বিশেষ লেখা

জীৱনৰ ওপৰতো কৰ...

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান খবৰ আমি নাৰাখো। অজ্ঞাতে সেই কামবোৰ কিন্তু আমি সকলোৱে কৰি থাকো। ৰাতিপুৱাই চিনাকি জীৱন বীমা নিগমৰ পুৰণি আৰু অভিজ্ঞ এজেণ্টজনলৈ কিছু কথা জানিবলৈ ফোন কৰিছিলো। ব্যস্ত এজেণ্টগৰাকীয়ে কিছুসময় বিচাৰিলে বিচৰা তথ্যখিনি দিবলৈ।

অলপ সময় পাছতেই তেঁও বিচৰা ধৰণেই তথ্যবোৰ ৱাটছএপত পঠিয়াই দিলে। সেইখিনি পঢ়ি, বুজি এটা কথা উপলব্ধি হ’ল জীৱনৰ ওপৰতো আমি কৰ দিব লাগে। চিনাকি এজেণ্টজনৰ পৰা জানিব বিচৰা কথাখিনি হঠাৎ মনলৈ অহাৰ কাৰণ আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে লিখা এখন পত্ৰ।

যিখন পত্ৰত মন্ত্ৰী গাডকাৰীয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ কিস্তিত চৰকাৰে লগোৱা ১৮ শতাংশ জি এছ টি অৰ্থাৎ সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছিল। গাডকাৰীৰ মতে জীৱন বীমাৰ প্ৰিমিয়ামৰ ওপৰত জি এছ টি আৰোপ কৰাতো জীৱনৰ অনিশ্চিয়তাৰ ওপৰত কৰ জাপি দিয়াৰ দৰে হৈছে।

আজিকালি সকলো লোকেৰে জীৱন বীমা থাকে। সজাগ-সচেতন লোকসকলে স্বাস্থ্য বীমাও কৰে। গাড়ী বীমা, অন্যান্য সা-সম্পত্তি বীমা কৰিবলৈ বীমা কোম্পানীৰ অভাৱ নাই। সাম্প্ৰতিক সময়ত প্ৰয়োজনীয় এই বীমা যি কোম্পানীতে নকৰক, বীমাৰ প্ৰিমিয়ামৰ সৈতে বীমা কৰা লোকজনে ১৮ শতাংশ সেৱা কৰ পৰিশোধ কৰিব লাগে চৰকাৰক।

ভাৰতীয় জীৱন বীমাত কাম কৰা এজেণ্টজনে বৰ সুন্দৰকৈ কথাখিনি বুজাই দিলে। জীৱন বীমাত ৪০ বছৰীয়া কোনো লোক এজনে ধৰক ৫০লাখ টকাৰ জীৱন বীমা কৰিছে। ৩০ বছৰৰ বাবে ব্যক্তিজনে বীমাৰ প্ৰিমিয়ামৰ ধন দিব লাগে বুলি ধৰা হ’ল।

এল আই চিত ‘নিউ জীৱন অমৰ’ নামৰ টাৰ্ম ইঞ্চুৰেন্স কৰা ব্যক্তিজনে বছৰি এটা প্ৰিমিয়াম দিলে দিব লাগে ২০,৮৭১টকা। কিন্তু ব্যক্তিজনে পৰিশোধ কৰিব লগা ১৮শতাংশ জি এছ টিসহ এই বীমাৰ বাবে পৰিশোধ কৰিব লগা বছৰেকীয়া একক প্ৰিমিয়ামৰ ধনৰ পৰিমাণ হ’বগৈ ২৪, ৬২৮টকা।

ব্যক্তিজনে এটা প্ৰিমিয়ামত বছৰি এটা ইনষ্টলমেণ্ট দিলে ৩,৭৫৭ টকা অতিৰিক্তভাৱে সেৱা কৰ ভৰিব লাগে। সেই হিচাপত ৩০ বছৰৰ প্ৰিমিয়ামৰ সৈতে তেঁও ১,১২,৭১০ টকা জি এছ টি দিব লগা হয়।

এই জীৱন বীমা কৰা লোকজনে ৬মাহত প্ৰিমিয়ামৰ কিস্তি দিলে মুঠ ১২,৫৬০ টকাকৈ বছৰত দুবাৰ প্ৰিমিয়াম দিব লাগিব। ইয়াৰে ১০,৬৪৪ টকা প্ৰিমিয়াম আৰু এটা প্ৰিমিয়ামত তেঁও ছমহীয়া কিস্তিত ১,৯১৬টকা জি এছ টি দিব লগা হয়।

কোনো ব্যক্তিয়ে এই জীৱন বীমা কৰি ছমাহৰ মূৰত প্ৰিমিয়াম দিলে জি এছ টিৰ বাবদ বছৰি ৩,৮৩২ টকা অতিৰিক্তভাৱে দিব লাগে। সেই হিচাপত তেঁও এই জীৱন বীমাৰ প্ৰিমিয়াম ৩০ বছৰ দিয়া বুলি ধৰিলে অতিৰিক্তকৈ জি এছ টিৰ বাবদ দিব লগা হয়গৈ ১,১৪,৯৬০ টকা।

একেজন ৪০বছৰীয়া ব্যক্তিয়ে ধৰক এটা স্বাস্থ্য বীমা কৰিছে। স্বাস্থ্য বীমাৰ নাম ‘আৰোগ্য ৰক্ষক’। তেঁওৰ স্বাস্থ্য বীমাৰ মুঠ ধনৰ পৰিমাণ ২.৫ লাখ টকা। ব্যক্তিজনে ইয়াৰ বাবদ বছৰি ৭,৭১৮ টকা একক প্ৰিমিয়াম দিব লগা হ’ব। য’ত ১৮ শতাংশ জি এছ টি অতিৰিক্তভাৱে তেঁও পৰিশোধ কৰিব লগা হয়।

কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰা স্বাস্থ্য বীমাকো জি এছ টিৰ পৰা ৰেহাই দিয়া হোৱা নাই। এনে বীমা কৰা লোকে বছৰি এটা প্ৰিমিয়াম দিলে বীমাৰ প্ৰিমিয়াম হয়গৈ ৯,৫২৫ টকা। ২.৫ লাখটকীয়া এই কৰ্কট ৰোগৰ চিকিৎসাকো সামৰি লোৱা স্বাস্থ্য বীমাৰ বাবদ অতিৰিক্তভাৱে ১,৭১৫টকা জি এছ টিসহ বীমা কৰোতাজনে কিন্তু ভৰিব লাগে ১১,২৪০টকা।

আনহাতে পেন্সন পলিচিতো পৰিশোধ কৰিব লাগে ১৮ শতাংশ জি এছ টি। গাড়ী বীমা, জেনেৰেল ইঞ্চুৰেন্স পলিচি আদিতো এই সেৱা কৰ প্ৰযোজ্য হয়। ট্ৰেডিশ্যনেল জীৱন বীমাৰ পলিচিৰ ক্ষেত্ৰত প্ৰথম বছৰৰ প্ৰিমিয়ামৰ ওপৰত ৪.৫শতাংশ আৰু দ্বিতীয় বছৰৰ পৰা ২.২৫ শতাংশ জি এছ টি ভৰিব লাগে বীমাকাৰীয়ে।

২০১৭ চনৰ ১জুলাইৰ পৰা জীৱন বীমা, স্বাস্থ্য বীমা আৰু অন্যান্য বীমাৰ ক্ষেত্ৰত ১৮ শতাংশ জি এছ টি পৰিশোধ কৰিব লগা হৈ আহিছে বীমাকাৰীয়ে। জেনেৰেল ইঞ্চুৰেন্স পলিচি প্ৰিমিয়ামৰ ক্ষেত্ৰত দিব লাগে জি এছ টিৰ এই ধন।

যি ধন প্ৰিমিয়ামৰ সৈতে জি এছ টি হিচাপে লোৱা হয় সেয়া মুঠ জীৱন বীমাৰ ধনৰ সৈতে গণনা নহয়। নতুন- পুৰণি সকলো জীৱন বীমাৰ পলিচিৰ ক্ষেত্ৰতে এই ১৮ শতাংশ হাৰত জি এছ টি দিব লাগে বীমাকাৰীয়ে।

চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাৰ অধিকাৰ আছে। কিন্তু জীৱন বীমা, স্বাস্থ্য বীমা আদিত ১৮ শতাংশ জি এছ টি প্ৰয়োগ কৰাতো কিমান গ্ৰহণযোগ্য ? কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়টো গম পাই যেতিয়া তেঁওক নাগপুৰ জীৱন বীমা সংমণ্ডলৰ কৰ্মচাৰী সন্থাই এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই সন্দৰ্ভত কিবা এটা কৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতেই ২৮ জুলাই ২০২৪ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি এই জি এছ টি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনালে গাডকাৰীয়ে।

আমি জীৱন বীমা অথবা আন বীমাৰ পলিচি কৰো। এজেণ্টজনক কিমান প্ৰিমিয়াম আহিব তাক সোধো, কিন্তু সেই বীমাৰ বিপৰীতে কিমান টকা বা কি হাৰত জি এছ টি পৰিশোধ কৰো সেই বিষয়ে অজ্ঞ হৈয়েই ৰওঁ। এল আই চি এজেণ্টজনে যোগান ধৰা এই তথ্যতহে উন্মোচন হ’ল আমি আমাৰ জীৱনৰ ওপৰতো ১৮ শতাংশকৈ কৰ দি আছো।