বিশেষ লেখা

আমি খোৱা মিঠাইতো আছে নেকি গৰু-গাহৰিৰ চৰ্বি ?

মৃদুল কুমাৰ সন্দিকৈ

বজাৰত উভৈনদী হৈ পৰিছে সুস্বাদু মিঠাই। সন্দেশ, চান্দপাপৰি, বুন্দিয়া লাড়ু, কালাকন, খুৰ্মা, গোল্লা, লালমোহন আদি মিঠাইৰ এখন ৰমৰমীয়া বজাৰ অতি সংগোপনে অসমত গঢ়লৈ উঠিছে। মিঠাইৰ দোকানবোৰতো ঘিউযুক্ত মিঠাইৰ আদৰ যথেষ্ট বৃদ্ধি পাইছে।

জেলেপীকে ধৰি বিভিন্ন প্ৰকাৰৰ মিঠাই ঘিউত প্ৰস্তুত কৰাৰ বাবে গ্ৰাহকেও ইয়াৰ সুস্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। সেই সুযোগতে মিঠাই দোকানীবোৰে মিঠাইৰ দাম অবিশ্বাস্যভাৱে বৃদ্ধি কৰি ইয়াৰ মুনাফা আদায় কৰিছে। অসমৰ দোকানে-পোহাৰে এতিয়া মিঠাই উপলদ্ধ। গেলামালৰ দোকানতো পেকেট আৰু কণ্টেনাৰত ভৰাই বিক্ৰী কৰা মিঠাই সহজতে পোৱা যায়।

ইয়াৰে বেছিভাগ মিঠাই অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা আমদানি কৰা হয়। ম্যানমাৰৰ পৰাও মাছৰ লগতে বিভিন্ন প্ৰকাৰৰ মিঠাইও অসমৰ বজাৰত এক চক্ৰই মেলি দিয়া অভিযোগো উত্থাপন হৈ আহিছে। মিঠাইবোৰ সুস্বাদ্য তাত প্ৰশ্ন নাই। কিন্তু এই মিঠাইৰ নামত আচলতে আমি কি খাইছো তাৰ পৰীক্ষা কোনোবাই কৰিছেনে ?

গাহৰি, গৰুৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা মিঠাই আমাক খুৱাই আছে নেকি কোনোবাই ? সেই প্ৰশ্ন আৰু সন্দেহ ইতিমধ্যে ৰৈ গৈছে। কিয়নো ঘিউ প্ৰস্তুতৰ নামত এক অসাধু চক্ৰই এনে এক বেপাৰেই সমগ্ৰ দেশজুৰি ইতিমধ্যে আৰম্ভ কৰিছে।

শেহতীয়াকৈ গুজৰাটৰ নেচনেল ডায়েৰী ডেভলপমেণ্ট বৰ্ড চমুকৈ এন ডি ডি বিয়ে তেঁওলোকৰ পৰীক্ষাগাৰত কৰা এক পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিছে। এই পৰীক্ষাৰ বাবে চলিত বৰ্ষ অৰ্থাৎ ২০২৪ৰ জুলাই মাহত অন্ধ্ৰপ্ৰদেশৰ বিখ্যাত মন্দিৰ তিৰুপতিৰ প্ৰসাদ সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে তিৰুপতি মন্দিৰৰ প্ৰসাদ বিশ্ব বিখ্যাত। প্ৰতিদিনেই এই মন্দিৰত প্ৰসাদ হিচাপে দিয়া ৩লাখ লাড়ু ভক্তৰ বাবে প্ৰস্তুত কৰিব লগা হয়। এই লাড়ুবোৰ প্ৰস্তুত কৰাৰ বাবে তিৰুপতি মন্দিৰত এদিনতে প্ৰায় ৫০০ কে জি ঘিউৰ প্ৰয়োজন হয়।

প্ৰথমে মন্দিৰলৈ প্ৰতিদিনাই ঘিউ যোগান ধৰিছিল নন্দিনী নামৰ ঘিউ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। অন্দ্ৰপ্ৰদেশত ৱাই এছ আৰ চি পি চৰকাৰ গঠন হোৱাৰ পাছত তিৰুপতি মন্দিৰত ঘিউ যোগান ধৰা ঠিকা চৰকাৰৰ সেউজ সংকেত অনুসৰি আন এক প্ৰতিষ্ঠানক অৰ্পণ কৰা হয়। ৱাই এছ জগমোহন ৰেড্ডীৰ নেতৃত্বাধীন ৱাই এছ আৰ চি পি চৰকাৰৰ শাসনৰ কাৰ্যকাল অন্ত পৰিল।

অন্ধ্ৰপ্ৰদেশৰ শাসনলৈ আহিল চন্দ্ৰবাবু নাইডু। তিৰুপতি মন্দিৰত পূৰ্বৰ দৰেই নতুন প্ৰতিষ্ঠাটোৱে যোগান ধৰা ঘিউৰে প্ৰসাদ প্ৰস্তুত হৈ আহিছে। চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ এন ডি ডি বিৰ কালফ্ট লেবৰট’ৰীয়ে প্ৰকাশ কৰা প্ৰতিবেদন দেখি চকু কপালত উঠিল।

ভগৱানৰ লগতো গাড্ডাৰ ! তিৰুপতিৰ বিখ্যাত ভেংকটেশ্বৰ স্বামী মন্দিৰৰ প্ৰসাদত এয়া কি ? সেই প্ৰসাদত ধৰা পৰিল গৰুৰ চৰ্বি, গাহৰিৰ চৰ্বি, সাগৰীয় মাছৰ চৰ্বি আদি। অৰ্থাৎ প্ৰসাদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা সেই ঘিউ প্ৰস্তুত কৰা হৈছিল এইবোৰ চৰ্বিৰ পৰা।

তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা এনে এটা লাড়ুৰ বাবে ব্যয় কৰা হয় ৪০টকা। বছৰি এই প্ৰসাদ বিক্ৰী কৰিয়েই মন্দিৰটোৱে অৰ্জন কৰে ৫০০ কোটিৰো অধিক টকা ধন। মানুহৰ বিশ্বাস আৰু আস্থা লুকাই আছে এই প্ৰসাদবোৰত।

সেই প্ৰসাদবোৰেই গৰু-গাহৰিৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা বুলি এক পৰীক্ষাৰ প্ৰতিবেদনত ফাদিল হোৱাত সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ইয়াৰ বাবে জগৰীয়া কৰিছে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰক।

যিটো লেবৰট’ৰীত তিৰুপতি মন্দিৰৰ প্ৰসাদৰ পৰীক্ষা কৰা হৈছিল সেই পৰীক্ষাৰ লেবৰট’ৰীৰ ৰেফাৰেন্স নম্বৰ আছিল- AB023654 আৰু ইয়াৰ চেম্পল আছিল V। য’ত এছ ভেলুৰ পৰিমাণ মাত্ৰ ১৯.৭হে। মন্দিৰটোৰ প্ৰসাদ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা ঘিউত পোৱা গৈছে প্লাম অইল, ফিছ অইল, বিফ অইল আৰু গাহৰিৰ ফেটি টিছু।

নকল ঘিউৰ পয়োভৰৰ এক উদাহৰণ এয়া। অসাধু চক্ৰই গৰু, গাহৰি, মাছ আদিৰ চৰ্বিৰে এনেদৰেই ঘিউ প্ৰস্তুত কৰি সমগ্ৰ দেশতে ইয়াৰ বিপণন কৰিছে। সেই ঘিউৰ পৰাই বিখ্যাত তিৰুপতি মন্দিৰৰ প্ৰসাদ, মিঠাই আদি অসাধু চক্ৰই প্ৰস্তুত কৰি আহিছে।

অসমত মিঠাইৰ যিখন বজাৰ গঢ়লৈ উঠিছে সেই মিঠাইবোৰৰ পৰীক্ষা কৰিলেও এনে নকল ঘিউৰে সেইবোৰ প্ৰস্তুত কৰাৰ তথ্য নিশ্চয় ওলাই পৰিব। মনত ৰখাৰ প্ৰয়োজন- এই নকল ঘিউ কিন্তু গাহৰি, গৰুৰ চৰ্বিৰ পৰাই মূলতঃ প্ৰস্তুত কৰা হয়। মিঠাইৰ নামত আমি কি খাই আছো সেই অনুসন্ধান আমাৰ চৰকাৰেও কৰাৰ সময় আহি পৰিছে এতিয়া।