বিশেষ লেখা

সীমাৰ পৰিধি ভাঙি জ্ঞান খেপিয়াই ফুৰা মানুহজন...

Asomiya Pratidin

বৰষা শৰ্মা

মানুহজন দেখাত যিমান ধুনীয়া, সিমানেই ধুনীয়া আছিল তেখেতৰ ব্যক্তিত্ব। যি ব্যক্তিত্বই মোহিত কৰিছিল সকলোকে। ৰাজনীতি, সামাজিক ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি সাহিত্য, অভিনয়ৰ ক্ষেত্ৰখনলৈ তেখেতৰ দখল আছিল।

প্ৰাক-স্বৰাজ আৰু স্বৰাজোত্তৰ কালৰ ভাৰতীয় চিনেমাৰ ইতিহাস তেওঁৰ নখদৰ্পনত আছিল। ডেকাকালৰ পৰাই সমাজবাদী আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল যদিও মূল আকৰ্ষণ আছিল নাটক, কথাছবি আৰু সাংস্কৃতিক ক্ষেত্ৰ।

বিভিন্ন কাকতত তেখেতে লিখা লেখাসমূহত ৰাজনীতি, সমাজনীতি, সংস্কৃতি আৰু সাহিত্যৰ জগতখনৰ বিভিন্ন দিশ উন্মোচিত হৈছিল। চিত্র সাংবাদিকৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। মুঠতে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰখনত দিলীপ কুমাৰ শইকীয়াৰ অৱদান কথাৰে কৈ শেষ কৰিব নোৱাৰি।

একালৰ বিখ্যাত আৰু সৰবৰহী আইনজীৱিও আছিল হাজৰিকা। যিয়েই সান্নিধ্য লাভ কৰিছিল সিয়ে তেখেতৰ বিৰল ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈছিল।

গুৱাহাটী উজান বজাৰৰ পুৰণি বাসিন্দা আছিল হাজৰিকা।  'মণিৰাম দেৱান' চলচ্চিত্ৰত পিয়লি বৰুৱাৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি সহস্ৰজনৰ বুকুৰ আপোন হৈ পৰিছিল হাজৰিকা। 'মণিৰাম দেৱান' চলচ্চিত্ৰখনত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ‘বুকু হম হম কৰে’ শীর্ষক কালজয়ী গীতটোত দিলীপ কুমাৰ হাজৰিকাই ওঁঠ মিলাইছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন নাট্য মঞ্চত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। হাজৰিকা এগৰাকী সুদক্ষ নাট পৰিচালকো আছিল।

১৯৫০ চনৰ পৰা এই শতিকাৰ প্ৰথমটো দশকলৈকে তেওঁ উজানবজাৰৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে ওতপ্রোতভাৱে জড়িত আছিল। অসমত নাট্য আন্দোলনত যথেষ্ট অৱদান আগবঢ়োৱা এইগৰাকী অভিনেতাই সদায় সুস্থ-সংস্কৃতিৰ পোষকতা কৰিছিল। সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ সৈতে এসময়ত প্ৰায় মঞ্চতে দেখা গৈছিল দিলীপ কুমাৰ হাজৰিকাক।

তেখেতৰ অভিনয়ে আপ্লুত কৰিছিল হাজাৰজনক। নাটক, অভিনয়ৰ লগতে সাহিত্যিক ক্ষেত্ৰখনতো তেওঁৰ আছিল অধিকাৰ। ‘অফুৰন্ত কথাবোৰ’, ‘সোমাই পৰিছো সময়ৰ সুৰংগত’, ‘কতনো দেখিলো কতনো শুনিলো' আদি গ্ৰন্থৰে পাঠকৰ হৃদয় জিনিছিল।

তেখেতৰ লিখা সমূহত সৱিস্তাৰে বিচাৰি পোৱা গৈছিল সমাজৰ বিভিন্ন দিশসমূহত। আত্মজীৱণী মূলক গ্ৰন্থও প্ৰণয়ন কৰিছিল হাজৰিকাই। বিভিন্ন লেখাৰে তেখেতে জনতাক বিশ্বৰ সমাজ, ৰাজনৈতিক আদি সকলো দিশৰ বিষয়ে জনাইছিল।

সীমাৰ পৰিধি ভাঙি তেখেতে কেৱল খেপিয়াই ফুৰিছিল কেৱল জ্ঞান আৰু অভিজ্ঞতা। হয়তো এনে এটা ক্ষেত্ৰ নাছিল য'ত হাজৰিকাৰ দখল নাছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ সৈতেও তেখেতৰ আছিল ঘনিষ্ঠ সম্পৰ্ক।এন চি পিৰ ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ হিচাপেও তেখেতে বহুদিন দায়িত্ব পালন কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপেও তেখেতৰ বিশেষ নাম আছিল।

অসমীয়া ছবিজগত উন্নয়নৰ হকে বহু কাম কৰি গৈছে হাজৰিকাৰ। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উন্নয়নৰ হকে মাত মাতি যোৱা হাজৰিকাৰ বলিউডতো আছে নাম। পিয়লি ফুকন, মণিৰাম দেৱান আদি চিনেমা সমূহত বলিষ্ঠ অভিনয় কৰি হাজৰিকাই অসমীয়া ছবি উদ্যোগক চহকী কৰি থৈ গ'ল। চলচ্চিত্ৰ কথা হাজৰিকাৰ মুখতে আছিল। অসমৰে নহয় হিন্দী, বাংলা কথাছবিৰ উপৰি দক্ষিণ ভাৰতৰো বিশিষ্ট কথাছবি নির্মাতাসকলৰ লগতে আমাৰ দেশত কথাছবিৰ ইতিহাস কৈ গৈছিল হাজৰিকাই।

এই সুদর্শন ব্যক্তিগৰাকীৰ তেজস্বী চাল-চলনাতে সকলো মোহিত হৈছিল। বৰ্তমান সমাজত যিসকল ব্যক্তিত্বৰ ব্যক্তিত্ব অসাধাৰণ বুলি ক'ব পাৰি তাৰ ভিতৰত দিলীপ কুমাক হাজৰিকাও অন্যতম।

এইগৰাকী বিৰল ব্যক্তিত্বৰ অধিকাৰী দিলীপ কুমাৰ হাজৰিকাই ২০২৩ চনৰ ১৪ ছেপ্টেম্বৰত ইহলীলা সম্বৰণ কৰে। নিসন্দেহে তেখেতৰ মৃত্যু অসমৰ বাবে অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি।