বিশেষ লেখা

গান্ধী...

মৃদুল কুমাৰ সন্দিকৈ

নাহাঁহিব! নাকিন্দিব! আমাৰ বহু মানুহ আছে কোনোবাই হহুৱালে হাঁহি দিয়ে,কোনোবাই কান্দিলে কান্দি দিয়ে। সাধাৰণতে মানসিক সন্তুোলন হেৰুওৱা মানুহে যি-তি কথা কয়। যিবোৰ কথাৰ কোনো ভিত্তি নাথাকে, নাথাকে সেই কথাবোৰৰ আঁত।

গংগা মায়ে তেঁওক তুলি লোৱা বুলি বিশ্বাস কৰি যি স্বীকাৰোক্তি দিব পাৰে,সেই কথা কৈ সাংবাদিকৰ সন্মুখত যিজনে ফেকুৰি উঠে তেঁও যিকোনো কথাই কৈ দিব পাৰে এই ৰাজনৈতিক বতৰত।

ভাগ্য ভাল! সাতটা পৰ্যায়তে দেশৰ লোকসভা নিৰ্বাচন অন্ত পৰিব। এই সময়ছোৱাত দৈনিক গড়ে ৩/৪টাকৈ সাক্ষাতকাৰ দি তেঁও সক্ৰিয় হৈ পৰিছে। পৰম আত্মাৰ পৰা আৰম্ভ কৰি গান্ধীলৈকে বহু কথা এই সাক্ষাতকাৰবোৰে সামৰি লৈছে।

দহটা মান পৰ্যায়ত এই লোকসভা নিৰ্বাচন হোৱা হ’লে তেঁওৰ সাক্ষাতকাৰৰ সংখ্যাই নিশ্চিতভাৱে অৰ্ধশতকৰ সংখ্যা অতিক্ৰম কৰিলেহেঁতেন! আৰু কি কি যে কথা আমি শুনিবলৈ নাপালোহেতেঁন তেঁওৰ মুখত...।

জাতিৰ পিতা মহাত্মা গান্ধী। অহিংস পূজাৰী, বিশ্ব বৰণ্য মহাত্মা গান্ধীক ‘গান্ধী’ ছবিখন নিৰ্মিত নোহোৱা হ’লে কোনেও নাজানিলেহেতেঁন, এয়া তেঁওৰ এটা সাক্ষাতকাৰৰ কিছু বাণী। ধৰিব ল’ব পাৰে সেয়া মোডীৰ বাণী বুলি।

এ-বি-পি নামৰ নিউজ চেনেলটোক সাক্ষাতকাৰ দি প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে- মহাত্মা গান্ধীৰ জীৱন, ৰাজনৈতিক আৰু সামাজিক দৰ্শনক লৈ নিৰ্মিত ছবিৰ বাবে তেঁওক বিশ্বই চিনি পাইছে। ভাবক স্বাধীনতাৰ পৰৱৰ্তী সময়ত আমাৰ দেশৰ অৱস্থা কি আছিল ? মহাত্মা গান্ধীৰ জীৱনকলৈ যেতিয়া চলচ্চিত্ৰ নিৰ্মাণ হ’ল, তেতিয়াহে বিশ্ববাসী তেঁওৰ সম্পৰ্কে কৌতুহলী হ’ল।

তেঁওকলৈ ছবি নিৰ্মাণ নোহোৱা হ’লে বিশ্ববাসীয়ে তেঁওক নাজানিলেহেতেঁন নে সঁচাকৈয়ে ? আমাৰ প্ৰধানমন্ত্ৰীয়েই এই কথা কৈছেনে? ইমান অজ্ঞনে তেঁও? তাকো গান্ধী সন্দৰ্ভত। ১৯৮২চনত মোডীয়ে উল্লেখ কৰা গান্ধী নামৰ ছবিখন নিৰ্মাণ কৰিছিল বৃটিছ ছবি নিৰ্মাতা ৰিচাৰ্ড এটেনবৰে।

১৯৬২চনতে তেঁও এই ছবিখন নিৰ্মাণৰ কথা ভাবিছিল। ছবিখনৰ কথা তেঁওৰ মনলৈ আহিছিল এখন কিতাপ পঢ়ি। মহাত্মা গান্ধীক হত্যা কৰা দুবছৰ পাছত লুই ফিচাৰে গান্ধীৰ জীৱনী লিখিছিল। ১৯৫০চনত প্ৰকাশিত কিতাপখন তেঁও ১৯৬২ত পঢ়িছিল।

তাৰ পাছত ১৯৬৩ত তেঁও ভাৰতলৈ আহি ছবি নিৰ্মাণৰ প্ৰস্তুতিত হাত দিছিল। প্ৰথম অৱস্থাত জৱহৰলাল নেহৰুৱে তেঁওক সকলো সহযোগ কৰিছিল। নেহৰুৱে আনকি অনুৰোধো কৰিছিল গান্ধীক মহান কৰি নহয় গান্ধীক গান্ধী ৰূপত ছবিখনত তুলি ধৰিবলৈ।

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ইন্দিৰা গান্ধীয়েও সেই সহযোগৰ ধৰাবাহিকতা অৱ্যাহত ৰাখিছিল। ছবিখন নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে আৰ্থিক সাহাৰ্যও দিছিল। ২০ বছৰৰ পাছত ছবিখনে মুক্তিলাভ কৰিছিল।

ছবিখনৰ মুক্তিৰ খবৰ নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছিল। সেই খবৰৰ শিৰোনাম আছিল- এ টুৱেণ্টি ইয়াৰ্চ ষ্ট্ৰাগল বিংছ ‘গান্ধী’  টু দা স্ক্ৰীন। ছবিখনৰ আৰম্ভণিতে পৰিচালকে নেহৰুৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল।

সেয়া হ’ল গান্ধী ছবিৰ প্ৰেক্ষাপট। কিন্তু ইয়াৰ পূৰ্বেও গান্ধীক বিভিন্ন মাধ্যমত তুলি ধৰা হৈছিল। মোডীয়ে কোৱাৰ দৰে ১৯৮২ৰ আগত গান্ধীক বিশ্বই জনা নাছিল নেকি ? গান্ধীৰ অহিংস নীতি আৰু আদৰ্শ সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ হৈছিল।

১৯৫৩চনত নিৰ্মাণ হৈছিল গান্ধীৰ ওপৰত এখন ফিচাৰ ডকুমেণ্টৰী। মাৰ্কিন পৰিচালকে নিৰ্মাণ কৰা সেই ছবিৰ শিৰোনাম আছিল- মহাত্মা গান্ধীঃ টুৱেণ্টি চেঞ্চুৰী প্ৰফেট। ১৯৬৩চনত গান্ধীকে বিষয়বস্তু লৈ মাৰ্ক ৰবচনে নিৰ্মাণ কৰিছিল- নাইন আৱাৰ্চ টু ৰাম।

বিশ্বৰ ১০০তকৈ অধিক দেশত আছে গান্ধীৰ প্ৰতিমূৰ্তি। ১৯৫০চনতে কেলিফৰ্ণিয়াত স্থাপন কৰা হৈছিল গান্ধী পিচ্ মেমোৰিয়েল। ১৯৬৮চনৰ ১৭মে’ত লণ্ডনৰ বৃটিছ প্ৰধানমন্ত্ৰীয়ে নিজেই মুকলি কৰিছিল গান্ধীৰ প্ৰতিমূৰ্তি। তেঁওলোকে কি গান্ধী ছবি চাই এইবোৰ কৰিছিল?

সেই ইতিহাস নাজানে এগৰাকী প্ৰধানমন্ত্ৰীয়ে? গান্ধীৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কাৰণত এনে মন্তব্যৰে গান্ধীৰ বিশ্বজনীন আদৰ্শক সংকুচিত কৰাৰ চেষ্টা কৰিছে। আৰু যিসকল সাংবাদিকে গান্ধীৰ সন্দৰ্ভত মোডীয়ে কোৱা কথা শুনি মূৰ জোকাৰি বহি থাকিল তেঁওলোকৰ জ্ঞানৰ নমুনা ইমানেই নেকি?

২০১৮চনৰ ৩০ ছেপ্তেম্বৰ। মন কি বাতত মোডীয়ে কৈছিল গান্ধী আৰু গান্ধীৰ আদৰ্শৰ কথা। মাৰ্টিন লুথাৰ কিং, নেলচন মেণ্ডেলাৰ আদৰ্শ বিশ্বজুৰি প্ৰচাৰ হোৱাৰ দৰে গান্ধীৰ আদৰ্শক প্ৰচাৰৰ পৃষ্ঠপোষকতা কৰা মোডীয়ে সেইদিনা কোৱা কথাবোৰ পাহৰি গ’ল চাগৈ !

মন কি বাতত তেঁও কৈছিল- মহাত্মা গান্ধী বিচাৰে সমগ্ৰ বিশ্বক প্ৰেৰিত কৰাৰ কথা। নেলচন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিঙে গান্ধীৰ বিচাৰ ধাৰাৰে অনুপ্ৰাণিত হৈ শক্তি অৰ্জন কৰিছিল। সমাজৰ হকে যুঁজিছিল।

আজিৰ পৰা প্ৰায় ৬বছৰৰ পূৰ্বে এই কথা কোৱা মোডীয়ে আকৌ কিয় ক’ব লগা হ’ল- মাৰ্টিন লুথাৰ কিং দ্বিতীয় আৰু নেলচন মেণ্ডেলা বিশ্বজুৰি কিংবদন্তি ব্যক্তি হিচাপে পৰিচিত। ভাৰতেও মহাত্মা গান্ধীক বিশ্ববাসীৰ দৃষ্টিত এনে এক ব্যক্তি হিচাপে তুলি ধৰা উচিত আছিল।

যিজন মহাত্মা গান্ধীৰ আদৰ্শক মেণ্ডেলাই জীৱনৰ ব্ৰত ৰূপত লৈছিল, লুথাৰ কিঙে মহাত্মা গান্ধীৰ নীতি-আদৰ্শকে সৰোগত কৰা বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল, তেনেস্থলত মোডীয়ে কিয় গান্ধীৰ আদৰ্শক এনেদৰে এই দুই নেতাৰে তুলনা কৰি তেঁওক হেয় কৰাৰ চেষ্টা কৰিছে।

গান্ধীক হত্যা কৰাৰ পাছত তেঁওৰ চিতাভষ্ম সমগ্ৰ বিশ্বই লৈ গৈছিল। বিশ্বৰ প্ৰধান নদীসমূহত সেই চিতাভষ্ম বিসৰ্জন দিয়া হৈছিল। আনকি উগাণ্ডাৰ নীল নদীতো সেই চিতাভষ্ম বিসৰ্জন দি বিশ্বজনীন এই নেতাৰ শেষ সন্মান যাচিছিল।

চাৰ্লি চেপলিনৰ দৰে অভিনেতাই গান্ধীক সশ্ৰদ্ধাৰে সন্মান জনাই তেঁওৰ বিখ্যাত ছবি দা গেট ডিটেক্টৰত গান্ধীবাদৰ বাণী বিলাইছিল। আইনষ্টাইনে বিজ্ঞান মনস্কতাৰে গান্ধীবাদক নিজৰ কৰি লৈছিল। ১৯৩১চনতে গান্ধীলৈ চিঠি লিখিছিল তেঁও।

সেই প্ৰভাৱ কোনে নুই কৰিব পাৰে? আমাৰ দেশ কোটি কোটি মানুহে গান্ধী ছবি চোৱা নাই। কিন্তু গান্ধীক জানে। হৃদয়ত গান্ধীক ৰাখি থৈছে আন কোনেও ঢুকি নোপোৱাকৈ। স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীক এবাৰ দৰ্শন দিবলৈকে মানুহ উত্ৰাৱল হৈ পৰিছিল।

এখন চুৰিয়া আৰু হাতত এডাল লাঠি লৈ গান্ধীয়ে বিশ্ব জিনিছিল। শক্তিশালী বৃটিছক কাবু কৰি পেলাইছিল। তেঁওৰ দৰ্শন আধুনিক বিশ্বৰ বাবে প্ৰসংগিক কৰি তুলিছিল। সেইজন মানুহক এনেকৈয়ে কোনোবা এটা চেনেলত চ্যুট-টাই পিন্ধি সাক্ষাতকাৰ দি পাৰিব জানো কোনোবাই মূল্যয়ন কৰিব।

প্ৰধানমন্ত্ৰী হোৱাৰ আগত তেঁও যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল, সেই ৰাজ্যৰ এখন প্ৰধান নগৰ গান্ধী নগৰ। সেইখন ৰাজ্যতে গান্ধীৰ দৰে লোকৰ জন্ম। গান্ধী এক ব্যক্তি নহয়, এক সত্তালৈ ৰূপান্তৰিত হৈছে কেতিয়াবাই।

সেই সত্যক অস্বীকাৰ কৰা সকলে গান্ধীক এখন চিনেমাৰ ভিতৰত সীমাৱদ্ধ কৰি ৰাখিব পাৰে। এনে দুৰ্ভাগ্যজনক মন্তব্য দি দৃষ্টি আকৰ্ষণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বিৰোধীয়ে কোৱাৰ দৰে- ৰজা পঢ়িছিল চতুৰ্থ শ্ৰেণীলৈ, গান্ধীৰ পাঠ আছিল পঞ্চম শ্ৰেণীৰ পৰা।

Also read:নমো!