বিশেষ লেখা

গিৰীশ দা আউট !

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

অসম সাহিত্য সভাৰ ভিতৰচ’ৰা কেনেকৈ চলিছে, সেয়া শুনিলে সাধাৰণ লোকে বিশ্বাস নকৰিব। বিষয়বাবকলৈ সভাৰ কাণ্ডাৰীসকল এনেদৰে ব্যস্ত যে অসম সাহিত্য সভাৰ অতি গুৰুত্বপূৰ্ণ পঞ্জীয়ন প্ৰমাণপত্ৰখনৰ মূল কপিটোৱেই হেৰাল ক’ৰবাত।

সাধাৰণতে সভাৰ গুৱাহাটীৰ কাৰ্যলয়ৰ প্ৰধান সম্পাদকৰ কোঠাত থকা লকাৰত সেই প্ৰমাণপত্ৰখন থাকে যদিও দুবছৰ ধৰি সেইখন বিচাৰি পোৱা নাই। মন কৰিব লগা যে এই লকাৰৰ ছাবি থাকে দায়িত্ববাহী প্ৰধান সম্পাদকজনৰ হাতত। তেওঁৰ কাৰ্যকাল অন্ত পৰিলে আন নথি- পত্ৰৰ লগতে এই ছাবিও নতুন প্ৰধান সম্পাদকৰ হাতত অৰ্পণ কৰা হয়।

প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ কাৰ্যকালৰ এটা নমুনা এয়া। যদি তেওঁ দায়িত্ব লওতে এইবোৰ প্ৰমাণপত্ৰ লকাৰত নাছিলেই, সেয়া তেঁও কিন্তু কেতিয়াও ৰাজহুৱা কৰা নাই। অথচ গোপনভাৱে ৰখা হৈছে এই খবৰ।

উপ সভাপতি গিৰীশ সন্দিকৈক সাহিত্য সভাৰ সভাপতি পাতিবলৈ কঁকালত টঙালি বন্ধা প্ৰধান সম্পাদক শৰ্মাই ৰাজ্যজুৰি চলা সভাপতি নামৰ পেনেলকেন্দ্ৰিক বিতৰ্কৰ অন্তত মুখ খুলিলে। শদিয়াত ৫ নবেম্বৰত মুখ খুলি প্ৰধান সম্পাদকজনে ক’লে- সংবাদ মাধ্যমত যিখন সভাপতিৰ নামৰ ৫জনীয়া তালিকা প্ৰকাশ পাইছে, সেয়া সঁচা নহয়।

শেষত উপাই নাপাই এই ভাষ্য দিয়া প্ৰধান সম্পাদক শৰ্মাই অস্বীকাৰ কৰিব পাৰিবনে, ১০ অক্টোবৰত উচ্চস্তৰীয় কমিটীৰ বৈঠকত এই ৫জনীয়া তালিকা প্ৰস্তুত হোৱা নাছিল বুলি। য’ত তেঁও নিজেই গিৰীশ সন্দিকৈক সভাপতি পতাৰ ব্লু-প্ৰিণ্ট ৰচি সন্দিকৈৰ লগতে আন ৪জনৰ নাম এই পেনেলত অন্তৰ্ভূক্ত কৰিছিল।

কেৱল এয়াই কৰা নাছিল তেঁও। ১০ অক্টোবৰ ২০২৪ত তেওঁ এখন পত্ৰ লিখিছিল। যিখন পত্ৰ তেওঁ এই উচ্চস্তৰীয় কমিটীৰ বৈঠকত পাঠ কৰিছিল। অৱশ্যে তেওঁ এই পত্ৰ প্ৰধান সম্পাদকৰ পেডত লিখা নাছিল। যিখন পত্ৰৰ শিৰোণাম আছিল- “ ২০২৫-২৭ বৰ্ষৰ সভাপতি নিৰ্বাচনৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকৰ সন্মানীয় বিষয়াবৃন্দ।“

এই উচ্চস্তৰীয় বৈঠকত সভাপতি নামৰ ৫জনীয়া পেনেল প্ৰস্তুত কৰাৰ বাবে উপস্থিত আছিল খোদ প্ৰধান সম্পাদক, সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, উপ সভাপতি গিৰীশ সন্দিকৈ, প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, নাহেন্দ্ৰ পাডুন, মৃণালিণী দেৱী আৰু সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী।

সাহিত্য সভাৰ সংবিধানত সভাপতি কেনেকৈ নিৰ্বাচিত হ’ব, সেই নীতি- নিয়ম নিৰ্ধাৰণ কৰি থোৱাৰ পাছতো অসাংবিধানিকভাৱে এই পত্ৰ লিখি কাক প্ৰভাৱান্বিত কৰি খুজিছিল প্ৰধান সম্পাদকগৰাকীয়ে। সভাপতিৰ পদটো নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত অনুভৱ নে এয়া প্ৰভাৱ বিস্তাৰৰ চেষ্টা আছিল ?

প্ৰধান সম্পাদক শৰ্মাই পত্ৰখনৰ ‘ক’ দফাত পদটো লাভৰ মানসেৰে শাখা জিলা অথবা আন স্থানত প্ৰচাৰ চলোৱা লোকৰ নাম পদবী লাঘৱ কৰাৰ অজুহাতত এৰাই চলিবলৈ কোৱা নাছিলনে ? সাহিত্য সভাক কোনোবা দিনা সমালোচনা কৰা যিমান ডাঙৰ সাহিত্যিক নহওক, তেঁওৰ নাম এই তালিকালৈ নানিবলৈ পৰামৰ্শ দিছিল নে নাই ?

আৰ্থিক কেলেংকাৰীৰে জড়িত থকা অভিযোগত অভিযুক্ত লোকক সভাপতি পতা উচিত নহয় বুলি কাৰ পথ তেওঁ বন্ধ কৰিব খুজিছে ? যিসকল ব্যক্তিয়ে সভাপতি হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল, তেওঁলোকৰ নাম এই পেনেলৰ পৰা আঁতৰাই ৰাখিবলৈ কৌশলপূৰ্ণভাৱে অনুৰোধ কৰা কাৰণ কি আছিল ?

তেনে কোনোৰ নাম বিবেচনালৈ আহিলেও তালিকাভুক্ত কৰা নহয় বুলি পৰোক্ষভাৱে তেঁও এই পত্ৰৰ জৰিয়তে সাৱধানবাণী শুনাইছিল প্ৰথমতে। এইবোৰ কি সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ সাংবিধানিক প্ৰক্ৰিয়াৰ অংশ আছিল নেকি ?

প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই অস্বীকাৰ কৰকচোন এনে এখন পত্ৰ লিখা নাই বুলি। তেঁও লিখা এই গোপনীয় পত্ৰখন হাতত ৰাখিয়েই তেওঁক সুধিব খোজো- সভাৰ সভাপতি নিৰ্বাচনত সংবিধান উলংঘন কৰাৰ অভিযোগত প্ৰথম যদি অভিযুক্ত হয়, সেয়া তেওঁৰ বাদে আন কোনো নহয়।

৮ অক্টোবৰ ২০২৪ত একেগৰাকী প্ৰধান সম্পাদকে এইবাৰ সাহিত্য সভাৰ পেডত আন এখন পত্ৰ লিখিছিল সভাৰ জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ সভাপতি- সম্পাদকলৈ। যিখন পত্ৰৰ নম্বৰ আছিল- অসাস/ কেকা/ প্ৰধান / ২০২৩-২৫/ ৫৫০। এই পত্ৰখনৰ বিষয় আছিল সভাৰ নিৰ্বাচন ২০২৪ৰ সম্পৰ্কত।

প্ৰথমেই সাহিত্য সভাৰ এজন প্ৰধান সম্পাদকে লিখা পত্ৰৰ এটা ভুল চকুত পৰে। কোনো এটা বিষয় সন্দৰ্ভতহে পত্ৰ লেখা হয়। সম্পৰ্কত নহয়। এয়া প্ৰধান সম্পাদক ড০ শৰ্মাৰ ভাষাজ্ঞানৰ আন এক নমুনা। পত্ৰখনত তেওঁ কেনেকৈ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব আৰু পেনেলত থকা নামসমূহ ৰাজহুৱা কৰিলে কি ধৰণে অনুশাসন ব্যৱস্থা গ্ৰহণ কৰিব, সেই বিষয়ে অৱগত কৰিছিল।

শাখা সাহিত্য সভা বা জিলা সাহিত্য সভাৰ পৰা নহয়, প্ৰধান সম্পাদকৰ কাৰ্যালয়ৰ পৰাই সভাপতি পেনেলত নাম থকা ব্যক্তিসকলৰ কথা ৰাজহুৱা হ’ল। সাধাৰণ কথাতে জিলা সাহিত্য সভাৰ সভাপতিৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাত কৃপণালি নকৰা প্ৰধান সম্পাদক ড০ শৰ্মাৰ বিৰুদ্ধে এতিয়া এই গুৰু অপৰাধত শাস্তিমূলক ব্যৱস্থা সভাপতিয়ে ল’ব লাগে নে নালাগে ?

মেৰুদণ্ড থকা সভাপতি হোৱা হ’লে গোপনীয়তা ভংগৰ অভিযোগত প্ৰধান সম্পাদকক কেতিয়াবাই জবাবদিহি কৰিলেহেঁতেন সূৰ্য হাজৰিকাই। ৰাইজৰ ৰূপ দেখি সভাপতি হাজৰিকাই সভাপতি পেনেলৰ তালিকা পুনৰ প্ৰস্তুত কৰা হ’ব বুলি আশ্বাস দিছিল।

উচ্চস্তৰীয় কমিটীৰ দুই সদস্যৰ নামসহ তিনিগৰাকীৰ নাম কৰ্তন কৰাৰো ইংগিত দিয়া খবৰ প্ৰকাশ পাইছিল। সংবাদ মাধ্যমক এনেকৈ ক’লেও প্ৰধান সম্পাদক তথা উচ্চস্তৰীয় কমিটীখনলৈ লেখা পত্ৰত কিন্তু বৰ্তমানৰ সভাপতি হাজৰিকাই লিখিছিল- যিহেতু এই সভাপতি নামৰ পেনেলৰ তালিকাকলৈ বিতৰ্ক হৈছে, সেয়েহে সভাই এই তালিকাখন পুনৰ বিবেচনা কৰিব লাগে।

যাৰ বাবে ১০ নৱেম্বৰ ২০২৪ত এই উচ্চস্তৰীয় কমিটীৰ এখন গুৰুত্বপূৰ্ণ জৰুৰী বৈঠক আহ্বান কৰা হৈছে। সেই বৈঠকতে সভাপতিৰ ৫জনীয়া তালিকা নতুনকৈ প্ৰস্তুত কৰা হ’ব। ইফালে যিজন ব্যক্তিকলৈ এই বিতৰ্কৰ সূচনা হৈছে, তেওঁ আজি পৰ্যন্ত কমিটীৰ পৰা পদত্যাগ কৰা নাই।

তেওঁৰ সৈতে যোগাযোগ কৰাত আৰু তেঁওৰ সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানকলৈ প্ৰশ্ন কৰাত তেঁও ক’লে সময়ত তেঁও সেই তথ্য ৰাজহুৱা কৰিব। তাতেই ওলাই পৰে গিৰীশ সন্দিকৈ নামৰ সাহিত্য সভাৰ উপ সভাপতিগৰাকীৰ সভাপতি হোৱাৰ যোগ্যতাকলৈ উত্থাপিত প্ৰশ্নৰ সত্যতা যে আছে।

শেহতীয়াকৈ নিজা খৰচতে পুস্তিকা জাতীয় এখন সৰু উপন্যাস প্ৰকাশ কৰি মানুহক বিলাই ফুৰা খবৰো কিন্তু সাহিত্য সভাৰ বৰ্তমানৰ বিষয়ববীয়াই দিবলৈ কুণ্ঠাবোধ নকৰিলে। এইবোৰ বিতৰ্কৰ পাছত তেঁও আত্মসন্মান ৰক্ষা কৰি সাহিত্য সভাৰ সভাপতি দৌৰৰ পৰা নিজকে আঁতৰাই আনিব নেকি বুলি জানিব খোজাত সেই সিদ্ধান্ত তেওঁ সময়ত ল’ব বুলি মন্তব্য কৰিলে।

কুল শইকীয়াৰ দৰে বিশিষ্ট সাহিত্যিকেও ৰহস্যজনক কাৰণত ‘মৌনতাই সন্মতিৰ লক্ষণ’ ভূমিকা পালন কৰি গিৰীশ সন্দিকৈৰ পক্ষতহে থিয় দিলে। চৰ্চিত এই খবৰবোৰে সাহিত্য সভাকে নহয়, এই লোকসকলোকো ৰাইজৰ কাঠগড়াত উঠাইছে।

সভাপতি নিৰ্বাচনৰ এইবোৰ বেমেজালি আৰু বিতৰ্কৰ মাজতে আন এক খবৰেও ৰাইজক হাঁহিৰ খোৰাক যোগাব। অতি চিন্তনীয় বিষয় এয়াও। পাঠশালাত অনুষ্ঠিত হ’ব লগা সাহিত্য সভাৰ পৰৱৰ্তী অধিবেশনৰ বাবে গঠন কৰা হৈছে আদৰণী সমিতি। এই আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী। মুখ্য সাধাৰণ সম্পাদক গিৰীধৰ চৌধুৰী। মন কৰিব লগা যে এই কমিটীত আছে প্ৰায় ডেৰশজন উপ সভাপতি, এশৰো অধিক সম্পাদক।

বিষয়বাবৰ প্ৰতি সাহিত্য সভাৰ ভিতৰচ’ৰাত কি চলিছে তাৰ আন এক নমুনা এয়া। ইমানবোৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত সভাপতিৰ দৌৰৰ পৰা গিৰীশ সন্দিকৈৰ দৰে ব্যক্তি বাহিৰ নহ’লে, বুজিব লাগিব সাহিত্য সভা এতিয়া কাৰোবাৰ প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে !

এই প্ৰক্ৰিয়াৰ পৰা সন্দিকৈক আঁতৰি থাকিবলৈ বহু জিলা আৰু শাখা সাহিত্য সভাই ইতিমধ্যেই আহ্বান জনাইছে। ৰাইজৰ প্ৰতিক্ৰিয়া, বিতৰ্ক, প্ৰধান সম্পাদককে ধৰি কেইজনমানৰ ভূমিকা ফাদিল হৈ যোৱাৰ পাছত গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাডুনৰ নাম সভাপতিৰ ৫জনীয়া পেনেলৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনাই অধিক।