বিশেষ লেখা

এদিন হ'লেও জনতাই বুজিব চৰকাৰী আঁচনিৰ আঁৰৰ ৰহস্য...

গণতন্ত্ৰত ৰাইজে ৰজা। সেয়া মনত ৰখা উচিত প্ৰতি গৰাকী নেতাই। এফালে চৰকাৰী আঁচনি আৰু আনফালে মূল্যবৃদ্ধিৰ মাজৰ সম্পৰ্ক বুজি উঠিব জনতাই

Asomiya Pratidin

বৰষা শৰ্মা

এটা সময় আছিল, যি সময় দেশৰ ইতিহাসৰ ক'লা অধ্যায় হিচাপে চিৰদিন থাকি যাব। যি অধ্যায় পঢ়িলে প্ৰতি গৰাকী ভাৰতীয়ৰে গাৰ নোম শিয়ৰি উঠে। ইংৰাজৰ ৰাজত্বৰ কথা আমি সকলোৱে জানো। অসমত ইয়াৰ প্ৰভাৱৰ বিষয়েও আমি জ্ঞাত। অসমীয়া সকল সহজ-সৰল লোক। সেই লোক সকলক কানি খুৱাই অকামিলা কৰি তোলাই নহয় দমন, উৎপীড়নেৰে অতিষ্ঠ কৰি তুলিছিল। প্ৰতিবাদ কৰিলেই দেশদ্ৰোহী ৰূপে গণ্য কৰি ফাঁচী কাঠত তোলা হৈছিল। অসহনীয় হৈ উঠা এনে পৰিস্থিতিয়ে ভাৰতবাসীয়ে প্ৰতিবাদ কৰাৰ পূৰ্বেই অসমৰ পৰাই আৰম্ভ হৈছিল প্ৰতিবাদৰ জোৱাৰ। সেই প্ৰতিবাদ কৰিছিল অশিক্ষিত কৃষকে। যাৰ উদাহৰণ ১৮৬১ চনৰ ফুলগুৰিৰ ধোৱা।

১৮৫৭ চনত সমগ্ৰ দেশত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ পূৰ্বেই ব্ৰিটিছ চিপাহী অসমৰ গোমধৰ কোঁৱৰে আৰম্ভ কৰিছিল প্ৰতিবাদ। অসমীয়া পূঁজিপতি মণিৰাম দেৱানৰ দৰে ব্যক্তিকো গোমধৰ কোঁৱৰৰ দৰে দেশদ্ৰোহী সজাই ফাঁচী কাঠত তোলা হৈছিল।

জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা ভাৰত ত্য়াগ আন্দোলনে অসমতো সৃষ্টি কৰিছিল জনজাগৰণ। বাপুজী নিজে আহি অসম ঘূৰিছিল। দেশজোৰা এই গণজাগৰণৰ পৰিণতিত ব্ৰিটিছে অতি কৌশলপূৰ্ণ ভাৱে তেওঁঁলোকৰ এজেন্ট ৰূপে কাম কৰিব পৰা এচাম চতুৰ মধ্যবিত্তীয় নেতাৰ হাতত দেশৰ ক্ষমতা গতাই দি মেলানি মাগিছিল।

আমি সেই অধ্যায়ৰ কথা কব খোজা নাই। কব খুজিছো বগা চাহাব, ক'লা চাহাবৰ কথা। বগা ব্ৰিটিছ চাহাবে আমাৰ হাতৰ কলা চাহাবৰ হাতত গতাই দিয়া ক্ষমতাই দেশৰ জনসাধাৰণক ৭৮ বছৰতো আস্বস্ত কৰিব নোৱাৰিলে।

পৰিৱৰ্তন বিচাৰি হাবাথুৰি খোৱা ৰাইজে ইখনৰ পাছত সিখন চৰকাৰ পাতি আন্ধাৰৰ পৰিৱৰ্তে পোহৰৰ সন্ধান কৰিও বাৰে বাৰে দেশৰ নেতাৰ হাততেই লাঞ্চিত, বঞ্চিত, প্ৰৱঞ্চিত হ'ল।

১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ সময়চোৱাই শাসকৰ আচল ৰূপ উদঙাই দিয়াই নহয়, ব্ৰিটিছ শাসকৰ দিনতকৈয়ো অত্যাচাৰ সহিব লগা আন এক অধ্যায় ইতিহাসৰ পাতত লিপিবদ্ধ কৰিলে। দেশৰ লগতে অসমৰ ৰাইজে সুদীৰ্ঘ কাল কংগ্ৰেছৰ শাসনৰ অধীনত সময়ে সময়ে অপশাসন ভোগ কৰাই নহয়,লাখ লাখ বিদেশীৰ বোজা জাপি ল'ব লগা হোৱা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰিটিছ খেদাৰ দৰে বিদেশী খেদা আন্দোলন কৰিব লগা হয়।

৮ শতাধিক লোকে এই আন্দোলনত প্ৰাণ দিলে। সেই আন্দোলনৰ নেতৃত্বত এক জাতীয় চৰকাৰ প্ৰতিষ্ঠাও কৰি চালে। পিছে সেই নেতৃত্বৰ দ্বিতীয়টো কাৰ্যকালত বহু চৰ্চিত গুপ্ত হত্যাৰ দৰে আন এক ক'লা অধ্যায়ৰ অভিজ্ঞতা শিৰ পাতি ল'ব লগা হয়। যাৰ সুযোগ গ্ৰহণ কৰি পুনৰ গাদীত বহিল কংগ্ৰেছ। সেই কংগ্ৰেছৰ অপশাসনে পূৰ্বৰ দৰে জুৰুলা কৰিলে সকলোকে।

অসমতে নহয়, সমগ্ৰ দেশত কংগ্ৰেছৰ নেতৃত্বৰ উইপিএ চৰকাৰৰ দ্বাৰাই চলিল দমন, উৎপীড়ন, লুট-পাত। ইয়াৰ পৰিত্ৰাণ বিচাৰি গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত দেশজুৰি গঢ় লৈ উঠিল পৰিৱৰ্তনকামী জন জাগৰণ।

ইয়াৰ সুযোগ ল'লে বিজেপিয়ে। বিভিন্ন ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তিক একত্ৰিত কৰি বাজপেয়ীয়ে ইতিপূৰ্বে গঠন কৰা এনডিএ সাময়িক চৰকাৰ এইবাৰ স্থায়ী চৰকাৰত পৰিণত হ'ল।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৰল-সাধাৰণ জীৱন-যাপন আৰু উত্তৰ পূৱক মুখ্য কৰি সমগ্ৰ দেশৰ বিকাশৰ বাবে তেওঁ দেখুওৱা প্ৰত্যয় ভৰা সপোন যেন দিঠকত পৰিণত হ'বলৈ বাকী থাকিল। লাহে লাহে অবাস্তৱ ৰূপে পৰিগণিত হ'ব ধৰিছে। যাৰ ফলশ্ৰুতিতে উত্তৰ-দক্ষিণ ভাৰতেই নহয়, পূৰ্বাঞ্চলতো লাহে লাহে জনতাৰ মাজত পুঞ্জীভূত ক্ষোভে প্ৰতিবাদৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে।

তাৰ সুযোগ যেন গ্ৰহণ কৰিছে আম আদমী পাৰ্টীয়ে। অসমৰ মানুহৰ অভাৱৰ সময়ত ৰাইজৰ ফালে হাত আগবঢ়াই দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইতিমধ্যে দেশৰ বিভিন্নখন ৰাজ্যত দলটোৱে প্ৰৱেশ কৰাৰ যথেষ্ঠ চেষ্টা কৰিছে।

২ এপ্ৰিলত অসমলৈ আহিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ আক্ৰমণ কৰে দুই গৰাকী মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী আৰু কেজৰিৱালৰ মাজত ছ'চিয়েল মিডিয়াত বহু বাক-বিকণ্ডা হৈছিল। অসমৰ মুখ্যমন্ত্ৰীয়ে সেই সময়তে আমন্ত্ৰণ জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক। সেই চেলেঞ্জ যেন পূৰণ কৰিলে কেজৰিৱালে।

আজি আহিল অসমলৈ। দিল্লী আৰু অসমৰ চৰকাৰৰ তুলনা কৰি তেওঁ কয় যে প্ৰায় একেলগে দিল্লীত কেজৰিৱাল আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হৈছিল। দিল্লীত সকলো সলনি হৈ গ'ল। স্কুল, ৰাস্তা, চিকিৎসালয় সকলো দিল্লী আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে? তেওঁ কেৱল লেতেৰা ৰাজনীতি কৰিছে।

মই অসম আহিম বুলি কোৱাই তেওঁ মোক জেলত ভৰাই থ'ম বুলি ভাবুকি দি আছে। মই সন্ত্ৰাসবাদী নেকি যে জেলত ভৰাব? অসমৰ মুখ্যমন্ত্ৰী ঠিকেই হ'ল অসমৰ সংস্কৃতি নিশিকিলে।

অসমৰ লোকে অতিথি আহিলে সন্মান কৰে। অসমৰ মানুহে ধমক নিদিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ জনালে কেজৰিৱালে। লগতে দিল্লী ফুৰাব বুলি কৈ ক'লে যে দিল্লীত কিমান উন্নতি কৰিছো সেয়া দেখুৱাম।

অসমৰ নিবনুৱা সমস্যাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে অসমৰ যুৱ সমাজে চিঞৰি চিঞৰি কৈছে যে চাকৰি লাগে। কিন্তু তেওঁলোকৰ দাবী শুনিবলৈ হিমন্ত বিশ্বৰ সময় নাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমত ২৫ লাখ নিবনুৱা আছে , কিন্তু সঁচা অৰ্থত ইয়াৰ সংখ্যা প্ৰায় ৫০ লাখ মান।

প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভতো মন্তব্য কৰে কেজৰিৱালে । তেওঁ কয় যে যি ৰাজ্যৰ চৰকাৰে প্ৰশ্ন কাকত চম্ভালিবব পৰা নোৱাৰে, চৰকাৰে কেনেদৰে চলাব? দিল্লীত প্ৰশ্নকাকত ফাদিল হোৱা নাই। ইয়াত কিয় ফাদিল হয়? কাৰণ কোনোবা ভিতৰত থাকি প্ৰশ্নকাকত বিক্ৰী কৰি আছে। ইয়াৰ বাবে কোনোৱে শাস্তি পালেনে নাপালে কাৰণ সকলো মিলি আছে।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী সন্দৰ্ভতো কেজৰিৱালে মন্তব্য কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে ইয়াত বিদ্যালয় খোলে। গতিকে চৰকাৰী স্কুল কিয় চলিব। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খোলে তাত গৰীৱে শিক্ষা নাপায়। দিল্লীতো পূৰ্বতে এয়াই হৈছিল। মন্ত্ৰীৰ স্কুল চলিছিল। আমাৰ চৰকাৰ আহিল। এতিয়া কোনো নেতাৰ স্কুল নচলে।

কোনো ধৰণৰ বিতৰ্কিত, ধৰ্মীয় ,মন্তব্য নকৰি কেৱল উন্নয়নৰ কথা কৈয়ে গুচি গ'ল কেজৰিৱাল। দিল্লীৰ উন্নয়ন আৰু অসমৰ কথা ৰিজাই বহু কথা কৈ গ'ল নেতা গৰাকীয়ে। তাৰ মাজতে বাৰে বাৰে নেতা গৰাকীয়ে ঝাড়ুট বুটাম টিপাৰ কথা কোৱাৰ বাবে একাংশ সচেতন লোকে বহু প্ৰশ্নৰো উত্থাপন কৰিছে।

অসমৰ লোক এতিয়া অতিষ্ঠ হৈছে। কিন্তু চৰকাৰৰ আছে মনত পঞ্জীভূত হ'বলৈ ধৰা ক্ষোভ ক্ষান্ত কৰাৰ উপায়। চৰকাৰে এটাৰ পাছত আন এটা আঁচনি ঘোষণা কৰি গৈছে। জনতাই ভাল পাইছে। কিন্তু বুজি পাবলৈ এতিয়াও বাকী আছে যে চৰকাৰৰ কানি আৰু চৰকাৰী আঁচনিৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই।

চৰকাৰৰ বিভিন্ন আঁচনিৰ ফলত মানুহবোৰ অকামিলা হৈ পৰিছে। খেতিত হাল চলোৱাতকৈ চৰকাৰী আঁচনিৰ পাছত দৌৰাতো একাংশৰ কাম্য। পুৱা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱালৈ প্ৰতিটো ক্ষেত্ৰতে চৰকাৰী আঁচনিৰ জাক জমকতা।আমি চৰকাৰী আঁচনিৰ বিৰোধী নহয়, কিন্তু এয়া সঁচা যে আমাৰ ভৱিষ্যত প্ৰজন্ম এটা ভয়ংকৰ সত্যৰ সন্মুখীন হ'বলৈ গৈ আছে।

এই সত্য দেখুৱাবলৈ সাহস থাকিব লাগিব বিৰোধিৰ। এই সময়ত প্ৰতিটো দলেই সাজু হৈছে মহাৰণৰ বাবে। কিন্তু বিজেপিয়ে নভবা ধৰণে এটাৰ পাছত আন এটা বিপৰ্যয় আহিছে। কেতিয়াবা যদি ৰাহুল গান্ধীক লৈ বিপদত পৰিছে বিজেপি, কেতিয়াবা পৰিছে আপক লৈ।

গণতন্ত্ৰত ৰাইজে ৰজা। সেয়া মনত ৰখা উচিত প্ৰতি গৰাকী নেতাই। এফালে চৰকাৰী আঁচনি আৰু আনফালে মূল্যবৃদ্ধিৰ মাজৰ সম্পৰ্ক এদিন হ'লেও বুজি উঠিব জনতা, তেতিয়া হয়তো কেজৰিৱালে কোৱাৰ দৰে খহি পৰিব বিজেপিৰ দুৰ্গ...