বিশেষ লেখা

সংবিধানে কি কয়?

Asomiya Pratidin

বৰষা শৰ্মা

ভাৰত নে ইণ্ডিয়া? নতুন এক বিবাদ চৰ্চাৰ বিন্দু হৈ পৰিছে দেশৰ ৰাজনীতিত। কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে দেশৰ নাম গোপনে সলনি কৰিলে। কিয়নো জি-২০ বৈঠকৰ নৈশ ভোজনৰ বাবে প্ৰেৰণ কৰা পত্ৰত 'প্ৰেচিডেন্ট অফ ইণ্ডিয়া'ৰ সলনি আছিল 'প্ৰচিডেন্ট অফ ভাৰত'।

ইয়াৰ পাছতে দেশৰ নামক লৈ এতিয়া বিবাদৰ সৃষ্টি হৈছে। কিন্তু এই সন্দৰ্ভত সংবিধানত কি কোৱা হৈছে সেয়া বুজি উঠাতো প্ৰয়োজনীয়। সংবিধানৰ ১.১ নং অনুচ্ছেদত কোৱা হৈছে চৰকাৰী বা অনানুষ্ঠানিক উদ্দেশ্যৰ বাবে দেশৰ নাম কি হ'ব। এই অনুচ্ছেদত কোৱা হৈছে যে India, that is Bharat, shall be a union of states '(ইণ্ডিয়া অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব' )

ভাৰতৰ সংবিধানত 'ইণ্ডিয়া' আৰু 'ভাৰত' দুয়োটা শব্দই ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ দুয়োটা শব্দই শুদ্ধ। কিন্তু ঐতিহাসিক ফালৰ পৰা চালে দেখা যায় যে আমাৰ দেশক বহু শতাব্দী ধৰি ভাৰত আৰু ভাৰতবৰ্ষ বুলি কোৱা হয়। যাৰ কথা পৌৰাণিক সাহিত্য আৰু মহাভাৰততো উল্লেখ কৰা হৈছে।

ভাৰত শব্দ ব্যৱহাৰ কৰাৰ দাবী নতুন নহয়। ইয়াৰ পূৰ্বেও বহুতে বহু সময়ত এই দাবী উত্থাপন কৰি আহিছে। ২০১৫ চনৰ ১৩ মাৰ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংবিধানৰ ১ নং অনুচ্ছেদ সংশোধনৰ বাবে লোকসভাত ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰিছিল।

দেশৰ নাম সলনি কৰা বিষয়টো উচ্চতম ন্যায়ালয়ো গৈ পাইছিল। ২০১৪ চনত দেশৰ নাম সলনি কৰাৰ বাবে জনহিতৰ বাবে এখন আবেদন দাখিল হৈছিল। এই ক্ষেত্ৰত ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কৈছিল যে দেশখৰ নাম ইণ্ডিয়াৰ সলনি ভাৰত বুলি কোৱাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আদালতক কৈছিল যে দেশৰ নামৰ বিষয়টো সংবিধান সভাত বিতংভাৱে বিতৰ্ক কৰা হৈছিল আৰু অনুচ্ছেদ ১ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কৈছিল যে ভাৰত শব্দ ব্যৱহাৰ কৰাৰ বাবে সংবিধান সংশোধন কৰাৰ প্ৰয়োজন নাই।

সংবিধান সংশোধন

কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়া আৰু ভাৰতৰ সলনি দেশৰ নাম এটা ৰাখিব বিচাৰে অৰ্থাৎ 'ইণ্ডিয়া'ৰ বিলুপ্তি কৰি ভাৰত ৰাখিব বিচাৰে তেন্তে সংবিধান সংশোধনৰ প্ৰয়োজন হ'ব।

৩৬৮ নং অনুচ্ছেদে সংবিধানত সংশোধন কৰাৰ অনুমতি দিয়ে। কিছুমান সংশোধন সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ আধাৰত কৰিব পাৰি অৰ্থাৎ ৫০ শতাংশ সংখ্যাগৰিষ্ঠতাৰ ওপৰত আধাৰিত হ'ব পাৰে। আৰু কিছুমান সংশোধনৰ বাবে ক'মেও ৬৬ শতাংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়।

এই একেই পদ্ধতি ১ নং অনুচ্ছেদ সংশোধন কৰাৰ বাবে ব্যৱহাৰ হ'ব। যদি ১ নং অনুচ্ছেদ সংশোধন কৰিব বিচাৰে তেন্তে কেন্দ্ৰক ৬৬ শতাংশ ভোটৰ প্ৰয়োজন হ'ব।

লোকসভাত বৰ্তমান ৫৩৯ জন সাংসদ আছে। সেয়ে অনুচ্ছেদ-১ সংশোধনৰ বাবে বিধেয়কখন গৃহীত কৰিবলৈ ৩৫৬ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। একেদৰে ৰাজ্যসভাত ২৩৮ জন সাংসদৰ ভিতৰত ১৫৭ জন সাংসদৰ প্ৰয়োজন জৰুৰী হ'ব।

কিন্তু ইমানতেই কাম সম্পূৰ্ণ নহয়। কিয়নো য'ত য'ত আমাৰ দেশৰ নাম ইণ্ডিয়া বুলি উল্লেখ আছে সেই সকলো ঠাইলৈ এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব। তাৰ পাছত আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত ইয়াৰ নাম সলনি হ'ব।

উল্লেখ্য যে, চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈ নাম সংশোধনৰ কোনো কথা প্ৰকাশ পোৱা নাই। কিন্তু বিজেপিৰ একাংশ সাংসদে নাম সলনি কৰাৰ ইংগিত বহন কৰিছে। ১৮ আগষ্টৰ পৰা সদনৰ বিশেষ অধিৱেশনত এই বিষয়টো উত্থাপন হ'ব বুলি একাংশই দাবী কৰিছে।

ইণ্ডিয়াৰ সলনি দেশৰ নাম ভাৰত কৰাৰ বাবে একাংশই বিৰোধিতা কৰিছে।কিয়নো বিৰোধী মৰ্চাই মিত্ৰজোঁটৰ নাম 'ইণ্ডিয়া' ৰখাৰ পাছতে চৰকাৰৰ এনে সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে। যদি কেৱল ৰাজনৈতিক কাৰণত চৰকাৰে দেশৰ নাম সলনি কৰিব লৈছে তেন্তে ইয়াক শুভ লক্ষণ বুলি ক'ব নোৱাৰি।