বিশেষ লেখা

আমি এতিয়া যন্ত্ৰ...

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

মানুহবোৰ স্মাৰ্ট হৈছে। জীৱনবোৰ স্মাৰ্ট যন্ত্ৰ-পাতিৰে সমৃদ্ধ হৈছে। এই পৰিৱৰ্তনে জীৱনলৈ বহু সলনি আনিছে। সেই সলনি ভাল বেয়া তাৰ তুলনা মানুহে কৰিবলৈ আৰম্ভ কৰিছে। স্মাৰ্টৰ এই ধাৰণাই শিশুসকলৰ মনতো প্ৰভাৱ পেলাইছে। মৰিগাঁও জিলাৰ এখন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সংঘটিত কৰা কাণ্ডই প্ৰায় সকলোকে আচৰিত কৰি তুলিছে।

বিদ্যালয়খনলৈ স্মাৰ্টফোন নিয়াৰ নিষিদ্ধ আছিল। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে স্মাৰ্টফোনটোৰ জোখত বিজ্ঞানৰ কিতাপখনৰ মাজভাগ কাটি তাত ফোনটো সংস্থাপন কৰি লৈ যোৱা ঘটনা প্ৰথমে পোহৰলৈ আহিছিল। কোনেও ধৰিব নোৱাৰে ছাত্ৰীগৰাকীয়ে কিতাপ পঢ়ি আছে নে স্মাৰ্টফোন চাই আছে।

সেই ঘটনা পোহৰলৈ অহাৰ পাছত বাকী ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপবোৰ পৰীক্ষা কৰোতে ওলাল আন ৫০টাতকৈ অধিক স্মাৰ্টফোন। যিবোৰ এনেদৰে তেওঁলোকে কিতাপৰ মাজত অতি কৌশলেৰে ভৰাই লৈ আহিছিল।

স্মাৰ্টফোনৰ প্ৰতি নতুন প্ৰজন্মৰ অত্যাধিক আগ্ৰহ এতিয়া অভিভাৱকৰ বাবেই এক ডাঙৰ সমস্যা হৈ পৰিছে। একেদৰে সমাজৰ বাবেও স্মাৰ্ট সামগ্ৰীবোৰ এক বোজাঁ সদৃশ হৈ পৰাৰ দিশে যেন আগবাঢ়িছে।

উন্নয়নৰ আচিলা লৈ এই স্মাৰ্ট সামগ্ৰীবোৰৰ জৰিয়তে এতিয়া কোনোৱে কাৰোবাক ঠগ-প্ৰৱঞ্জনা কৰাতো সহজ হৈ পৰিছে। বিদ্যুত মাচুলৰ আকাশলংঘী মূল্যবৃদ্ধিত অতিষ্ঠ হৈ পৰিছে জনতা। তাৰ কাৰন ৰাইজে স্মাৰ্ট মিটাৰ বুলি অভিযোগ তুলিছে।

চৰকাৰে সেই অভিযোগ অস্বীকাৰ কৰিলেও বিদ্যুত সংযোগৰ সৈতে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পাছত সাধাৰণ গ্ৰাহকৰ বিল কেইবাগুণ বৃদ্ধি পোৱাৰ বেমেজালিবোৰ কিয় হৈছে, তাৰ সুদোত্তৰ কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত নাই।

ৰাজপথলৈ ইয়াৰ বিৰুদ্ধে মানুহ ওলাই আহিছে। বিধানসভাত বিৰোধী স্মাৰ্ট মিটাৰক লৈ গৰজি উঠিছে। স্মাৰ্ট এতিয়া যেন ডাঙৰ সমস্যা। কৃত্ৰিম বানত অৱস্থা নোহোৱা হোৱা গুৱাহাটী মহানগৰবাসীৰ বাবে স্মাৰ্ট চিটিৰ ধাৰণাই এতিয়া অমূলক হৈ পৰিছে।

ক্ষোভিত মহানগৰবাসীয়ে স্মাৰ্ট চিটিৰ অৱস্থা কিয় এনে হৈছে বুলি প্ৰশ্ন কৰিছে যদিও গুৱাহাটীক স্মাৰ্ট কৰিবলৈ যাওতে সেই সমস্যাৰ বহু অংশ চৰকাৰে নিজেই সৃষ্টি কৰি লৈছে। এতিয়া জীৱন স্মাৰ্টৰ ওপৰত চলে। স্মাৰ্ট নহলে হেনো জীৱন সুচল নহয় আজিৰ সময়ত।

আমি স্মাৰ্টৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলো। হাতত স্মাৰ্ট ঘড়ী, ঘৰত স্মাৰ্ট টিভি, জেপত স্মাৰ্ট কাৰ্ড, চকুত স্মাৰ্ট গ্লাছ ইত্যাদি আজিৰ জীৱনশৈলীৰ অংশ হৈ পৰিছে। মানুহক স্মাৰ্ট কৰিবলৈ আমাক এনেদৰে জাপি দিয়া এই সামগ্ৰীবোৰে এফালে আমাক অকামিলা কৰি পেলালে, আনফালে বহুজাতিক কোম্পানীসমূহৰ বহতীয়া কৰি তুলিলে।

হাতত থকা স্মাৰ্ট ফোনটো অলপ সময়ৰ বাবে বন্ধ বা বেয়া হৈ পৰিলেই আমাৰ জীৱন যেন অচল হৈ পৰে। সেই স্মাৰ্টফোনটোতেই আমি বেংকৰ লেনদেন কৰো, মানুহৰ সৈতে যোগাযোগ চলে,  প্ৰয়োজনীয় নথি পত্ৰ সমূহ তাতেই জমা ৰখাৰ ব্যৱস্থা আছে, আটাইতকৈ গোপনীয় অ টি পি বোৰ মোবাইলটোতেই আহে।

ঘৰৰ চিলিণ্ডাৰটো বুক কৰাৰ আৰম্ভ কৰি বজাৰ-সমাৰ, লেন-দেন আদি সকলোৰে বাবে আমি মোবাইলটোৰ ওপৰত নিৰ্ভৰশীল। সেই নিৰ্ভৰশীলতাই মানুহৰ স্বভাৱকে বদলাই দিলে। আন একো নহ’লেও হাতত থকা স্মাৰ্টফোনটো লৈ বিভিন্ন সামাজিক মাধ্যমত ভিডিঅ বা পোষ্টবোৰ চাই সময় অতিবাহিত কৰাতো মানুহৰ এতিয়া নিচা হৈ পৰিল।

ক্লাছ ৰূমবোৰো এতিয়া স্মাৰ্ট ক্লাছৰূম হ’ল। শিক্ষক-ছাত্ৰ সম্পৰ্কবোৰ ৰ্নিভেজাল আন্তৰিকতাৰ পৰা তথ্য-প্ৰযুক্তি নিৰ্ভৰ এই স্মাৰ্ট সামগ্ৰীবোৰৰ সৈতে প্ৰতিযোগিতাত বিলীন হৈ গ’ল। সামগ্ৰীবোৰৰ দৰেই মানুহৰ মনবোৰ এক স্মাৰ্ট ধাৰণাই গ্ৰাস কৰি পেলালে। কোন কিমান স্মাৰ্ট তাৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামি গ’লো আমি।

নেতা-মন্ত্ৰীসকলো স্মাৰ্ট হ’ল। স্মাৰ্টসকলেহে এতিয়া এই সময়ত তিষ্ঠি থাকিব পৰাৰ পৰিৱেশ সৃষ্টি হ’ল।  আমি নিজক স্মাৰ্ট কৰিব নোৱাৰিলে বা নাজানিলে যেন একেখন পৃথিৱীতেই তেওঁলোক ক’ত আৰু আমি ক’ত এই তুলনাৰ প্ৰভেদৰ পাহাৰ এখন গঢ় লৈ উঠিল।

কিন্তু বেছি স্মাৰ্ট সকলোৰে বাবে যেন এক প্ৰত্যাহ্বান, সেই কথাও প্ৰকৃতিয়ে সোৱঁৰাই আছে। স্মাৰ্ট পত্নীও হৈ পৰিলে বহুতৰ বাবে মূৰ কামোৰণি। স্মাৰ্ট নেতাৰ মুখবোৰ পৰা ওলোৱা স্মাৰ্ট কথাবোৰো হৈ পৰে নিজৰ বাবেই এক ডাঙৰ বোঁজা…