা কেনেকৈ থাকিব পাৰে আছুৰ সাধাৰণ সম্পাদক হৈ।

পৰিৱেশ পৰিস্থিতি চাই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিবলৈ।  ইয়াৰ বিকল্প পথ এতিয়া শংকৰজ্যোতি বৰুৱাৰ হাতত নাছিল। আহিল খবৰ- মই এৰিলো, আছুৰ সাধাৰণ সম্পাদকৰ পদ...