বিশেষ লেখা

বিশ্বকাপ, কুঁহি আৰু আমি...

মৃদুল কুমাৰ সন্দিকৈ

হয়। ভাৰতৰ বাবে হওঁক আজিৰ দেওবাৰটো। ১৪বছৰীয়া কুঁহিৰ দৰে ১৪০ কোটি ভাৰতীয়ৰ আজি এয়ে প্ৰাৰ্থনা। টিভিৰ সন্মুখত বহিয়ে কুঁহিয়ে যেতিয়া চিঞৰে- "ফ'ৰ,ছিক্স..." আবেগৰ এক নিজৰা বৈ যায় তেতিয়া...

ক্ৰিকেট চাবলৈ শিকা বৰ বেছি দিন হোৱা নাই তাইৰ। কোহলি,ৰোহিতৰ নান্দনিক শ্বটবোৰৰ ভাষা এতিয়া তাই বুজে। বুমৰাহ,ছামীৰ দ্ৰুতগতিৰ বলবোৰ উইকেটলৈ সলনি হ'লে আনন্দত প্ৰাণ খুলি 'আউট' বুলি চিঞৰে।

ভাৰতৰ খেল মানেই কুঁহিৰ আগতীয়া প্ৰস্তুতি। হাতত কোকো কোলা,চিপছৰ পেকেট লৈ বহি থাকে আগৰে পৰা। লগে-ভাগে খেল চোৱা মজাই সুকীয়া সেই কথা বুজি উঠিছে তাই। প্ৰয়াত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পো- নাতি কুঁহি। বিশিষ্ট গীতিকাৰ প্ৰশান্ত বৰদলৈৰ জী-নাতি। সাহিত্য, সাংস্কৃতিৰ বুনিয়াদৰ মাজত ডাঙৰ হোৱা এগৰাকী কিশোৰী। সেইবোৰৰ উপৰিও এতিয়া তাইৰ ক্ৰিকেটলৈ বৰ ধাউতি।

ফাইনেলৰ শেষ যুঁজ, ২২ গজৰ উত্তেজনা। কোহলি-ৰোহিতে কি কৰিব ২দিন আগৰ পৰা তাইৰ চিন্তা। দুহাত খামোচি চোফাখনত বহি লৈ ভাৰতীয় দলৰ বাবে যে তাইৰ ক'ত প্ৰাৰ্থনা। ইমান বুজে ক্ৰিকেট ! ইমান আবেগ ক্ৰিকেটৰ কাৰণে। ধেমালিকৈ কৈ দিওঁ তাইক- তুমি আমাৰ 'মন্দিৰা বেদী' !

'কুঁহি' এটা উদাহৰণ। ক্ৰিকেট পাগল দেশৰ ক্ৰিকেট বলীয়া এক নতুন স্পন্দন। এইবাৰে তাই প্ৰথম ভাৰতে ক্ৰিকেট বিশ্বকাপ জিকিলে সেই জয়ৰ সোৱাদ পাব। ক্ৰিকেট অনিশ্চিয়তাৰে ভৰা, কিন্তু ভৰসাৰে আৱৰা।

১০খন দেশ আহিছিল এই ৰণলৈ। দুখন ৰৈ গ'ল। ৯ খন চহৰত চলিছিল যুঁজ। য'ত আৰম্ভ হৈছিল এই মহাৰণৰ তাতেই অন্ত পৰিব এই মহাযুদ্ধৰ। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিধাতাই লিখিব ক্ৰিকেটৰ নতুন ঠিকনা।

সৌ সিদিনা দিপাৱলীৰ পোহৰেৰে ৰঙীন হৈছিল আকাশ। দেওবাৰে আকৌ হব পাৰে দিপাৱলী। কিমান যে সপোন কুঁহিৰ। ভাৰত জিকিলে তায়ো জিকিব। তাই জিকিলেতো ভাৰতীয়ই জিকা হ'ব।

সেই মোহৰ মাৰিবলৈকে ১০০ অভাৰৰ খেল। দেওবাৰৰ দ্ৰৌনাচাৰ্যৰ নাম দ্ৰাবিড়। তেওঁৰ শিষ্যবোৰে ভাল খেলবোৰৰ পুনৰাবৃত্তি ঘটালে কাৰ সাধ্য ভাৰতৰ হাতৰ পৰা বিশ্বকাপ কাঢ়ি নিব।

১০ খন খেলত ভাৰতীয় ক্ৰিকেটাৰে অনুৰাগীক সকলো দিছে। বেট, বলেৰে বহু শ্ৰেষ্ঠত্বৰ কাহিনী দেখিলে। আৰু এখনৰ বাবে সেই শ্ৰেষ্ঠত্বৰ কাহিনী লিখা প্ৰয়োজন। অপেক্ষাই ভাল। মাহেন্দ্ৰ ক্ষণত কুঁহিৰ দৰে সকলোৰে বুুুকুত অজান ভয়ৰ জোকাৰণি।

কেতিয়াবা ভৱাৰ দৰে নহয় সকলোবোৰ। কিন্তু এইবাৰ ভবাৰ দৰে সকলোবোৰ হব।সেই আত্মবিশ্বাস কুঁহিৰ মনত, কুঁহিৰ বুকুত। ভাৰতীয় দলৰ কোনোবা খেলুৱৈৰ কথা বেয়াকৈ ক'লে তাইৰ বুকুখন জ্বলে। এখনতহে বেয়া খেলিছে বুলি ৭ খুন মাফ কৰি দিলে।

কোহলিৰ বিৰুদ্ধে সমালোচনাৰ এটা শব্দ সহ্য কৰিব নোৱাৰে। শতকৰ হাফ চেঞ্চুৰী মৰাৰ দিনা অনুস্কাতকৈ সুখৰ আভা বেছিকৈ বিৰিঙিছিল কুঁহিৰ মুখত। ছেমি ফাইনেলত ভাৰত জিকাৰ দিনা একেলগে বহি উপভোগ কৰা হৈছিল খেল। সেইদিনাই চৰ্ত দিছিল- ফাইনেলৰ দিনা মিছ নকৰিবা, একেলগে খেল চাম কিন্তু আহিবা।

নৱদ্বীপ খুড়া আহে নাহে তেওঁৰ কথা সুকীয়া। ক্ৰিকেটৰ এই মধুৰ ক্ষণেই আমাৰো প্ৰাপ্তি। নতুন প্ৰজন্মৰ এগৰাকী কিশোৰীৰ উৎসাহ ক্ৰিকেটৰো শক্তি। এইবাৰ ভাৰতে বিশ্বকাপ ক্ৰিকেট জিকিলে কুঁহিৰ মনত চিৰদিনৰ বাবে ৰৈ যাব খেল চোৱা সময়ৰ স্মৃতি।

১৪০ কোটি ভাৰতীয় অধীৰ অপেক্ষাত। কেতিয়া বাজিব ২। কেতিয়া হব আৰম্ভ। কুঁহিৰ আগ্ৰহ তাতোকৈ অলপ বেছি। ২ বজাৰ আগতে পাবাহি আহি। ডেৰ বজাৰ কিন্তু নকৰিবা দেৰি। লগে ভাগে খেল চোৱাৰ খেল চোৱাৰ মজাই সুকীয়া। ভাৰতে বিশ্বকাপ জিকিলে কুঁহিয়ে দেওবাৰে কান্দি নিদিলেহে ৰক্ষা...