বিশেষ লেখা

নাথাকিবও পাৰে মা কামাখ্যা !

মৃদুল কুমাৰ সন্দিকৈ

সংকটত এইবাৰ খোদ মা কামাখ্যা ! যুগ যুগ ধৰি কামাখ্যা মন্দিৰৰ প্ৰতি গঢ় লৈ উঠা বিশ্বাস, আস্থা আৰু পৱিত্ৰতাৰ প্ৰতি এতিয়া সংশয় নামি আহিছে। কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে দেশ-বিদেশৰ পৰা অহা লাখ লাখ ভক্তৰ বাবে মা কামাখ্যাৰ দৰে জাগ্ৰত পীঠস্থান হৈ পৰিব মূল্যহীন।

কেৱল সৌন্দৰ্যবৰ্ধনৰ নামত কামাখ্যা মন্দিৰ চৌহদত চৰকাৰে ৰূপায়ন কৰিবলৈ লোৱা এক প্ৰকল্পই মা কামাখ্যাৰ প্ৰতি তেনে সম্ভাৱনা কঢ়িয়াই আনিছে। নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ সেই ঐতিহ্য আৰু পৱিত্ৰতা যাতে চৰকাৰী এই প্ৰকল্পই বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে কামাখ্যা মন্দিৰৰ বৰ দেউৰী সমাজৰ প্ৰতিনিধি কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা লেখ আবেদনখনৰ নম্বৰ- WPC(C)2700/2024। নৱজ্যোতি শৰ্মাই দাখিল কৰা এই লেখ আবেদনতে কামাখ্যা মন্দিৰৰ প্ৰতি আহিব লগা ভাবুকিৰ বহু দিশ উনুকিয়াই দিয়া হৈছে।

কেৱল এইখন লেখ আবেদনেই নহয়, এই সন্দৰ্ভত দাখিল কৰা হৈছে আন এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো। নৱজ্যোতি শৰ্মাই লেখ আবেদনৰ সন্দৰ্ভত ইতিমধ্যে আদালতত শুনানি পৰ্বও আৰম্ভ হৈছে। নৱজ্যোতি শৰ্মাৰ হৈ এই লেখা আবেদনৰ ওকালতি কৰিছে বিশিষ্ট আইনজীৱি উপমান্যূ হাজৰিকাই।

লেখ আবেদনত উল্লেখ কৰা মতে, বিশ্বৰে পৰিচিত নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰ। যোগিনী তন্ত্ৰ, কালিকা পুৰাণ আদিত উল্লেখ আছে কামাখ্যাৰ মন্দিৰৰ কথা। হিন্দু ধৰ্মৰ অন্যতম প্ৰাচীন মন্দিৰবোৰৰ ভিতৰত কামাখ্যা মন্দিৰো অন্যতম। সমগ্ৰ ভাৰতত থকা ৫১খন পীঠ স্থানৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠস্থান।

প্ৰসিদ্ধ আৰু প্ৰভাৱশালী কামাখ্যা মন্দিৰ ঐতিহাসিক ৰাজনীতি আৰু ধৰ্মীয় দৃষ্টিকোণেৰেও গুৰুত্বপূৰ্ণ। প্ৰায় ২০০০বছৰ পুৰণি এই মন্দিৰ। এই মন্দিৰক লৈ আছে বহু জন প্ৰবাদ। মূল কামাখ্যা মন্দিৰৰ উপৰিও এই নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ আশে-পাশে আছে ২০টাৰো অধিক মন্দিৰ।

লেখ আবেদনখনৰ জৰিয়তে আদালতক জনোৱা মতে, এই পুৰাত্ত্বাতিক দৃষ্টিকোণেৰে গুৰুত্বপূৰ্ণ কামাখ্যা মন্দিৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়নৰ বাবে বিজ্ঞানসন্মত অধ্যয়নমূলক প্ৰদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

ভাৰত চৰকাৰে প্ৰণয়ন কৰা দ্য এনচিয়েন্ট মনোমেনচ এণ্ড আৰ্কল'জিকেল চাইটচ এণ্ড ৰিমেইনছ এক্ট, ১৯৫৮ আৰু আচাম এনচিয়েন্ট মনোমেনচ এণ্ড ৰেক'ৰ্ড এক্ট, ১৯৫৯ অনুসৰি কামাখ্যা মন্দিৰৰ সুৰক্ষা আৰু সংৰক্ষণত ব্যৰ্থ হৈছে চৰকাৰ।

নিয়ম অনুসৰি, এই ঐতিহ্যপূৰ্ণ কামাখ্যা মন্দিৰৰ চৌহদত কৰিব নোৱাৰে কোনো নিৰ্মাণকাৰ্য। যি নিৰ্মাণ কাৰ্যই মন্দিৰৰ প্ৰতি আনিব পাৰে ভয়ংকৰ ভাবুকি। কিন্তু সেই সম্ভাৱনা আৰু সংশয়ক আওকাণ কৰি চৰকাৰে কামাখ্যা মন্দিৰৰ চৌহদত এক অভিলাষী প্ৰকল্প ৰূপায়নৰ বাবে আগবাঢ়িছে।

২৬ছেপ্তেম্বৰ, ২০২৩ত পুৱা ১০.০০বজাত অনুষ্ঠিত হৈছিল তৃতীয় এমপাৱাৰড ইন্টাৰ মিনিষ্টিৰেল কমিটিৰ বৈঠক। নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰূম- 'এ'ত অনুষ্ঠিত হোৱা বৈঠকত সেইদিনা আন বিষয়ৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনত ৰূপায়ন কৰিব লগা বহুকেইটা প্ৰকল্পৰ অনুমোদন দিয়া হৈছিল।

সেই বৈঠকত ড'নাৰ মণন্ত্ৰালয়ৰ বিষয়ববীয়াৰ লগতে উপস্থিত আছিল উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুখ্য সচিব তথা উচ্চ পদস্থ বিষয়াসকল। এই বৈঠকতে অসমৰ বাবে অনুমোদন কৰা এক প্ৰকল্প আছিল- ডেভেলপমেন্ট অৱ মা কামাখ্যা এচেচ কৰিড'ৰ।

৪৯৯.৮৯কোটি টকাৰে প্ৰধানমন্ত্ৰী ডেভেলপমেন্ট- এন ই স্কীমৰ অধীনত ঘোষণা কৰা এই প্ৰকল্পৰ জৰিয়তে আধুনিক ৰূপ দিব বিচৰা হৈছে কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদ। এই প্ৰকল্প ৰূপায়নৰ বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক (বিল্ডিং এণ্ড এন এইচ) দিয়া হৈছিল কনছেপ্ট প্লেনিঙৰ দায়িত্ব।

নীলাচল পাহাৰৰ হাইড্ৰ'লজিকেল আৰু জিঅ'লজিকেল অধ্যয়নৰ অবিহনেই এই প্ৰকল্প ৰূপায়ন কৰিবলৈ লোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে কামাখ্যা মন্দিৰ সৈতে বংশানুক্ৰমে জড়িত দেউৰী সমাজে। কিয়নো এই প্ৰকল্পৰ অনুসৰি কামাখ্যা মন্দিৰত নিৰ্মাণ কাৰ্য চলিলে ইয়াৰ ভূ-তাত্বিক পৰিৱেশত পৰিব পাৰে প্ৰভাৱ।

কামাখ্যা মন্দিৰ এচেচ কৰিড'ৰ প্ৰকল্পত উল্লেখ থকা মতে, এই আঁচনি অনুসৰি কামাখ্যা মন্দিৰ সমীপতে নিৰ্মাণ কৰা হ'ব বহুকেইটা কেইবামহলীয়া ভৱন। সেইবোৰৰ ভিতৰত থাকিব ক্লক ৰূম, টিকট কাউন্টাৰ, ইনফৰমেশ্যন চেন্টাৰ, চোভেনিয়াৰ শ্বপ আদি। যিবোৰ তীৰ্থযাত্ৰী ইনফৰমেশ্যন ভৱনৰ অধীনত হ'ব।

আনহাতে মাল্টি ইউটিলিটি ব্লকত ভি ভি আই পিৰ বাবে প্ৰৱেশৰ পথ , ট্ৰাষ্টৰ অফিচ, ভোজনালয় আৰু পাকঘৰ, ৰেষ্টুৰেন্ট, লাইব্ৰেৰী, ভি ভি আই পি লঞ্চ, ভি ভি আই পি চাৰ্ভিছ অন টেৰেজ থাকিব।

আনহাতে, মেনেজমেন্ট ব্লকত মাল্টি পাৰপাচ হল, তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা (১৪হাজাৰ যাত্ৰী থাকিব পৰা ৩টা ফ্লৰ) আদি। প্ৰসাদ ব্লকত দোকান, নিৰাপত্তাৰক্ষী- চাৰ্ভিছ ব্লকত নিৰাপত্তাৰক্ষী আৰু স্বেচ্ছাসেৱকৰ বাবে ব্যৱস্থা থাকিব। কামাখ্যা মন্দিৰ আৰু তাৰ সমীপৰ মন্দিৰবোৰৰ আশে-পাশে নিৰ্মাণ কৰা হ'ব এই ভৱনসমূহ।

এই প্ৰকল্প ৰূপায়নৰ বাবে আহ্বান কৰা নিবিদাত উল্লেখ কৰা মতে, এই ভৱনসমূহ হ'ব বেটছমেনসহ চাৰিমহলীয়া। ভৱনসমূহ নিৰ্মাণৰ বাবে সেয়েহে ভূগৰ্ভৰ বহু তললৈ মন্দিৰৰ চৌহদৰ ভিতৰে বাহিৰে খান্দিব লাগিব নিৰ্মাণকাৰী সংস্থাই। লোকনিৰ্মাণ বিভাগে ২৮নৱেম্বৰ ২০২৩ত সেই সম্পৰ্কীয় নিবিদাৰ জাননী জাৰি কৰিছিল।

যিখন নিবিদাৰ নম্বৰ আছিল CE/TB-VI/26/2023/12 । এই নিবিদাত সেই সম্পৰ্কীয় সকলো তথ্য উল্লেখ কৰিছিল লোকনিৰ্মাণ বিভাগৰ বিল্ডিং শাখাৰ মুখ্য অভিযন্তা গৰাকীয়ে। ইফালে, কামাখ্যাৰ দৰে এটা মন্দিৰৰ সমীপত এনে বৃহৎ নিৰ্মাণকাৰ্য চলাবলৈ কি ধৰণৰ অধ্যয়নৰ প্ৰয়োজন সেই সন্দৰ্ভত উদাসীন আছিল ৰাজ্য চৰকাৰ।

বিষয়টো আদালতৰ কাষ পোৱাৰ পাছত অসম চৰকাৰৰ মুখ্য সচিবৰ দায়িত্ব থকা ৰবি কোটাই আদালতত এখন শপতনামাযোগে আই আই টি গুৱাহাটীক অধ্যয়ন কৰিবলৈ দিয়া হৈছে বুলি উল্লেখ কৰে। কিন্তু লক্ষ্যণীয়ভাৱে আই আই টি গুৱাহাটীত ভূ-তত্ব বিভাগত তেনে অধ্যয়নৰ বাবে পৰ্যাপ্ত সুবিধাৰ লগতে বিশেষজ্ঞ আছেনে নাই, সেয়াও মন কৰিবলগীয়া।

লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে আই আই টি গুৱাহাটীৰ সঞ্চালকলৈ ২৬এপ্ৰিল, ২০২৪ত চিঠি নং- CE TB- VT26-20PU17ৰ জৰিয়তে এই বিষয়ত সহযোগিতা বিচাৰি এখন বুজাবুজিৰ চুক্তি তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে।

পৰৱৰ্তীসময়ত ১৪মে', ২০২৪ত সেই বুজাবুজি চুক্তিত অনুমোদন জনাবলৈ লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে লোকনিৰ্মাণৰ বিশেষ আয়ুক্ত আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰে। প্ৰশ্ন হয়, তেনে অধ্যয়ন সম্পূৰ্ণ নোহোৱাকৈ কেনেদৰে এই কাম কৰিবলৈ অনুমতি দিলে লোকনিৰ্মাণ বিভাগ তথা অসম চৰকাৰে।

লোকনিৰ্মাণ বিভাগে আহ্বান কৰা নিবিদা অনুসৰি এই কাম লাভ কৰিছিল এল এণ্ড টি কনষ্ট্ৰাকশ্যনে। চেন্নাইৰ এই প্ৰতিষ্ঠানটোক কিন্তু লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে ১৫মাৰ্চ, ২০২৪তে কাম আৰম্ভ কৰিবলৈ অফাৰ লেটাৰ প্ৰেৰণ কৰিছিল।

চেন্নাইৰ এই প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা লোকনিৰ্মাণ বিভাগৰ অফাৰ লেটাৰখনৰ নম্বৰ- CE/TB-VI/26/2023/45 । এই অফাৰ লেটাৰত মা কামাখ্যা টেম্পল এচেচ কৰিড'ৰৰ ই পি চি মডেল ৱানৰ কাম আৰম্ভ কৰিবলৈ কোৱা হৈছিল।

যদি কোনো অধ্যয়নৰ অবিহনে কামাখ্যা মন্দিৰৰ চৌহদ বা ইয়াৰ আশে-পাশে নিৰ্মাণ কাৰ্য কৰে তেনেহ'লে বিশেষজ্ঞসকলৰ মতে, কামাখ্যা তথা ইয়াৰ মন্দিৰসমূহৰ ভিতৰত প্ৰৱাহিত হৈ থকা জলপ্ৰৱাহত বাধাৰ সৃষ্টি হ'ব। কিয়নো কোনেও নাজানে কামাখ্যা মন্দিৰৰ ভিতৰত ক'ৰ পৰা কেনেকৈ প্ৰৱাহিত হৈ থাকে এই পানী। যি পানী দৰ্শনাৰ্থীৰ বাবে অতি পৱিত্ৰ আৰু সেয়াই কামাখ্যালৈ অহা ভক্তসকলৰ বাবে বিশ্বাস আৰু আস্থাৰ স্থল।

সেই পানী স্পৰ্শ কৰিয়েই দৰ্শনাৰ্থীসকলে মা কামাখ্যাৰ দৰ্শন আৰু আশীৰ্বাদ পোৱা বুলি বিশ্বাস কৰে। কামাখ্যা মন্দিৰৰ চৌদিশে এনে বৃহৎ নিৰ্মাণ হ'লে ভূ-গৰ্ভত এই ভৱনসমূহ নিৰ্মাণৰ বাবে হোৱা খনন আৰু নিৰ্মাণকাৰ্যৰ বাবে এনে জলপ্ৰৱাহৰ ধাৰা বিঘ্নিত হৈ পৰিব পাৰে। কিয়নো বহু বেছি গভীৰতাৰেদি বৈ থকা নাই কামাখ্য মন্দিৰৰ এই জলপ্ৰৱাহ।

আদালতত এই বিষয়টোৰ সন্দৰ্ভত লেখ আবেদন দাখিল কৰা নৱজ্যোতি শৰ্মাই কয়- এনে নিৰ্মাণে কি পৰ্যায়ৰ ভাবুকি কামাখ্যা মন্দিৰলৈ কঢ়িয়াই আনিব পাৰে সেয়া কল্পনাৰো অগোচৰ। শিলৰ ফাঁকে ফাঁকে বৈ অহা জলস্ৰোত এই কৰিড'ৰ নিৰ্মাণ কাৰ্যই বিঘ্নিত কৰাৰ সম্ভাৱনা অধিক।

কামাখ্যা মন্দিৰলৈ ভক্ত আহে কামাখ্যা মন্দিৰত থকা যোনিত প্ৰৱাহিত সেই জলস্ৰোত চুই আশীৰ্বাদ ল'বলৈ। ইয়াৰ আশে-পাশে থকা মন্দিৰসমূহকো এই জলস্ৰোতে স্পৰ্শ কৰে। কোনোদিনেই এই পানী নাবাঢ়ে আৰু নকমে। কোনেও নাজানে ইয়াৰ উৎস ক'ত !

এই নিৰ্মাণে কি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাৰ প্ৰমাণ আমি কামাখ্যাবাসীয়ে পাই থৈছো। কামাখ্যা মন্দিৰৰ সমীপতে থকা সিদ্ধেশ্বৰ শিৱ মন্দিৰত এনে নিৰ্মাণকাৰ্য হৈছিল। যাৰ বাবে পূৰ্বতে প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰিত সেই পানী এই মন্দিৰত এতিয়া নিয়ন্ত্ৰণ নহয়। বৰষুণ দিলে বাঢ়ি যায় পানীৰ পৰিমাণ। হয়তো এনে নিৰ্মাণে পানী ওলাই যোৱা এই প্ৰাকৃতিক পথ বন্ধ কৰিলে। যাৰ বাবে পাম্পৰ জৰিয়তে পানী বাহিৰলৈ উলিয়াই পঠাব লগা হয়। মন্দিৰৰ চিৰিলৈকে উঠে পানী।

ইফালে আদালতত এই আইনী যুঁজত অৱতীৰ্ণ হোৱা বিশিষ্ট আইনজীৱি উপমান্যূ হাজৰিকাই কয়- এয়া মা কামাখ্যাক উপাসনা কৰা লোকৰ অধিকাৰ আৰু কামাখ্যাৰ অস্তিত্বৰ প্ৰতি হ'ব পৰা এক তীব্ৰ ভাবুকি। আমি বিষয়টো উপযুক্ত তথ্য প্ৰমাণ আৰু যুক্তি সহকাৰে মহামান্য আদালতক অৱগত কৰিছো। আশাকৰো এই সন্দৰ্ভত সুবিচাৰ পাম।

মা কামাখ্যাৰ কৰিড'ৰ নিৰ্মাণৰ আঁৰৰ কাহিনী এয়া। এই সন্দৰ্ভত দেশৰ বহুকেইগৰাকী বিশিষ্ট তথা বিশেষজ্ঞ লোকে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ড০ সুধীৰ কুমাৰেও প্ৰকাশ কৰিছে নিজৰ অভিব্যক্তি। ২০২৪ৰ ২৯ মেত নেচনেল ইনষ্টিটিউট অৱ হাইড্ৰ'লজি (ৰুইকি)ৰ প্ৰাক্তন সঞ্চালকগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছে।

এক লেখাত তেওঁ উল্লেখ কৰিছে যে, ১৯৯০চনৰ পৰা ১৯৯২চনলৈ তেওঁ গুৱাহাটীত আছিল। সেইসূত্ৰে তেওঁ কেইবাবাৰো কামাখ্যা দৰ্শনলৈ গৈছিল। মা কামাখ্যা মন্দিৰ সাগৰ পৃষ্ঠৰ পৰা ২৭০মিটাৰ ওপৰত থকা আইচলেটেড পাহাৰৰ ওপৰত অৱস্থিত। এই পাহাৰ গ্ৰেণেটিক জেনেছিচেৰে গঠিত। আৰু ইয়াৰ পানী সেই শিলবোৰৰ সংলগ্ন বা ফাঁকেৰে বৈ যোৱা। তেনেস্থলত এইধৰণৰ নিৰ্মাণকাৰ্যই ইয়াৰ জলস্ৰোতত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

সেয়েহে তেওঁ পৰামৰ্শ দিছে, এনে নিৰ্মাণকাৰ্যৰ পূৰ্বে নীলাচল পাহাৰৰ জিঅ’হাইড্ৰলজিকেল অধ্যয়ন হ'ব লাগে। গ্ৰাউণ্ড পেণেট্ৰেটিং ৰাডাৰ চমুকৈ GPRৰ জৰিয়তে ছাপচাৰফেজ মেপিং কৰাতো প্ৰয়োজন বুলিও উল্লেখ কৰিছে। এনে অধ্যয়নে তেনে শিলবোৰৰ সংলগ্ন অংশ, যিবোৰৰ মাজেৰে পানী প্ৰৱাহিত হয় তাক গম পোৱা যাব।

কামাখ্যাৰ এই পানী কুণ্ডৰ কথা চিন্তা নকৰাকৈ কেৱল কামাখ্যা মন্দিৰ সৌন্দৰ্যবৰ্ধনৰ কথা কৈ চৰকাৰে এনে নিৰ্মাণকাৰ্য সম্পন্ন কৰিলে কামাখ্যাৰ প্ৰতি কি ধৰণৰ ভাবুকি আহিব পাৰে, সেয়া সহজে অনুমান কৰিব পাৰি।

কামাখ্যাৰ ঐতিহ্য আৰু আস্থাহীন হৈ পৰিলে, চিৰদিন বৈ থকা এই জলপ্ৰৱাহ বন্ধ হৈ গ'লে থাকিবনে কামাখ্যাৰ কিবা অস্তিত্ব ! হয়তো তেতিয়া কামাখ্যা মন্দিৰ চৌদিশে নিৰ্মাণ কৰা এই বিশাল অট্টালিকাবোৰ থিয় হৈ থাকিব, কিন্তু নাথাকিব মা কামাখ্যা !