বিশেষ লেখা

নমো!

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

তেওঁ ভগৱান নহয়! ভগৱানৰো উৰ্ধৰ এক পৰম আত্মা। জন্মৰ সন্দৰ্ভত তেওঁৰ উপলদ্ধি জীৱ বিজ্ঞানে ঢুকি নাপায়। সম্ভৱত সেয়া এক অৱতাৰ। যি অৱতাৰৰ নাম মোডী অৱতাৰ।

এনেকৈয়ে তেওঁৰ সন্দৰ্ভত যি ধাৰণা মানুহৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছে, তাত ৰাজনীতি আছে। আৰু এই ধাৰণাক বিশ্বাস কৰা সকলে এই ৰাজনীতিৰ বুজি নাপায়। এই অৱতাৰধাৰী পুৰুষক কিমান দিনলৈ ভাৰতলৈ পঠাইছে, তাৰো এক আভাস দিয়া হৈছে।

আমি আজি ৰাজনৈতিকভাৱে সেইখন ভাৰতৰ বাসিন্দা, সেইখন ভাৰত নামৰ গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ ভোটাৰ। সময়ে আমাক আগুৱাই নহয়, পিছুৱাই নিছে। তেনে স্বয়ম্ভু অৱতাৰধাৰী পুৰুষৰ আঙুলিত ধৰি আমি সেই পিছমুখী যাত্ৰাৰ সংগী হৈছো।

ৰাজনীতি মানেই সন্মোহন। ৰাজনীতি মানেই মিছা প্ৰতিশ্ৰুতি। ৰাজনীতি মানেই মিছা সপোন। সেইবোৰহে ইমান দিনে আছিল। কিন্তু এতিয়া ৰাজনীতি এনে পৰ্যায়লৈ গুচি গৈছে যে, সত্যযুগৰ সেই অৱতাৰ আজি আৰ্বিভাৱ হৈছে বুলি কোনোবাই কৈছে আৰু আমি বিশ্বাস কৰি লৈছো।

দেশৰ গুৰুত্বপূৰ্ণ পদবীত থাকিও তেওঁ কাৰোবাৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ ভয় কৰে। সেই সাহস তেওঁ যোৱা ১০বছৰে নহ’ল। কিন্তু তেওঁ এনে এচাম সাংবাদিকৰ মুখামুখি হ’ব পাৰে যিসকলে তেওঁ বিচৰা ধৰণে প্ৰশ্ন কৰিব পাৰে।

তেওঁক ইলেক্টৰেল বণ্ড, ঔষধৰ দাম কিয় বাঢ়িছে, সাম্প্ৰদায়িক বিভেদৰ পৃষ্ঠপোষক কোন,  নিবনুৱা সমস্যাৰ সমাধান কেতিয়া, ১৫লাখকৈ টকা জনতাৰ একাউন্টত নোসোমাল কিয়, কৃষকৰ সমস্যাৰ সমাধান হ’বনে আদি প্ৰশ্নবোৰ কৰাৰ সুবিধা দিয়া হোৱা নাই। সেই সুবিধা বা সাহস থকা সকলক আঁতৰাই ৰখা এই প্ৰপেগাণ্ডাত সফল তেওঁ।

তেওঁক সুধিব পাৰি- তেওঁৰ ভাগৰ নালাগে নেকি, কেনেকৈ তেওঁ সপ্ৰতিভ হৈ থাকে, আম তেওঁ কেনেকৈ খায় আদি প্ৰশ্ন। ৰাজনৈতিক মাৰ্কেটিঙত তেওঁ ব্লু আইড বয়। বাস্তৱতাক পৰিহাৰ কৰি এক কৃত্ৰিম পৰিৱেশৰ মাজত তেওঁক তুলি ধৰা এই প্ৰয়াস নিৰ্বাচনৰ বতৰত অধিক তীব্ৰতৰ হৈ পৰিছিল।

ইজৰাইলৰ খবৰ ৰখা মানুহজনে মণিপুৰৰ খবৰ ৰাখিবলৈ সময়ে নাপালে। পাকিস্তানত বানপানী হ’লে সাহায্য দিবলৈ উত্তাৱল হৈ পৰা ক্ষমতাশালী মানুহজনে নিজ দেশত বানপানীত মানুহ ককবকাই থাকিলেও মুৰ তুলি নাচায়।

ৰাজনীতিত ভ্ৰষ্টাচাৰ, অনিয়ম আছিল। আমাৰ দেশৰ ৰাজনীতিত কোনো এক নিৰ্দিষ্ট নেতাৰ মাৰ্কেটিং নাছিল। সেই মাৰ্কেটিঙৰ শুভাৰম্ভ তেওঁ কৰিলে। তেওঁৰ ইচ্ছাই এতিয়া প্ৰতিটো পৰিঘটনা সম্পূৰ্ণ হয়। আমি কিমান সৌভাগ্যৱান আমাক শাসন কৰিবলৈ মহাশূণ্যৰ পৰা নামি আহিছে ভগৱানে আৰোধ্য কৰা জন।

কেতিয়াবা বাঘৰ সৈতে, কেতিয়াবা ময়ুৰ পক্ষীৰ সৈতে উমলি-জামলি তেওঁ সময় অতিবাহিত কৰে। বিশ্বৰ আটাইতকৈ ক্ষমতাশালী দেশৰ মুৰব্বীগৰাকী আহিলে তেওঁৰ ব্যস্ততা বাঢ়ে। বিদেশত তেওঁৰ কিমান অনুৰাগী আছে সেয়া প্ৰমাণ কৰিবলৈ হাজাৰ হাজাৰ কোটি টকাৰ ব্যয়ৰে তেওঁৰ নামত ইভেন্ট হয়।

তৃতীয় বাৰলৈ তেওঁ সেই ক্ষমতাৰ দম্ভ লৈ কি কৰিব তাৰ হিচাপত ব্যস্ত। যদি হিচাপ মিলে তেওঁ নিজক আৰু অধিক একক- অনন্য কৰিবলৈ আন বহু কাম কৰিব পাৰে। মানুহে তেওঁৰ এই মতি-গতি দেখি মৌন হৈ থাকিব লাগিব। ৰজাৰ ইচ্ছাক বাধা দিয়াৰ কাৰ আছে শকতি।

তেওঁৰতো মন এক নিৰ্দিষ্ট স্থানত বহি ধ্যানত মগ্ন হবলৈ। অযোধ্যালৈ ৰামক ঘূৰাই আনি প্ৰতিষ্ঠা কৰাৰ পাছত এই কামত তেওঁ মনোনিৱেশ কৰিছে। সপ্তম পৰ্যায়ৰ ভোটদান ১জুন, ২০২৪ত অন্ত পৰিব। তাৰ পাছতেই তেওঁ ধ্যানত বহিব।

তামিলনাডুৰ কন্যাকুমাৰীৰ এটা বিখ্যাত মন্দিৰ বিবেকানন্দ ৰক মেমৰিয়েল মন্দিৰ। ১৮৯৩চনত চিকাগোৰ ধৰ্ম সন্মিলনলৈ গৈছিল স্বামী বিবেকানন্দ। তেওঁ সেই সন্মিলনলৈ যোৱাৰ পূৰ্বে যি স্থানত ধ্যানত মগ্ন হৈছিল সেই স্থানতে ৪৮ঘন্টাৰ বাবে ধ্যানত মগ্ন হব তেওঁ।

এই ধ্যানে তেওঁক বহু প্ৰশ্নৰ পৰা আঁতৰাই ৰাখিব। নিৰ্বাচনী ফলাফল কি হ’ব, সেয়া ৪জুনে ক’ব। কিন্তু তেওঁৰ বাবে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। তেওঁৰ নামতেই দেশজুৰি তেওঁৰ দৰে অৱৰ্তীণ হৈছিল এই যুঁজত।

বিৰোধীয়ে এই পৰম আত্মাৰ কাহিনী ইতিমধ্যে কটাক্ষ কৰিছে। ওপৰৰ পৰা টপকিলে নেকি বুলি প্ৰশ্ন সুধিছে। তেওঁক পৰম আত্মাই আদানী, আম্বানীক সহায় কৰাৰ সলনি কৃষক-মজদুৰক সহায় কৰাৰ বাবে আহ্বান জনাইছে। এতিয়ালৈকে হেনো তেওঁৰ পৰম আত্মাই পুজিঁপতি আদানী-আম্বানীকহে সকলো দি আজৰি হৈ পৰিছে। বাকী দুৰ্বল দৰিদ্ৰ শ্ৰেণীয়ে অন্ধ ভক্ত হৈ তেওঁৰ নামতেই নমো নমো কৈ চিঞৰি মৰিছে...