বিশেষ লেখা

মাইকেল

মৃদুল কুমাৰ সন্দিকৈ

চৰ্চাত আছে মাইকেল। বহুতে জানে মাইকেল কোন? বহুতে গম পোৱা নাই কাক, কোনে এই নাম দিছে। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ ভিতৰচ'ৰাতে চৰ্চিত এই নাম। যিজনে এই নামটো ৰাজহুৱাভাৱে চৰ্চিত কৰিলে তেওঁৰ মতে ২০১৭-১৮চনৰ পৰাই এজন বয়সস্থ ছাত্ৰনেতাৰ অনুপস্থিতিত তেওঁৰ বিষয়ে কথা পাতিবলৈ এই নামে ব্যৱহাৰ কৰা হয়।

২০২০বৰ্ষৰ আছুৰ দুলীয়াজান অধিৱেশনৰ বিষয় বাচনি সভা অনুষ্ঠিত হৈছিল ২২নৱেম্বৰৰ পুৱতি নিশা। সেইদিনাই পুৱা ৪বাজি ৪৫মিনিটত এটা ফোন আহিছিল আছুৰ আন এগৰাকী নেতা উদ্দীপজ্যোতি গগৈলৈ। মাতি পঠোৱা হৈছিল তেওঁক সেই সময়ৰ আছুৰ সভাপতি দায়িত্বত থকা দীপাংক নাথৰ কোঠালৈ। অকলে মাতি পঠাইছিল উদ্দীপক। গৈ পোৱাৰ পাছত দিপাংক নাথে কি কৈছিল সেই ভাষ্য আছিল উদ্দীপৰ ভাষাৰে এনেধৰণৰ-

''নাথ ডাঙৰীয়ায়ে সুধিলে, "তোমাক কি দায়িত্ব লাগিব, সভাপতি নে সাধাৰণ সম্পাদক?" মই ক'লো, "আপোনালোকে যিয়ে দিয়ে মই সাজু আছো"।.... অলপ সময় ৰ'ল, আকৌ সুধিলে "যদি এইবাৰ তোমাক দায়িত্ব নিদিওঁ বেয়া পাবা নেকি? " মই ক'লো, "আপোনালোকে যিয়ে সিদ্ধান্ত দিয়ে মই মানি ল'ম"। দীপাংক নাথে তেতিয়া ক'লে "সেইকাৰণে তোমাক মাতি আনিছোঁ, তেনেকুৱা নিচিনা কথা এটা হৈ আছে, মাইকেল এইবাৰ আছুত আকৌ থাকিব, ই বিৰাট অসৎ জানায়ে নহয়!''

সেইজনেই মাইকেল। দিপাংক নাথ নামৰ প্ৰাক্তন আছু নেতাজনে এটা ৰাজনৈতিক দলত যোগ দিয়াৰ পাছত এনে কিছু কথা লিখিছিল উদ্দীপজ্যোতি গগৈয়ে। গগৈৰ দৃষ্টিত দিপাংক নাথ একোজন গাড্ডাৰ। সেই সময়খিনি আৰু মাইকেলৰ প্ৰসংগত তেওঁ বক্তব্য আছিল- ''এই মাইকেল নামটো ..........ৰ নাম, দীপাংক দা, প্ৰকাশ দা হঁতেই এই নামটো দিয়া নাম বুলি আমি জানো আৰু বিভিন্ন জনে জানে। মই মোৰ যুক্তি দিলোঁ "আপুনি কোৱা কাৰণে মই সাজু হৈছিলোঁ, যদি নিদিয়ে একো নাই মই দুখ কৰিব লগা নাই যিহেতু আছুৰ কৰ্মকৰ্তা সকলে নেতৃত্বক কাহানিও অৱজ্ঞা নকৰে"। আৰু সেই দুলীয়াজান অধিৱেশনত দায়িত্ব ল'বলৈ মই একমাত্ৰ এই গাড্ডাৰ দীপাংক নাথৰ কাৰণে আগুৱাই আহিছিলো, কাৰণ অধিবেশনৰ কিছু দিনৰ আগত তেওঁ মোক ফোন কৰি সকলো জিলালৈ যাবলৈ নিৰ্দেশ দিছিল, ''

তাতেই শেষ হোৱা নাছিল কথা-বতৰা। কনিষ্ঠ ছাত্ৰ নেতাজনক বুজাইছিল দীপাংক নাথে আন কিছু কথা- ''অধিবেশনৰ পাছতে আমি দল ঘোষণা কৰিম, ইতিমধ্যে সকলো যাবতীয় কাম-কাজ বিলাক শেষ হৈছে ''মোৰ আৰু লুৰীণৰ মাজৰ কোনোবা এজন দলত যাব লাগিব'... প্ৰথমে আমি দুইটা যোৱা কথা আছিল যিহেতু এই অসৎ মাইকেলটোক খেদিব নোৱাৰিলোঁ তাক ফাইট দিবলৈ মই থাকিব লাগিব, নহ'লে সংগঠনতো ই বেয়া কৰি পেলাব আৰু আমিতো সকলো পাৰ্টিত যাব লাগিব কিছু দিনৰ পাছত, তুমি যদি দায়িত্ব লোৱা আধাতে এৰি যাব লাগিব আৰু মইও আছুত বেছি দিন নাই, অলপ দিন থাকি ময়ো পাৰ্টি জইন কৰিম। ''

এনেবোৰ কথাৰে জ্যেষ্ঠ নেতাসকলে আছুৰ ভিতৰচৰা চলাই গৈছিল। বাহিৰৰ মানুহে সেইবোৰ কথা গম পোৱাৰ অৱকাশ নাথাকে। শেষত যেতিয়া এইধৰণৰ সপোনৰ পম খেদিবলৈ কনিষ্ঠসকলক এৰি দিপাংক, প্ৰকাশৰ দৰে তথাকথিত জাতীয়তাবাদী মুখা পিন্ধা লোকসকল আন বাটেৰে গুচিঁ গ'ল, তেতিয়া তেওঁলোক ক্ষোভিত হৈ পৰিল। মুখ খুলিলে এজনৰ পাছত আনজনে।

কোনো ছাত্ৰ নেতাই সেই সময়ত মাকৰ পেঞ্চনৰ ধনেৰে খাদ্যৰসিক ছাত্ৰ নেতাক ড্ৰাই ফুটছ কিনি খাবলৈ দিয়া কথাবোৰ পাহৰি নগ'ল। প্ৰাসংগিক বা অপ্ৰাসংগিকভাৱেই একালৰ সতীৰ্থসকলে এনে প্ৰাক্তন ছাত্ৰনেতাৰ বিৰুদ্ধে ক্ষোভিত হোৱাৰ প্ৰেক্ষাপট তেওঁলোকে নিজেই ৰচনা কৰিছিল। স্বাভিমানী আৰু আৱেগিক অসমীয়াক সম্বল কৰি লৈ আছুৰ নেতাই ৰাজভোগ খাবলৈ ভৰি মেলাৰ উদাহৰণ এয়াই প্ৰথম নহয়।

সদৌ অসম ছাত্ৰ সন্থাক ভগৱানৰ দৰে পূজা কৰা অসম আন্দোলনৰ নেতৃত্ব বহন কৰা প্ৰফুল্ল মহন্ত আছুৱেই 'গাড্ডাৰ' আখ্যা দিব লগা হৈছিল। সেই বিশ্বাসঘাটক বা গাড্ডাৰ অভিধাৰে অভিহিত হ'ব লগা হৈছিল কা আন্দোলনৰ সময়ত সৰ্বানন্দ সোণোৱাল। একেই সুৰ আৰু অভিধাৰ গৰাকী হ'ল দিপাংক নাথ। আছুৰ নেতৃত্ব বহন কৰি কোনো জাতীয় সমস্যাৰ প্ৰতি তেওঁলোকে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰা যেন লাগিলেও লক্ষ্য থাকে সদায় ক্ষমতাত। কেনেকৈ নিজক ইয়াৰ গৰাকী আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি, সেই দৌৰতেই প্ৰায়বোৰ আছু নেতা ব্যস্ত থকাই দেখা যায়।

৮৫ত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকনে সেই বাট দেখুৱাই দিলে। তাৰপাছত সকলোৱে এই বাটেৰে আগবাঢ়িব বিচাৰিলে। আছু এৰি ৰাজনীতিলৈ ঢাপলি মেলিলে কাৰ্তিক হাজৰিকা, কেশৱ মহন্তই। এতিয়াৰ মন্ত্ৰী অতুল বৰাও আছিল একালৰ আছু নেতাই। সৰ্বানন্দ সোণোৱাল, অমিয় ভূঞাৰো শেষ আশ্ৰয় ৰাজনীতিয়ে হ'ল। অৱশ্যে তেওঁলোকৰ সমসাময়িক প্ৰবীণ বড়ো, শংকৰ প্ৰসাদ ৰায়ৰ নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠাৰ যুজঁ এতিয়াও অব্যাহত আছে।

মনকৰিবলগীয়া কথাটো হ'ল, জাতীয়তাবাদত বিশ্বাসী বুলি তেওঁলোকক ভৱা হৈছিল যদিও আটাইবোৰেই সুবিধাবাদৰ নামান্তৰহে মাথোঁ। শংকৰপ্ৰসাদ ৰায়, দিপাংক কুমাৰ নাথ এইবোৰ শেহতীয়া উদাহৰণ। অৱশ্যে তাৰ মাজতে এতিয়ালৈকে ছাত্ৰ সংগঠনত থাকি যি আদৰ্শৰে আগবাঢ়িছিল সেই আদৰ্শৰে আধাৰতে এক জাতীয় আঞ্চলিক শক্তি গঢ়ি তোলাত ব্ৰতী হৈ আছে লুৰীণজ্যোতি গগৈ। ৰাজনীতিৰ পৰা আঁতৰত আছে সমুজ্জ্বল ভট্টাচাৰ্য। কিন্তু সেয়া দেখাৰ দৰেই সচানেঁ নে অৰাজনৈতিকভাৱে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ কৰে তেওঁ, সেয়াও এক সন্দেহৰ বিষয়।

এনেকৈ আছুৰ ইতিহাস আগবাঢ়িছে। প্ৰাক্তন হোৱাৰ পাছত কোনে ক'ত যোগদান কৰে সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয় হৈ পৰে। তেওঁলোকৰ স্থিতি, মুখৰ কথা এতিয়া বিশ্বাসযোগ্য হৈ থকা নাই। অতি সহজভাৱে লক্ষ্য কৰিলে নৈতিকভাৱে অসম আন্দোলনৰ পাছত ৰাজনীতিৰ পৰা আতঁৰত থাকি যোৱা আন এজন আছু নেতাৰ নাম ল'ব পাৰি। তেওঁ আছিল শশধৰ কাকতি।

এনেবোৰ হৈ চৈৰ মাজতে মুখ খুলিলে সমুজ্জ্বল ভট্টাচাৰ্যই। বিজেপিত দিপাংক নাথে যোগদান কৰা কাৰ্যক বিশ্বাসঘাটক আখ্যা দিলে। এই বিষয়ত মন্তব্য ব্যক্ত কৰি ক'লে- এনে ৰাজনৈতিক যোদগদান সদৌ অসম ছাত্ৰ সন্থাৰ সত্তা আৰু আদৰ্শৰ প্ৰতি চূড়ান্ত বিশ্বাসঘাটকতা। আছুৰ কৰ্মকতা সকলক, সমৰ্থক সকলক নিৰাশ আৰু হতাশ নহ'বলৈ আহ্বান জনালে তেওঁলোকৰ 'মাইকেলে'।

সমুজ্জ্বল ভট্টাচাৰ্যৰ আছুৰ ভিতৰৰ নাম হেনো 'মাইকেল'। মাইকেল কিয় নিমাত, নীৰৱ বুলি প্ৰশ্ন উঠিছিল। সেই মৌনতা ভংগ কৰিলে সমুজ্জ্বল ভট্টাচাৰ্যই। আছু বিশ্বাসযোগ্যতা, আস্থা এতিয়া হেৰুওৱাৰ পথত। এনেবোৰ কাণ্ড দেখি শুনি মানুহে ইয়াকো কবলৈ বাধ্য হৈছে- আছু এতিয়া ছাত্ৰ সংগঠন হৈ নাই, হৈ পৰিছে অসমৰ ৰাইজৰ বাবে গাড্ডাৰ নেতা তৈয়াৰ কৰা এটা ফেক্টৰী।