বিশেষ লেখা

ঘৰ ঘৰ কী বাত, হেৰাই মাত...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

মানুহ খালি হাতে আহে, খালি হাতে উভতে। তথাপিও মানুহে কিয় ইমান সম্পত্তিৰ মোহ কৰে। শিক্ষিত, ভব্য গব্য মানুহৰ মাজতেই চোন নিজ আত্মীয়ৰ সৈতেই চলে এই দুৰ্ভাগ্যজনক প্ৰতিযোগীতা।

এই কাহিনীও তেনে এক প্ৰেক্ষাপটৰেই। কাহিনীৰ আৰাম্ভণি হৈছিল ক'ভিড মহামাৰীৰ সময়ৰ পৰা। বহুলোকৰ পৰিয়াললৈ নামি আহিছিল ক'ভিডৰ বাবে ঘোৰ অমানিশা। দেশৰেই এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়। সেই বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আছিল ড০ অলকেশ বৰুৱা।

৩ টা দশক তেওঁ দেশৰ এই সন্মানীয় বিশ্ববিদ্যালয়খনত অধ্যাপনা কৰিছিল। তেখেতৰ পত্নী আছিল ড০ আৰতী বৰুৱা। ড০ আৰতী বৰুৱা দেশবন্ধু কলেজৰ দৰ্শন বিভাগৰ অধ্যাপিকা আছিল।

এটা সুখী আৰু সু-প্ৰতিষ্ঠিত পৰিয়াল। প্ৰথমবাৰ ক'ভিড সংক্ৰমণৰ সময়তেই অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অলকেশ বৰুৱাৰ ক'ভিডত সংক্ৰমিত হৈছিল। তেওঁলোকৰ একমাত্ৰ পুত্ৰ ইমন কল্যান কৰ্মসূত্ৰে থাকিছিল জাৰ্মানীত।

ক'ভিডে ড০ বৰুৱাৰ পত্নী ড০ আৰতী বৰুৱাকো চুই গ'ল। পিতৃ-মাতৃ ক'ভিড সংক্ৰমণৰ বলি হোৱাত দুয়োকে দিল্লী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।সেই সময়ত অসুস্থ হৈ পৰা পিতৃ-মাতৃৰ কাষলৈ ক'ভিডৰ প্ৰকোপ কিছু কমাত আহিছিল তেওঁলোকৰ পুত্ৰ ইমন কল্যান।

দিল্লীত থকা এই অধ্যাপক দম্পত্তীক ক'ভিডে ভালকৈয়ে জোকাৰি গ'ল।ক'ভিডে প্ৰাণ কাঢ়িলে ড০ অলকেশ বৰুৱাৰ। ইফালে ক'ভিডত আক্ৰান্ত হৈ যকৃত সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল ড০ আৰতী বৰুৱাৰ।

জাৰ্মানীৰ পৰা ঘূৰি অহা পুত্ৰই দিল্লীত মাতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰাই নহয়, জৰুৰীভাৱে মাকৰ প্ৰাণ ৰক্ষা কৰিবলৈ দিব লগা হ'ল নিজৰ যকৃতৰ অংশ। লিভাৰ ট্ৰেন্সপ্লেন্টত এনেদৰে ব্যস্ত হৈ থকাৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত অংশ ল'ব নোৱাৰিলে পুত্ৰই।

মাতৃৰ এই চিকিৎসাত ব্যয় হ'ল কোটি টকা।লিভাৰ ট্ৰেন্সপ্লেন্ট হ'লেও পোষ্ট ট্ৰেন্সপ্লেন্ট কম্প্লিকেচীত এতিয়াও ভুগি আছে মাতৃ। দিল্লীৰ বাসগৃহত মাকক অকলে এৰি পুত্ৰও যাব নোৱাৰা হ'ল জাৰ্মানীৰ চাকৰিলৈ।

উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল। ব্যয় বাঢ়ি গ'ল। অলকেশ বৰুৱা আছিল নলবাৰীৰ এক অধ্যয়নৰত পৰিয়ালৰ সন্তান। তেওঁ আছিল নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ। নাম প্ৰয়াত ইশ্বৰ চন্দ্ৰ বৰুৱা।

দুই পুত্ৰ আৰু দুই বিবাহিতা কন্যা আছিল তেখেতৰ। পৰিয়ালৰ সকলোৱে এতিয়া সু- প্ৰতিষ্ঠিত। ১৯৮২ চনতেই তেখেতৰ লগতে তেখেতৰ পত্নীৰ মৃত্যুৰ পাছত সেই সময়ৰ সম্পত্তিৰ বিধি অনুসৰি ভাগ বতৰা কৰা হৈছিল দুই পুত্ৰৰ মাজত।

সেই ধৰণেই নামজাৰিও হৈছিল এই সম্পত্তিৰ। ইশ্বৰ চন্দ্ৰ বৰুৱাৰ আন জন পুত্ৰ নলবাৰীতেই থাকে। ২০০১ চনত তেওঁ পিতৃ সূত্ৰে পোৱা ভূ-সম্পত্তি বিক্ৰী কৰিছিল জনৈক তপন ডেকাক।

দীৰ্ঘকাল ধৰি বাহিৰত থকা অলকেশ বৰুৱাৰ ভাগত থকা সম্পত্তিবোৰ তেনেকৈয়ে আছিল। অলকেশ বৰুৱাৰ পুত্ৰই আৰ্থিক সমস্যাৰ বাবে সেই সম্পত্তি বিক্ৰী কৰিবলৈ ওলাওতেই বাধা দিলে নলবাৰীত থকা ইশ্বৰ চন্দ্ৰ বৰুৱাৰ আনজন পুত্ৰই।

অলকেশ বৰুৱাৰ পত্নী পুত্ৰৰ ওপৰত নলবাৰী মুন্সিফ কোৰ্টত গোচৰ তৰিলে অলকেশ বৰুৱাৰ দুই ভগ্নী অংশুৱালা দাস আৰু অংশুলুমা মহন্তই। দুয়ো কিন্তু সু-প্ৰতিষ্ঠিত । এবাৰো ভাবি নাচালে কিহৰ বাবে এই সম্পত্তি অলকেশ বৰুৱাৰ পুত্ৰই বিক্ৰী কৰিবলগীয়া হৈছে।

তেওঁলোকে আদালতক কেৱল দাবী জনালে ৩০ বছৰৰ আগেয়েই ভাগ-বতৰা হোৱা সম্পত্তিৰ ভাগ তেওঁলোকেও পাব লাগে। দুয়োৰে আবেদনৰ ভিত্তিত মুন্সিফ আদালতত ৰুজু হোৱা গোচৰৰ নম্বৰ ৯৩/২০২৩।

এই গোচৰ দিয়াৰ আঁৰত আছে অলকেশ বৰুৱাৰ জীৱিত ভাতৃ। দুই ভগ্নীক সম্বল কৰি এনেকৈয়ে তেওঁ অলকেশ বৰুৱাৰ সম্পত্তিৰ ভাগ লোৱাৰ ষড়যন্ত্ৰ ৰচিলে। সেই ভাতৃৰ পৰিচয় জানিলে আপুনি আচৰিত হ'ব।

অসমৰ ৰাজনীতিত তেওঁ এজন প্ৰতিষ্ঠিত ব্যক্তিয়েই আছিল। আদালতৰ চমন পায়েই আৰতী বৰুৱা আৰু ইমন কল্যান বৰুৱাই আদালতক জনালে স্বাস্থ্যৰ এনে অৱস্থাত তেওঁলোক গুৱাহাটী বা নলবাৰীলৈ অহাতো সম্ভৱ নহয়। লগতে এই কথাও ক'লে যে বিধিগতভাৱে তেওঁলোকে পোৱা সেই সম্পত্তি কি পৰিস্থিতিত পৰি বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

পৰিয়ালৰ মাজতেই চাওকচোন কেনে যুঁজ-বাগৰ। আপোন ভাই-বোৱাৰী আৰু ভতিজাকৰ বিৰুদ্ধে আইনী যুঁজত নামিছে কেৱল সম্পত্তিৰ লোভত। ভাতৃৰ অকাল মৃত্যুত তেওঁৰ পৰিয়ালৰ খবৰ ল'বলৈ আজৰি নোহোৱা এই মানুহজনৰ নাম পুলকেশ বৰুৱা।

এসময়ত তেওঁ অসম বিধানসভাৰ অধ্যক্ষও আছিল। সকলো থকাৰ পাছতো মানুহৰ ইমান মোহ।জীৱনৰ বিয়লি বেলাত উপনীত হৈও সম্পত্তি কেন্দ্ৰিক এই বিবাদবোৰে পৰিয়ালবোৰৰ মাজত বৃদ্ধি কৰে ব্যৱধান।

একো লৈ যাব নোৱাৰে বুলি জানিও যুঁজ-বাগৰ কৰে সম্পত্তিৰ বাবে। অলকেশ বৰুৱাৰ পুত্ৰ আৰু পত্নী এতিয়া দিশহাৰা। আইনৰ ওপৰতে ৰাখিছে বিশ্বাস। সময়ে মানুহক দি যায় বহু তিতা, মিঠা অভিজ্ঞতা। তাৰ উদাহৰণ অলকেশ বৰুৱাৰ পৰিয়াল।