এজন পণ্ডিতৰ মহাপ্ৰস্থান ঘটিল। ওৰেটো জীৱন অসমীয়া ভাষা, সাহিত্যৰ বাবে নীৰৱে উৎসৰ্গা কৰা এক মহা অধ্যায়ৰ অন্ত পৰিল। ভাষাৰ প্ৰতি তেওঁ অত্যন্ত দায়িত্বশীল আছিল। পত্ৰবাহকক ভুলকৈ নিজৰ নামটো লিখাৰ বাবে চিঠি উভতাই দি কৈছিল- মোৰ নাম 'বিশেশ্বৰ' নহয়, বিশ্বেশ্বৰ হাজৰিকাহে। এয়াই তেওঁৰ ভাষাৰ প্ৰীতি, ভাষাৰ প্ৰতি সচেতনতা।
মানুহজন অত্যন্ত স্পষ্টবাদী। তেওঁ বিচাৰিছিল চহকী অসমীয়া ভাষাতো শুদ্ধ আৰু মাৰ্জিত ৰূপত ব্যৱহাৰ হোৱাতো। এক জাতীয় চেতনাৰে এদিন তেওঁ দৈনিক কাকতত স্তম্ভ লিখিছিল। সেই স্তম্ভৰ নাম আছিল- তামুলী চ'ৰা।
অপ্ৰিয় হ'লেও সঁচা কথাবোৰ তেওঁ কৈ ভাল পাইছিল। ৯১ টা বছৰ গৰকিও তেওঁ ক্লান্ত হোৱা নাছিল। অশীতিকৰ মানুহজনে অবিনষ্ট চুলিৰ সৈতে শুদ্ধ বগা চুৰিয়া, কামিজ পিন্ধি ভাল পাইছিল।
পণ্ডিত হ'লেও তেওঁ অতি সাধাৰণ ভাৱেই জীৱন কটাইছিল। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ ''আছামিজঃ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেন্ট''খন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল ১৯৯৬ চনতেই। অসমীয়া ভাষাঃ ইয়াৰ গঠন আৰু ক্ৰমবিকাশ নামেৰে সেই কাম সম্পন্ন কৰিছিল।
অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডৰ সম্পাদনাৰ দায়িত্ব লৈছিল তেওঁ। আছামিজ লেংগুৱেজঃ অৰিজিন এণ্ড ডেভেলপমেন্ট,অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ আদি তেওঁৰ গৱেষণা লব্ধ কামৰ ফচল আছিল।
শৈশৱৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল। ১৯৫৪ চনত গোলাঘাটৰ বৰপথাৰৰ পৰা প্ৰকাশ পাইছিল এখন আলোচনী। নাম আছিল- কুশল। সেই আলোচনীৰ সম্পাদনাৰ দায়িত্ব লৈছিল তেওঁ।
শিক্ষাজীৱন তেওঁৰ বৈচিত্ৰতাৰে ভৰা। প্ৰথমবাৰ মেট্ৰিক পৰীক্ষা দিওতে গণিত বিষয়ত উত্তীৰ্ণ হ'ব পৰা নাছিল। কম্পাৰ্টমেন্টেল পাইছিল সেইবাৰ। কিন্তু সেই পৰীক্ষা নিদি নতুনকৈ গোলাঘাট টাউন হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হৈছিল।
প্ৰথমবাৰ মেট্ৰিকত কিন্তু তেওঁ অসমীয়াত সৰ্বোচ্চ নম্বৰ পাইছিল। আইএ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপথাৰ হাইস্কুলত কিছুদিন শিক্ষক হিচাপেও কাম কৰিছিল। এবছৰ মান কাম কৰি গুচি আহিছিল গুৱাহাটীলৈ।
গুৱাহাটীৰ পাণ্ডুৰ পৰা প্ৰকাশিত শান্তি দূত নামৰ আলোচনীখনত উপ-সম্পাদক হিচাপে যোগদান কৰিছিল। কিন্তু আলোচনীখন এবছৰমান চলাৰ পাছতে বন্ধ হোৱাত নতুন অসমীয়া কাকতত চাকৰি বিচাৰি গৈছিল।
কাকতখনত চাকৰি নাপাই গুচি গৈছিল আকৌ ঘৰলৈ। ঘৰত থাকোতেই কাকতখনে তেওঁক নিযুক্তি দিয়াত আকৌ গুচি আহিছিল গুৱাহাটীলৈ। কিন্তু এই কাকতখনো বন্ধ হোৱাত ঘৰলৈ গুচি যায় পুনৰ।
এদিন মালিগাঁওস্থিত নৰ্থ ইষ্ট সীমান্ত ৰেলৱেত চাকৰিত যোগদান কৰেহি। সমান্তৰালভাৱে বি. বৰুৱা কলেজত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। স্নাতক ডিগ্ৰী লৈ পুনৰ ঘূৰি গৈছিল বৰপথাৰলৈ। ৰেলৰ চাকৰি এৰি হাইস্কুলৰ শিক্ষক হৈছিল।
এনেকৈয়ে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত বি.বৰুৱা কলেজত অধ্যাপক হিচাপে যোগদান কৰে। চৰ্যাগীতৰ সন্দৰ্ভত তেখেতৰ অধ্যয়ন আৰু গৱেষণা মন কৰিবলগীয়া। সেই গৱেষণা আৰু অধ্যয়নে চৰ্যা গীতবোৰৰ সন্দৰ্ভত বহু দিশ উন্মোচন কৰিছিল।
অভিধান প্ৰণয়নৰ ক্ষেত্ৰতো তেখেতৰ বৰঙণি আছিল । অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধানখন তেখেতে প্ৰণয়ন কৰিছিল। এইগৰাকী ভাষাবিদ, পণ্ডিত বিশ্বেশ্বৰ হাজৰিকা আৰ্থিক অনাটনৰ বাবে এজন বন্ধুয়ে তেওঁক মাহিলী ১০০ টকাকৈ দিম বুলি কোৱাত গুৱাহাটী বিশ্ব বিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল।
১৯৬৫ চনত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ ভাষা শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্বৰ্ণ পদক লাভ কৰিছিল। ডেকা কালত তেওঁৰ ৰাজনীতিত নমাৰো ইচ্ছা আছিল। অসমীয়া ভাষা স্বকীয়তা আৰু ইয়াৰ পৰিচয় উদ্ধাৰৰ হকে তেওঁ আগবঢ়োৱা অৱদান মন কৰিবলগীয়া।
১৯৩৩ চনৰ ৩১ জুলাইত গোলাঘাটৰ বাৰমুখীয়া গাঁৱত তেওঁ জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল খৰ্গেশ্বৰ হাজৰিকা আৰু মাতৃৰ নাম আছিল সোণেশ্বৰী হাজৰিকা। তেওঁ প্ৰাথমিক শিক্ষা বাৰমুখীয়া প্ৰাথমিক বিদ্যালয়তে গ্ৰহণ কৰিছিল।
কোনো অহংকাৰ নাছিল তেওঁৰ। ২০১৪ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যচাৰ্য সন্মানেৰে সন্মানিত কৰিছিল। এইগৰাকী বিশিষ্ট ভাষাতত্ববিদ,পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
৩১ মাৰ্চ, ২০২৪ ৰ পুৱতি নিশা ইহ সংসাৰ এৰি এইগৰাকী বট বৃক্ষই জীৱন নাটৰ সামৰণি মাৰিলে। থৈ গল তেওঁ ভাষা, সাহিত্যক সমৃদ্ধ কৰা গৱেষণালব্ধ সৃষ্টিৰাজি।