বিশেষ লেখা

এক গগৈৰ ফাউলত লাগিল “তিনি গগৈ”ৰ সমীকৰণত আউল

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

বিজেপিমুক্ত অসমৰ সপোন দেখা কংগ্ৰেছে এই দৌৰৰ পৰা আঁতৰি যাব লগা হ’ল। সেই পৰিৱেশ যি কাৰণতেই নহওক, কংগ্ৰেছেই সৃষ্টি কৰিলে। বিহালী সমষ্টিৰ প্ৰাৰ্থীকেন্দ্ৰিক সংঘাতৰ পৰিণতিত বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ গঠন কৰা অসম সন্মিলিত মৰ্চাৰ পৰা আঁতৰি যাব লগা হ’ল দলটো।

সন্মিলিত মৰ্চাৰ ভৱিষ্যত এতিয়া সময়ৰ হাতত। বিজেপিমুক্ত কৰিব নোৱাৰিলেও মৰ্চাৰ আন দলবোৰৰ নেতৃত্বই কংগ্ৰেছমুক্ত কৰিলে অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম'ক। এতিয়া অজিত ভূঞাৰ হাতত মৰ্চাৰ নেতৃত্বৰ দায়িত্ব। সাধাৰণ সম্পাদক পদত থাকিব পূৰ্বতে এই দায়িত্বত থকা লুৰীণজ্যোতি গগৈ আৰু মৰ্চাৰ দুই কাৰ্যকৰী সভাপতিৰ দায়িত্ব ল’ব ক্ৰমে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰে।

ইমান দিনে লিলি হোটেলত এই মৰ্চাৰ ৰণনীতি তৈয়াৰৰ বাবে যিবোৰ বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকবোৰ যে বাস্তৱ আৰু ব্যৱহাৰিক নাছিল সেয়া ৰাইজে উপলব্ধি পলমকৈ হ’লেও কৰিলে। এই মৰ্চাত থকা ৩জন গগৈকলৈ বিশেষভাৱে চৰ্চা হৈছিল।

তাৰে এজন আছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, আনজন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু তৃতীয়জন আছিল কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈ। তিনি গগৈয়ে মিলি ২০২৬ত বিজেপিৰ বিৰুদ্ধে প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি দেখা সপোন চূৰমাৰ হ’ল।

শাসকীয় বিজেপিয়ে মৰ্চাৰ এই ছন্দপতনত খুব উপভোগ কৰিছে। অন্ততঃ ৩ গগৈৰ মাজৰ ৰাজনৈতিক পাৰ্থক্যই তেঁওলোকক আৰু আশাবাদী কৰি তুলিছে। কংগ্ৰেছৰ গগৈজন কংগ্ৰেছত থাকিলেও মৰ্চাত থাকি যোৱা আন দুজন গগৈয়ে আঞ্চলিক শক্তিক একত্ৰিত কৰি এক আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি থিয় কৰাব পাৰিব বুলি এতিয়াও বহুতে আশা কৰে।

বি পি এফ, ইউ পি পি এলকে ধৰি ৰাজ্যৰ বহুধা বিভক্ত হৈ থকা আঞ্চলিক শক্তিৰ প্ৰতি মানুহৰ মোহভংগ হোৱা নাই। সেই শক্তিবোৰক একত্ৰিত কৰি ৰাষ্ট্ৰীয় শক্তিৰ বিৰুদ্ধে থিয় দিব পৰা পৰিৱেশ ৰচনা কৰাৰ অৱকাশ ৰাজ্যৰ ৰাজনীতিত এতিয়াও আছে।

বিজেপিৰ সৈতে ক্ষমতাত থাকিলেও অসম গণ পৰিষদে পদে পদে অনুভৱ কৰে এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৱে অসম গণ পৰিষদক ইতিমধ্যে গিলিবলৈ আৰম্ভ কৰিছে। তেঁওলোকৰ ভোটৰ শিবিৰতে অৱস্থান লৈ বিজেপিয়ে মূৰ দাঙি উঠিছে। সাম্প্ৰদায়িক বিভাজনেৰে হিন্দুত্ববাদী শ্লগানেৰে অসমত বিজেপি তিষ্ঠি থকা সম্ভৱ নহয়। সেয়েহে অসম গণ পৰিষদক বিজেপিয়ে সন্মুখত ৰাখি দিশপুৰ দখল কৰিছে।

কংগ্ৰেছৰ অহমিকাৰ পৰিণতিত ২০২৬ৰ প্ৰস্তুতিত যৱনিকা পৰিল। অসহায় ভূপেন বৰাই বুজিয়েই নাপালে তেঁও দিয়া সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি দিল্লীক সন্মত কৰাই ইচ্ছা মতে কোনো সমষ্টিত প্ৰাৰ্থী দিব পৰা নেতাও যে তেঁওৰ দলত আছে। সভাপতিৰ আসনখন ৰক্ষা কৰাৰ স্বাৰ্থত বৰাই বহু কথা মুখ খুলি ক’ব পৰা নাই। তথাপিও তেঁও কি হৈছে ৰাইজে দেখিছে বুলি প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ক্ষোভ উজাৰিলে।

গৌৰৱ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন চৰ্চিত নেতা। কংগ্ৰেছৰ হাইকামাণ্ডৰ বৰঘৰৰ মানুহ। কিন্তু সেই গৌৰৱ গগৈয়ে নিজৰ অহমিকাত ডুব গৈ তেঁওৰ কৰ্তৃত্বৰ উমান দিবলৈ আঁৰত থাকি যিবোৰ কৰিলে সেই কৰ্মবোৰেই কংগ্ৰেছৰ নেকা- কৰ্মীকো সুখী কৰিব পৰা নাই।

পৰিৱৰ্তনকামী অসমৰ ৰাইজে গৌৰৱ গগৈৰ ৰাজনৈতিক উত্থান আৰু তেঁওৰ আচৰণ দেখিয়েই হতাশ হৈছে। এটা সৰ্বসন্মত সিদ্ধান্ত মিত্ৰদলৰ মঞ্চত লোৱা হৈছিল। সেই সিদ্ধান্তৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে থিয় দি যিগৰাকীক বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী কৰিলে, তেঁও হেনো জামিনতহে আছে ইমান দিন বাহিৰত।

খুচৰিলে এয়াও ওলাব যে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অভিযান চলাওতে কোনো কোনে জামিন লৈ জে’ল যাত্ৰাৰ পৰা নিজক ৰক্ষা কৰিছিল। পিছত বিজেপিত যোগদান কৰা আৰু নিৰ্বাচনত বিজেপিৰ পৰা বিহালীত টিকট নাপাই দল ত্যাগ কৰি অহা এইসকল এতিয়া গৌৰৱ গগৈৰ পছন্দৰ মানুহ।

সেইজন গৌৰৱ গগৈয়ে আৰু নৈতিকতাৰ কথা নোকোৱাই ভাল। লোকসভা নিৰ্বাচনৰ সময়তো তেঁও কেন্দ্ৰিক বহু কথা চৰ্চা হৈছিল। নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে ধৰি লৈ আভিজাত্য আৰু তৃণমূলৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈ কিমান দিন প্ৰাসংগিক হৈ থাকিব সেয়াও এক বিচাৰ্য বিষয়।

চামগুৰিক লৈ ৰকিবুল হুছেইন ব্যস্ত। দলত কি হৈছে তাকলৈ জ্যেষ্ঠ কেইবাজনো কংগ্ৰেছ নেতাই মূৰ ঘমাব নিবিচাৰে। তেঁওলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাকলৈহে তেঁওলোক ব্যস্ত। গৌৰৱ গগৈৰ বাবে কংগ্ৰেছে সততা আৰু নৈতিকতা বিসৰ্জন দিব লগা হ’ল বুলি মানুহে বুজি উঠিছে।

অখিল গগৈ, লুৰীণজ্যোতি গগৈৰ মুখত এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাৰ বাক্যবাণ। অথচ সেই কংগ্ৰেছকে সংগী কৰি দিশপুৰ দখলৰ সপোন দেখিছিল। ভূপেন বৰাই বিৰোধীৰ এই মিত্ৰতাৰ সপক্ষে থিয় দিলেও গৌৰৱ গগৈয়ে এনে এক খেল খেলি দিলে যাৰ বাবে ফাউল খেলি খেলপথাৰৰ পৰাই ভূপেন বৰাসহ কংগ্ৰেছ বাহিৰ হ’ব লগা হ’ল।