বিশেষ লেখা

কিমতে ভকতি কৰিবো তোমাত...

মৃদুল কুমাৰ সন্দিকৈ

প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন বিতৰ্কিত প্ৰধান সম্পাদকজন য’তে-ত’তে ফুল চিঙি ফুৰে কিয় ? যাৰ বাবে তেঁও অভিযোগ কৰাৰ দৰে কোনোবা সাংবাদিকে তেঁওৰ বিতৰ্কিত অধ্যায়ৰ কথা লিখিবলৈ গৈ তেঁওৰ ফুল চিঙা কথাবোৰ তেঁও অভিযোগ কৰাৰ দৰেই লিখিব লগা হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে দেশৰে সৰ্ববৃহৎ আৰু ধৰ্মীয়- আধ্যাত্মিক অনুষ্ঠানটোত বিভিন্ন অভিযোগত অভিযুক্ত একালৰ প্ৰধান সম্পাদকজনৰ বিৰুদ্ধে তদন্ত কোনো সাংবাদিকে কৰা নাছিল বা কৰিবলৈ বাধ্য কৰা নাছিল। সংঘৰ মজিয়াতে ইয়াৰ বাবে প্ৰস্তাৱ গৃহীত হৈছিল আৰু তাৰ আধাৰতে সেই তদন্তৰ ব্যৱস্থা কৰা হৈছিল।

তদন্তৰ প্ৰতিবেদনত কি আছে সেয়া সাংবাদিকৰ হাতলৈ অহাটো প্ৰাক্তন প্ৰধান সম্পাদকজনৰ বাবে আচৰিত বিষয় হ’লেও এই বৃত্তিত জড়িত সকলৰ বাবে এয়া এক সফলতাৰ দিশহে। যি উৎসৰ পৰাই নহওক এই অভিযোগৰ অধ্যায় আৰু তদন্তৰ ফলাফল হাতত পৰাৰ পাছত পূৰ্বৰ পৰাই বিতৰ্কিত সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদকজনৰ সন্দৰ্ভত প্ৰকাশ কৰা খবৰকলৈ সংঘৰ প্ৰকৃত ভকত-বৈষ্ণৱসকল চিন্তিত হৈ পৰিছে।

এই জাতীয় আৰু ধৰ্মীয় অনুষ্ঠানটোৰ গৰিমাক কলংকিত কৰা এনেধৰণৰ কাৰ্যকলাপৰ অভিযোগে সংঘৰ লাখ লাখ প্ৰাথমিক সদস্য, অনুৰাগী আৰু নিষ্ঠাৱান সেৱকসকলক ক্ষোভিত আৰু উদ্বিগ্ন কৰি ৰাখিছে। ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ত প্ৰথম এই বিষয়ে সবিস্তাৰে খবৰ প্ৰকাশ পোৱাৰ পাছত আন সংবাদ মাধ্যমেও এই প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীক মূলৰ কাৰ্যনিৰ্বাহকে পৰৱৰ্তী সিদ্ধান্ত নোহোৱা পৰ্যন্ত নিষ্ক্ৰীয় কৰি ৰখাৰ খবৰ গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল।

প্ৰায় ৪৮ ঘণ্টাৰ পাছত প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীয়ে গৃহ জিলাত সংবাদমেল পাতি এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দিলে। লগতে কেইবাটাও প্ৰত্যাহ্বান আৰু সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াক এই ষড়যন্ত্ৰৰ আঁৰৰ নায়ক বুলিলে।

প্ৰাক্তন প্ৰধান সম্পাদকজনক মনত পেলাই দিয়া দৰকাৰ, আজি তেঁও যিজন ঠাকুৰীয়াৰ বিৰুদ্ধে গৰজি উঠিছে, বেংকৰ জালিয়াতি গোচৰত অভিযুক্ত তথ্য দাঙি ধৰিছে সেইখিনি তথ্য ঠাকুৰীয়া প্ৰধান সম্পাদক হোৱাৰ পূৰ্বেই প্ৰকাশ কৰা হৈছিল। তেতিয়া তেঁও প্ৰাক্তন হোৱাই নাছিল। ইচ্ছা কৰা হ’লে তেতিয়াই কঠোৰ ব্যৱস্থা লোৱাৰ অৱকাশ থকাৰ পাছতো এইজন প্ৰাক্তন সম্পাদকে সেইবোৰ অভিযোগ দেখিও চকু মুদা কুলিৰ ভাও জুৰিলে।

প্ৰাক্তন প্ৰধান সম্পাদকজনে পুৰণি কথা খুচৰিছে যেতিয়া আন এক পুৰণি কথাই খুচৰিব খুজিছো আমি। সংঘৰ এছ ০১ এম বি ৭৪৯৬ নম্বৰৰ মহিন্দ্ৰা ভেৰিট’ গাড়ীখন ২০ এপ্ৰিল ২০১৬ত পূৰ্ণিমা বৰাৰ নামত পঞ্জীয়ন কৰা হৈছিল। এই গাড়ীখন হস্তান্তৰ কৰিবলৈ তদানীন্তন এই প্ৰধান সম্পাদকজনে ৮ এপ্ৰিল ২০১৬ত আপত্তিবিহীন প্ৰমাণ পত্ৰ লিখি দিছিল।

যেতিয়া এই খবৰ ওলাল যে এই ধৰণে সংঘৰ সম্পত্তি গোপনে বিক্ৰী কৰা ষড়যন্ত্ৰত বাবুল বৰা জড়িত। তেতিয়া বাপে পত্ৰাংক নং ০৩/৮৬/১৬/৯৪০২- ০৪যোগে জনাই যে ১৫মে’ ২০১৬ তাৰিখে বঙাইগাঁৱত অনুষ্ঠিত হোৱা মূলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে সংঘৰ পুৰণি গাড়ীকেইখন বিক্ৰী কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে।

বিক্ৰীৰ বাবে সমিতি গঠন কৰাৰ পূৰ্বেই বাপে পত্নীৰ নামত গাড়ীখন হস্তান্তৰ আৰু পঞ্জীয়ন কৰাই লৈছিল। আনকি তেঁওৰে সেই সময়ৰ এজন বিশ্বস্ত ব্যক্তিয়ে মহানগৰীৰ এটা ডিলাৰৰ পৰা পত্নীৰ নামত গোপনে পঞ্জীয়ন কৰা গাড়ীখনৰ ন্যূনতম ভেল্যুয়েশ্বন এটা মেনেজ কৰি আনি তেঁওক উদ্ধাৰ কৰিছিল।

এইবোৰ কি দুৰ্নীতি নাছিল ? এইবোৰ দুৰ্নীতিৰ আৰু কি সুকীয়া তথ্য প্ৰমাণ লাগে? গাড়ী বিক্ৰী সমিতিৰ অন্যতম সদস্য তৰুণ শইকীয়াক সংঘৰ পৰা নিলম্বিত কৰি তেঁও ধোৱা তুলসীৰ পাত হৈ থাকিল। প্ৰসংগক্ৰমে এইজনা প্ৰাক্তন সম্পাদকক শেহতীয়া সংবাদমেলত এই প্ৰশ্ন সাংবাদিকে সোধাত সেয়া তেঁওৰ পুৰণি আৰু নিস্পত্তি হোৱা বিষয় বুলি এৰাই চলিলে।

কুশল ঠাকুৰীয়াৰ পুৰণি প্ৰসংগ যদি আহিব পাৰে, তেন্তে এইগৰাকী প্ৰাক্তন প্ৰধান সম্পাদকৰ গাড়ী বিক্ৰীৰ প্ৰসংগও পুনৰ উত্থাপন হ’ব পাৰে। তেঁও তথ্য প্ৰমাণ নোহোৱাকৈ কথা নকও বুলি যি দাংকোপ মাৰিছে আমি তেনে দাংকোপ নামাৰি বিনম্ৰতাৰে কঁও- তথ্য প্ৰমাণসহ আমিও খবৰ দিওঁ। যি দুই শাৰী লিখো সেয়া নিশ্চিত তথ্যৰ আধাৰতে লিখিবলৈ চেষ্টা কৰোঁ।

বিশ্ববিদ্যালয়ত নিযুক্তিত অনিয়মৰো অভিযোগ উঠিছিল তেঁওৰ বিৰুদ্ধে। তেনে অনিয়ম অস্বীকাৰ কৰি কৈছিল- পূৰ্বৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে তদন্ত কমিটিক কোৱাৰ দৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নিযুক্তিত তেঁওৰ হেঁচাত পদাধিকাৰে নিযুক্তি পত্ৰত চহী কৰাতো মিছা কথা। কিয়নো বিশ্ববিদ্যালয়ৰ নিযুক্তি পত্ৰত আচাৰ্য অৰ্থাৎ পদাধিকাৰে চহী নকৰে। তেনে এখন নিযুক্তি পত্ৰ য’ত পদাধিকাৰৰ স্বাক্ষৰ আছে সেইখন পাৰে যদি কোনোবাই প্ৰকাশ কৰি দেখুওৱাক বুলিও এইগৰাকী প্ৰাক্তন প্ৰধান সম্পাদকে প্ৰত্যাহ্বান জনাইছে।

বিতৰ্কিত এই প্ৰাক্তন প্ৰধান সম্পাদকজনক তেনে এখন নিযুক্তি পত্ৰৰ সন্ধান দিব খোজো। নিযুক্তি পত্ৰখনৰ REF NO- MSSV/CH/01/2022/01। এই নিযুক্তি পত্ৰখনৰ মেমো নং MSSV/CH/01/2022/02-03। নিযুক্তি পত্ৰখনত ১২-০৩-২০২২ত লোৱা সিদ্ধান্ত মৰ্মে ফাইনেন্স এণ্ড প্লেনিঙৰ সঞ্চালক হিচাপে এজন ব্যক্তিক নিযুক্তি দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত।

এই নিযুক্তি পত্ৰখনত চহী কৰিছিল তেতিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য্য কমলাকান্ত গগৈয়ে। প্ৰাক্তন প্ৰধান সম্পাদকজনে এই নিযুক্তি পত্ৰখন তেঁওৰ ঘৰতে পাব। কিয়নো সেইখনেই আছিল তেঁওকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালৰ ডাইৰেক্টৰ (ফাইনেন্স এণ্ড প্লেনিং) পদত নিযুক্তি দিয়া নিযুক্তি পত্ৰ।

এতিয়া তেঁও নিশ্চয় মানি ল’ব পদাধিকাৰে নিযুক্তি পত্ৰত চহী কৰাৰ উদাহৰণ আছে। এই সমগ্ৰ সংবাদমেলত তেঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো ব্যক্তি বিশেষৰ বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিলে। তেঁওৰ বাবে ভকত-বৈষ্ণৱে কান্দি ভাত এৰা বুলি মন্তব্য দিলে। তেঁও এইটো দিশ দেখা নাই যে সংঘক তেঁও কিমান তললৈ নিলে, সেই ক্ষোভ লৈও বহু ভকত-বৈষ্ণৱ জাতীয় অনুষ্ঠানটোৰ গৰিমাত অৱনমিত হয় বুলিহে নীৰৱে আছে।

তদন্ত প্ৰতিবেদনত UGC ক ধন দিয়া কথা উল্লেখ আছে। এই প্ৰতিবেদনত কি লিখিছে তেঁও নিজে এবাৰ পঢ়ক- পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাদেৱে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা বাপক ২লাখ টকা বাবুল বৰা বাপৰ একাউণ্টত জমা দিয়াৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে উক্ত টকা বিশ্ববিদ্যালয়ৰ UGC পৰিদৰ্শনৰ বাবে লোৱা হৈছিল বুলি স্বীকাৰ কৰে। পূৰ্বৰ ভি চি হিতেশ ডেকা আৰু বাবুল বৰা বাপে UGCপৰিদৰ্শনকাৰী দলক দিয়া বুলি অৱগত কৰে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে তেঁও নিজা একাউণ্টাত উক্ত ধনৰাশি সংগ্ৰহ কৰাতো নীতিবহিৰ্ভূত হৈছে।

এইখিনি কথা পঢ়াৰ পাছত তেঁওৰ প্ৰতি কি ধাৰণা হ’ব ? এই প্ৰশ্ন উত্থাপন হ’ব নে নহয় যে কিয় UGC পৰিদৰ্শনকাৰী দলক এই ধন দিয়া হ’ল ?

সেইবোৰ কথা কোনোবাই উত্থাপন কৰিলে তাত কি ভুল হ’ব পাৰে? তথাকথিত এই প্ৰধান সম্পাদকজনৰ অনিয়ম আৰু বিতৰ্কৰ তালিকা ইয়াতেই অন্ত পৰা নাই। ধুবুৰীত ফুলনি ভাঙি দিয়াৰ বাবে ইয়াৰ বিৰুদ্ধে ভর্ৎসনা প্ৰস্তাৱ লোৱা হোৱা নাছিল নে? এই প্ৰসংগ ৰঙিয়াৰ প্ৰতিনিধি সভাত উত্থাপন কৰিছিল নে নাই?

এতিয়া নীতিৰ কথা কোৱা এইজন বিষয়ববীয়াই তেঁও প্ৰধান সম্পাদক হৈ থকাৰ কালত কিমানক কৌশলেৰে সংঘৰ মজিয়াৰ পৰা আঁতৰালে সেই তালিকাখন মনত পেলাই দিব লাগিব নেকি? বালিলৈ যি পাত, সুগ্ৰীৱলৈও সেই পাত বুলি কথা এষাৰ আছে।

প্ৰাক্তন প্ৰধান সম্পাদকজনে সংঘক আইনী মজিয়ালৈ নিয়াৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে। তেঁও সংবাদমেলতে সেই কথা উল্লেখ কৰিছে। এতিয়া যেন তেঁও সংঘৰ শুভাকাঙ্খী হৈ থকা নাই।