বিশেষ লেখা

কংগ্ৰেছ...

মৃদুল কুমাৰ সন্দিকৈ

কেৱল ক্ষমতাৰ বাবে ৰাজনীতি নেকি? মন্ত্ৰী, বিধায়ক,সাংসদ হোৱাই আপোনালোকৰ লক্ষ্য নেকি? সুবিধা নাপালেই দীৰ্ঘদিন আঁকোৱালি ধৰি থকা ৰাজনৈতিক আদৰ্শক ভৰিৰে মোহাৰি পেলাব পাৰে নেকি?

ইমান দুৰ্বল নে আপোনালোকৰ পৰিকাঠামো? ইমান দুৰ্বল নে আপোনালোকৰ নেতৃত্ব? মুখ খুলি ক'ব নোৱাৰিলেও বিকল্প সন্ধানত থকা সাধাৰণ মানুহক আপোনালোকে কেৱল নিৰাশাৰ বাদে আন একো দিব পৰা নাই।

সুদীৰ্ঘকাল শাসনত থকাৰ পাছতো কিয় ইমান লিপ্সা শাসনলৈ? ভাল বিৰোধী হ'বলৈ ইমান সুযোগ পোৱাৰ পাছতো কিয় সেই সুযোগ লোৱাত বিফল আপোনালোক? নিজৰ ভিতৰতেই ইমান নিৰ্লজ্জভাৱে কিয় কৰিছে খোৱা কামোৰা?

নিৰ্বাচনৰ সময়ত শাসকীয়ৰ বিৰুদ্ধে শক্তিশালী নিৰ্বাচনী যুঁজ দিয়াৰ পৰিৱৰ্তে আপোনালোক চোন নিজৰ মাজতেই যুঁজ-বাগৰত ব্যস্ত। কেনেকৈ মানুহে বিশ্বাসত লয় আপোনালোকক?

অসমৰ প্ৰেক্ষাপটতেই আপোনালোক নিৰ্বাচনৰ যুঁজৰ পূৰ্বে বেকফুটত অৱস্থান লৈছে। সাধাৰণ মানুহে ক'বলৈ বাধ্য হৈছে আপোনালোকক ভোট দিয়া মানেই ভোটটো অথলে নিয়া।

ৰাইজে নীৰৱে লক্ষ্য কৰিছে আপোনালোকৰ মতি-গতি। কেৱল গয়াৰাম নেতাই চোন ভৰি আছিল আপোনালোকৰ দল। সেইসকল সুযোগ সন্ধানীক সেনাপতি পাতি কি যুঁজ দিব আপোনালোকে?

আপোনালোকৰো ৰাজনৈতিক দস্তাবেজ বৰ সুখকৰ নাছিল। স্বজন প্ৰীতি, দুৰ্নীতিয়ে সেই দস্তাবেজ ভৰি পৰিছিল। মানুহক মানুহ বুলি গন্য নকৰাৰ প্ৰৱণতাৰে ক্ষমতাৰ বলিয়ান হৈ এদিন অন্ধ হৈছিল।

সেই শিক্ষা দিবলৈকে আপোনালোকক ভোটৰ নিৰ্বাচনী বতৰত মানুহে প্ৰত্যাখ্যান কৰিছিল। তাৰ পাছতো ভুলৰ পৰা শিক্ষা ল'ব বুলি ভাবিছিল। কিন্তু সেই অহংকাৰ আৰু ক্ষমতা খকৰ পৰা আপোনালোক মুক্ত হ'ব নোৱাৰিলে।

বিৰোধী আসনত থাকি কোনটো সমস্যাক লৈ আপোনালোকে ৰাইজক লগত লৈ জনমত গঠন কৰিব পাৰিলে? নিজৰ মাজত টনা-আজোৰাতেই ব্যস্ত হৈ সময় পাৰ কৰাতোৱেই আপোনালোকৰ সংস্কৃতি হ'ল।

দুই-এজনে নিজস্ব চেষ্টাৰে কিছু আশাৰ সঞ্চাৰ কৰিলেও সেইসকলৰ ভেঁটিত আপোনালোকেই চিপৰাং মাৰিছে। কোনো কাকো উঠিব নিদিয়া উদ্দেশ্যৰে কেকোৰাৰ দৰে টনা-আজোৰা কৰা খবৰবোৰ আন্ধাৰতে ৰৈ যোৱা নাই।

এনেকৈ আপোনালোকে কেনেকৈ ক'ব পাৰে ক্ষমতালৈ অহা কথা? লবীকেন্দ্ৰিক ৰাজনীতিৰে আপোনালোকে নিজকে নিশেষ কৰি আনক কি আস্থাৰ গান শুনাব? যোৱা কিছু দিনতেই আপোনালোকৰ স্বৰূপ ওলাই পৰিছে।

লোকসভা নিৰ্বাচনৰ টিকটকেন্দ্ৰিক পৰিঘটনাই আপোনালোকৰ দুৰ্বল সাংগাঠনিক ভেঁটিক উদঙাই দিছে। টিকট নাপালেই দল এৰিছে। সেই তালিকা ইতিমধ্যে দীঘলীয়া হৈছে।

এইবাৰ পত্নী টিকটৰ পৰা বঞ্চিত হোৱাত আপোনালোকৰ নেতাই ঠেহ পাতিছে। পদবী এৰি সেই ঠেহ দলৰ মজিয়ালৈ ঠেলিছে। তেওঁক মনাবলৈ দলৰ নেতা-বিষয়ববীয়া তেওঁৰ কাষলৈ দৌৰিছে।

এতিয়া এনেকৈয়ে আপোনালোকে নিজৰ মাজতেই ব্যস্ত হৈ পৰিছে। আপোনালোকৰ প্ৰতিপক্ষই নিৰ্বাচনৰ ৰণ কৌশল ৰচি ৰণক্ষেত্ৰত নামিছে। সেই নিৰ্বাচনী যুঁজত আপোনালোক অৱতীৰ্ণ হ'ব পৰাকৈ মাৰ বান্ধি থিয় হ'ব পৰা শক্তি হেৰুৱাই পেলাইছে।

আপোনালোকৰ নেতৃত্বই এইবোৰ মৰিষণৰ সমাধানৰ কোনো ব্যৱস্থা কৰা নাই। বৰঞ্চ সেই সকলে মুখত বৰ মাত মাতি হুংকাৰৰ ৰাজনীতিয়েই সকলো বুলি আত্ম প্ৰত্যয় গৈছে।

কিমান দুৰ্বল হৈ পৰিছে আপোনালোক নিজৰ বাবে সেয়া অনুভৱেই কৰিব পৰা নাই এতিয়াও। আপোনালোকে বাৰু দেখিছেনে সেইবোৰ কথা, যিবোৰ ধেমালি সদৃশ যদিও মানুহৰ মনৰ বহিঃপ্ৰকাশ।

সামাজিক মাধ্যমতেই আপোনালোকক উদ্দেশ্যিয়েই মানুহে জানো লিখা নাই- ''তুমি যদি মোক এৰি দিয়া মই কংগ্ৰেছত যোগ দি মোক নিশেষঃ কৰি দিম''। এইবোৰ ব্যক্তব্যই আপোনালোকৰ বৰ্তমান আৰু ভৱিষ্যতৰ ছবিখন তুলি ধৰিছে বৰ ৰসালভাৱে।

তাৰপাছতো আপোনালোকৰ গা লৰা নাই। দেশৰ পুৰণি আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল হৈয়ো আপোনালোক এতিয়া অস্তিত্বৰ সংকটত। বিৰোধী আসনত বহি আপোনালোকে শাসক পক্ষক জবাবদিহী কৰিব লাগিছিল। কিন্তু এতিয়া যেন ৰাজনৈতিক আইচিইউত কংগ্ৰেছ।