বিশেষ লেখা

মহন্তৰ শাসনতো নহয় এতিয়া...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

তেতিয়া মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। প্ৰথমবাৰ ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৮ নৱেম্বৰলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল। দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাইজে অসম গণ পৰিষদক ১৯৯৬ চনত পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত কৰিছিল।

সেইবাৰ মুখ্যমন্ত্ৰীৰূপে প্ৰফুল্ল মহন্তই ১৯৯৬ চনৰ ১৫ মে'ত শপত লৈছিল। মহন্তৰ কাৰ্যকাল অন্ত পৰিছিল ২০০১ চনৰ ১৭ মে'ত। সেই দ্বিতীয় কাৰ্যকালৰ কথা কৈছো। আইন শৃংখলা জনিত পৰিস্থিতি সেই সময়ত কি হৈছিল সেয়া পুনৰ মনত পেলোৱাৰ প্ৰয়োজন নাই।

দ্বিতীয়টো কাৰ্যকালত ৰাজ্যৰ আৰ্থিক অৱস্থাও শোচনীয় হৈ পৰিছিল। নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। চৰকাৰী কৰ্মচাৰীয়ে মাহৰ পাছত মাহ ধৰি দৰমহা পোৱা নাছিল। কি অৱস্থা হৈছিল চৰকাৰী কৰ্মচাৰীৰ সেয়া কল্পনাৰ অতীত।

মাহটোৰ দৰমহাৰে চলা শিক্ষকসকলৰ পৰিয়ালৰ অৱস্থা হাহে পানী নচৰা হৈছিল। মাহৰ পাছত মাহ ধৰি দৰমহা নোপোৱা শিক্ষক-কৰ্মচাৰীয়ে ঘৰৰ মূল্যবান সামগ্ৰী বিক্ৰী কৰিও তত পোৱা নাছিল।

সেই অৱস্থা লাহে লাহে তৰুণ গগৈৰ দিনত স্বাভাৱিক হ'ল। দৰমহাবিহীন চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ সেই পৰিস্থিতি এতিয়া আকৌ যদি সৃষ্টি হয় তেন্তে সেই দায়িত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব।

ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ তথ্য আৰু জন সংযোগ সঞ্চালকালয়। এখন চৰকাৰৰ কাম-কাজ মানুহৰ মাজলৈ লৈ যোৱা, চৰকাৰখনৰ ভাৱমূৰ্তি গঢ়ি লোৱা এই বিভাগটোৰ দায়িত্ব অনেক।

সেই বিভাগত কৰ্মৰত ২০ জন কৰ্মচাৰীৰ যোৱা ৫টা মাহ বিনা বেতনে পাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে তেওঁলোকৰ ওপৰত ন্যাস্ত দায়িত্ব পালন কৰিছে যদিও মাহেকৰ মূৰত পাব লগা দৰমহাৰ পৰা বঞ্চিত হৈ আছে।

আজি দিনত গুৱাহাটীত থকা এটা পৰিয়াল দৰমহা নিয়মীতকৈ পালেও চলিবলৈ টান হয়। আৰু যদি দৰমহা নাপাই তেন্তে কি অৱস্থা হ'ব পাৰে সেয়া এবাৰ মুখ্যমন্ত্ৰীয়ে ভাৱক, জন সংযোগ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে অনুমান কৰক।

মন কৰিবলগীয়া যে দৰমহা নোপোৱাকৈ থকা সেই কৰ্মচাৰীসকলৰ বহু কেইজন মুখ্যমন্ত্ৰীৰ সৈতে থাকে। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত তেওঁলোকে নিৰ্দিষ্ট দায়িত্ব পালন কৰিব লগা হয়।

এই কেইজন কৰ্মচাৰী অৱশ্যে ঠিকাভিত্তিত কৰ্মচাৰী। ইয়াৰে এন্থনি বসুমতাৰী নামৰ ফটোগ্ৰাফাৰ জনৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ফটো সংগ্ৰহ কৰা। আনহাতে দিছপুৰৰ জনসংযোগৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত মানস দাস, ৰাণা কোঁৱৰ আৰু বুদ্ধ নামৰ ফটোগ্ৰাফাৰ জনৰো একেই অৱস্থা।

বিভিন্ন সময়ত চৰকাৰী বা-বাতৰি অনুবাদ কৰিবলৈ কেইবাজনো কৰ্মচাৰীক ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছিল। তেওঁলোকে অসমীয়া, হিন্দী, বাংলা ভাষাত খবৰবোৰ অনুবাদ কৰে। ৰাইজৰ কাম-কাজ মানুহৰ মাজলৈ লৈ যোৱাত তেওঁলোকৰ দায়িত্ব থাকে।

যোগেশ বৰ্মন, জয়ন্ত, সিনহা সুদিপ্তা আদিকে ধৰি এই কামৰ বাবে ৬ জন অনুবাদকক ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছিল। একেদৰে কেমেৰামেন হিচাপে পৰিমল মজুমদাৰ, শশধৰ কলিতা আদিয়েও ৫ মাহে দৰমহা লাভ কৰা নাই।

বিজ্ঞাপন বিভাগৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত পংকজ মহন্ত, ভিডিঅ' সম্পাদনাৰে জড়িত মুখ্য কাৰ্য়ালয়ত কৰ্মৰত মনমোহন ধাদুমীয়া, সামাজিক মাধ্যমৰ কাম-কাজ চোৱা-চিতা কৰা ৰণদ্বীপ আদিৰো দৰমহা নোহোৱাত পৰিয়াল নচলাৰ উপক্ৰম হৈছে।

ৰাজ্যত আপোনাৰ ভাষাতেই উন্নয়নৰ ঢল বৈছে। ইখনৰ পাছত সিখন উৰণীয়া সেতু শ শ কোটি টকাৰে নিৰ্মাণ হৈ আছে। আপোনালোকৰ মতে এতিয়া অমৃত কাল চলিছে। সেই অমৃত কালতেই আপোনাৰ কাষতেই কৰ্মৰত ৰাজ্যৰ এই সকল কৰ্মচাৰীৰ এই দুৰ্দশা হৈছে।

বিভাগটোৰ উচ্চ পদস্থ বিষয়াৰ মতে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলক দৰমহা দিবলৈ হেনো নাই ধন। সেয়াই এতিয়া তেওঁলোকৰ উত্তৰ। কিন্তু কিমান দিনলৈ দৰমহাবিহীনভাৱে তেওঁলোকে কাম কৰিব লাগিব।

বৰ বেছি ধনো মাহেকত তেওঁলোকৰ নামত খৰছ নহয়। সেই ধন কেইটাৰ ব্যৱস্থা আপুনি কৰি দিব নোৱাৰেনে? আপোনালৈ মাহেকত দৰমহাৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰীয়ে ই-মেইলো কৰিছে।

বৰ বেছি দিন নহয়, এমাহৰ আগতে শেষৰখন ই-মেইল প্ৰেৰণ কৰি কৰ্মচাৰীসকলে আপোনাৰ সহায় বিচাৰিছে। কিন্তু কামত ধৰা নাই এই কাকূতি-মিনতি। সংশ্লিষ্ট মন্ত্ৰীগৰাকীয়েও হয়তো কথাতো মন বা গুৰুত্ব দিয়া নাই।

বিৰোধীৰ বাবে এয়া ডাঙৰ ইছ্যু। মুখ্যমন্ত্ৰীৰ সৈতে থকা জন সংযোগৰ কৰ্মচাৰীৰ ৫ মাহে দৰমহা নাই। বিৰোধীকনো সেই সুযোগ দিয়ে কিয়? জন সংযোগ বিভাগৰ ভিতৰচৰাৰ বহু খবৰ দিছপুৰৰ কাষতে দিছপুৰ থাকি দিছপুৰে লাভ নকৰে।

বিভাগীয় নিয়ম উলংঘা কৰি পদোন্নতি দিয়াৰ নজিৰো আছে। বিভাগীয় জ্যেষ্ঠতা আওকান কৰা এই গোচৰ আদালতত চলি আছে। এতিয়াৰ নহয় পূৰ্বৰ উচ্চ পদস্থ বিষয়াই সেই কাম কৰি থৈ গৈছে।

উচ্চ ন্যায়ালয়ে অ-নীতিগতভাৱে পদোন্নতি কিয় দিয়া হ'ল বুলি জবাবদিহি কৰিছে। সেইবোৰ খবৰে জন সংযোগ বিভাগৰ কৰ্মচাৰীৰ মাজতে সৰৱ চৰ্চা চলিছে। এইবোৰ বাৰু পৃথক বিষয়। কিন্তু দৰমহা নোপোৱা কৰ্মচাৰীসকলৰ দৰমহাৰ ব্যৱস্থা আপুনি কৰিব কেতিয়া? ল'বনে এই দিশ সঠিক ব্যৱস্থা? নহ'লে প্ৰফুল্ল মহন্তৰ দিনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ যি অৱস্থা হৈছিল একেই অৱস্থাই হ'ব এইসকল কৰ্মচাৰীৰ পৰিয়ালৰো।