বিশেষ লেখা

ৰত্নাকৰ...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

ৰত্নাকৰে ৰামায়ন লিখিছিল। দৈস্যু ৰত্নাকৰে বাল্মীকি হৈ এই কাম কৰিছিল। ৰত্নাকৰৰ পৰা বাল্মীকি হোৱা ৰত্নাকৰ এজনেই। বাৰে বাৰে ৰত্নাকৰৰ জন্ম হয়, কিন্তু প্ৰতিজন ৰত্নাকৰে বাল্মীকি হ'বগৈ নোৱাৰে। লিখিব পৰা নাই ৰামায়ন।

বাল্মীকিৰ পৰা ৰত্নাকৰ হোৱাৰো উদাহৰণ অসমৰ ৰাজনীতিৰ ইতিহাসত আছে।এয়া অসমৰ ৰাইজৰ বাবে আছিল বিড়ম্বনা। ইয়াক সহ্য কৰিব লগা হৈছিল অসমীয়াই। ভগৱানৰ দৰে পূজা কৰা, নিস্বাৰ্থৰ বাবে প্ৰাণ ভৰি ভালপোৱা ছাত্ৰ নেতাই অসম আৰু অসমীয়াক সেই সোৱাদ দিলে।

এসময়ত তেওঁলোক কিমান ভাগ্যশালী আছিল। কাহ এটা মাৰিলেও, জ্বৰ-পানীলগা হ'লেও ৰাইজে কুশল কামনাৰে গোসাই ঘৰত চাকি-বন্তি জ্বলাইছিল। সেই মৰমৰ মূল্য, সেই বিশ্বাসৰ মূল্য আৰু সেই আদৰক সেই সকলে নেওচা দিলে দিছপুৰলৈ গৈ।

মুখ্যমন্ত্ৰীৰূপে এওলোকে কৰা কাম পাপৰ দলিল হৈ ৰৈ গ'ল। গুপ্তহত্যাৰ পৰা আৰম্ভ কৰি ক'ত নিৰ্যাতনৰ কাহিনী মানুহৰ মনত মচিব নোৱাৰাকৈ থাকি গ'ল। সেই নিৰ্যাতন আৰু অত্যাচাৰ তথা বিশ্বাসঘাটকতাৰ দাগ কোনো দিনে আৰু মচিব নোৱাৰে।

চূড়ান্ত বিফলতাৰে সোণৰ অসমৰ প্ৰতিশ্ৰুতি দিয়া এনে ব্যক্তিসকল এতিয়া অসমৰ ৰাইজৰ দ্বাৰই অৱহেলিত। তেওঁলোকৰ প্ৰতি নাই কোনো আগ্ৰহ আৰু আদৰ। নাৰাখে তেওঁলোকৰ কোনো খবৰ।

অথচ ক্ষমতাত থকাৰ সময়ত তেওঁলোকৰ কি নাছিল। মুখৰ কথাই আইন আছিল। যি ইচ্ছা তাকেই কৰিব পাৰিছিল। দুহাতেৰে সম্পত্তি ঘটিছিল। ৰাজকীয় অট্টালিকা বনাইছিল। বহিৰাজ্যৰ পৰা ৰাজপ্ৰসাদৰ বাবে মাৰ্বল আনিছিল।

সকলো থকাৰ পাছতো আজি তেওঁলোকৰ হাতত কিবা আছে বুলি মানুহে বিশ্বাস নকৰে। সাংবাদিকৰ দুবাহু খহাই কাৰাগাৰলৈ প্ৰেৰণ কৰি ক্ষমতা প্ৰদৰ্শন কৰা এই লোকসকল নিজা উত্থান আৰু পতনৰ সাক্ষী হৈ জীয়াই আছে কেৱল।

বহু ৰোগত আক্ৰান্ত হৈ সমাজ আৰু ৰাজহুৱা জীৱন সামৰি সাধাৰণ মানুহতকৈ সাধাৰণভাৱে তেওঁলোকে সময় অতিবাহিত কৰিছে। এদিনটো তেওঁলোকৰ প্ৰাচুৰ্যৰ সীমা নাছিল। ৰাইজে ক্ষমতা তুলি দিছিল, দিছপুৰত শাসনত এবাৰ নহয় দুবাৰকৈ বহাইছিল।

ক্ষমতাত থাকোতে তেওঁলোকেও ভাবিছিল যি কৰিছে ভাল কৰিছে। সমালোচনা কৰিলেই সমালোচক সকলৰ মুখত সোপা দিছিল। ঘৰৰ লৰাই গুপ্ত হত্যাৰ দৰে ইতিহাসৰ খলনায়ক হৈ কালিমা সানিছিল।

ৰাজনৈতিকভাৱে তেওঁলোক এতিয়া অস্তিত্বহীন। অথচ দল আৰু চৰকাৰত তেওঁঁৱেই আছিল অদ্বিতীয়। কোনোবাই কিবা কথাত বিৰোধ কৰিলে তাৰ পৰিণাম কি হৈছিল সেয়া মানুহে দেখিছিল।

উভত গোৰে নাচিবলৈ ধৰিছিল তেওঁলোকে। সেই নাচ বেছিদিন নচলিল। ৰাজনীতিত স্বজন প্ৰীতিৰ সংমিশ্ৰণেৰে নিজৰ পতন নিজেই মাতি আনিছিল। ক্ষমতা আচলতে কতোৱেই স্থায়ী নহয়। ৰাইজৰ আস্থা অবিহনে, মানুহৰ সমৰ্থনৰ বিপৰীতে যিসকলে একনায়ত্ববাদৰ সূচনা কৰে তেওঁলোকৰ শেষ ফল হিটলাৰৰ দৰেই হয় বুলি সময়ে কৈ গৈছে।

ক্ষমতাত থকা মানুহক ভয় কৰে। ক্ষমতাত যোৱাৰ পাছত সেই ভয় ক্ষোভলৈ ৰূপান্তৰ হয়। ভাগ্যবান সকলেহে ক্ষমতা এৰাৰ পাছত সাধাৰণ লোকৰ পৰা সমীহ আৰু শ্ৰদ্ধা লাভ কৰে। ক্ষমতাৰ ৰাগীত অন্ধ হৈ যি ইচ্ছা তাকেই কৰিলে সেয়া সু শাসন হৈ নাথাকে।এয়া হৈ পৰে অপশাসন।

মেথ্যু অৰ্নাল্ডে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল। যেতিয়া কৰবাত মূল্যবোধ সন্দেহভাজন হৈ পৰে,তেতিয়া আটাইতকৈ বেছি প্ৰয়োজন হয় সমালোচনাৰ। যিয়েই এই সমালোচনাৰ উপলব্ধি কৰিব পাৰে, নিজকে সংশোধন কৰাৰ বাট মুকলি কৰে তেওঁ সেই মূল্যবোধৰ সন্দেহৰ আৱৰ্তৰ পৰা নিজক উদ্ধাৰ কৰাত সফল হয়।

এতিয়া জানো সেয়া হৈছে। সমালোচনাৰ ভাষা প্ৰকৃততে জানো তেওঁলোকে পঢ়িব জানিছে বা বিচাৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই শাসকপক্ষক সমালোচনা কৰাৰ অধিকাৰ আছে।ইয়াক কোনে কেনেদৰে গ্ৰহণ কৰে সেয়া ক্ষমতাবানজনৰ মানসিকতাৰ ওপৰত নিৰ্ভৰশীল।

ৰাজনীতিত আটাইতকৈ ডাঙৰ শত্ৰু ক্ষমতাৰ চিৰস্থায়ী কৰাৰ প্ৰৱণতা। ইয়াৰ ফল কেতিয়াও জনতাৰ পক্ষে যোৱা নাই। ল'ৰা ৰজাই ক্ষমতা চিৰস্থায়ী কৰাৰ এই অভিযান অংগক্ষতৰ দৰে বুৰঞ্জী এক ক'লা অধ্যায় হৈ ৰৈ গৈছে।

এতিয়াও আধুনিক ৰাজনীতিত ক্ষমতাৰ চিৰস্থায়ী আৰু দীৰ্ঘদিনীয়া কৰাৰ সপোন বহুতে কৰে। ল'ৰা ৰজাৰ দৰে মুকলি অংগক্ষত নচলিলেও শাসকীয় পক্ষই অংগক্ষতৰ এই অভিযান বিভিন্ন ধৰণে অব্যাহত ৰাখিছে।

বিৰোধীক নিশেষ কৰা বা চাফা কৰি দিম বুলি কৰা অহমিকাই নিজৰেই ধ্বংস মাতি আনিব পাৰে। গণতন্ত্ৰক এনেবোৰ মানসিকতাই দুৰ্বল আৰু ভেজাল কৰে। শ্ৰেষ্ঠ আৰু সফলতাৰ মান সময় আৰু মানুহে নিৰূপন কৰিব পাৰে।

জোৰ জবৰদস্তি ইয়াক প্ৰতিষ্ঠা কৰিবলৈ যাঁওতে ৰাইজৰ একো উপকাৰ সাধন নহয়। মাঁথো মতলবী ৰাজনীতিবিদৰ মতলব পূৰণ কৰাৰ অৱকাশ কিছু চমু সময়ৰ বাবে সময়ে দিয়ে। তাৰ পাছত সকলো একেই!

ৰাজনীতিৰ ভেল্কীবাজী আৰু সন্মোহন কেতিয়াও স্থায়ী নহয়।লাহে লাহে হ'লেও মানুহে বহু কথা উপলব্ধি কৰিছে বা কৰিব। তেতিয়া মানুহেই ক্ষমতা কাঢ়ি লৈ আন যোগ্য বুলি ভৱাজনৰ হাতত ইয়াৰ দায়িত্ব অৰ্পন কৰিব। সেই দিনাই আন এজন ক্ষমতাবান লোক অসমৰ ৰাজনীতিৰ ৰত্নাকৰৰ দৰে অৱহেলিত হৈ ৰৈ যাব চিৰ দিনৰ বাবে।