বিশেষ লেখা

পাৱে পৰি হৰি...

মৃদুল কুমাৰ সন্দিকৈ

ধন্য! কোন ক’ত থাকে, কোনে কাক সমৰ্থন দিয়ে, সেইবোৰ ৰাজনীতিক কথা অনুমান কৰাটো এতিয়া কঠিন আৰু অসম্ভৱ। মেৰুদণ্ডহীন নেতাৰ স্থিতিক লৈ ধাৰণা কৰিবলৈ যোৱাটোৱে মহা ভুল, ডাঙৰ মুৰ্খামি। ৰাজ্যৰ আৰু দুজন কংগ্ৰেছী বিধায়ক গেৰুৱা হ’ল!

বৰ্তমান তেওঁলোকৰ শৰীৰটো কংগ্ৰেছত। মন- আত্মা বিজেপিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব  শৰ্মাৰ কাষত দুয়ো। দুয়োকে কাষত লৈ খোদ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিলে। ৰাজীৱ ভৱনেই তেওঁৰ হাতত, তাৰ সকলো মানুহ তেওঁৰ লগত।

অসহায় অসম প্ৰদেশ কংগ্ৰেছ, অসহায় সভাপতি ভুপেন বৰা। সেই অসহায় অৱস্থাৰ চিন তেওঁৰ দেহত, মুখত স্পষ্ট। বনজুঁইৰ দৰে এই ৰাজনৈতিক খবৰ বিয়পি পৰিল চৌদিশে। টিভিত নিজ চকুৰে আৰু নিজ কানেৰে সেইবোৰ দেখা আৰু শুনাৰ পাছত অস্বীকাৰ কৰাৰ কোনো উপায় নাই।

কংগ্ৰেছৰ ভিতৰত কি হৈ আছিল সেয়া ছাগৈ বুজিলে, উপলদ্ধি কৰিলে। এ আই চি চিক মই সকলো কথা জনাইছো বুলি প্ৰতিক্ৰিয়া সামৰিলে ভুপেন বৰাই। বিৰোধী বিধায়ক হৈ থকাটো এতিয়া ছাগৈ খুউব টান! দেখাতকৈ নেদেখাকৈ যিখন অদৃশ্য জাল বিজেপিয়ে মেলি দিছে সেইখনত কংগ্ৰেছৰ নেতা, বিধায়ক এজনৰ পাছত আনজন বন্দী হৈছে।

উপাই নাইকিয়া হৈছে বেচেৰাসকলৰ। কোনে কি কয় বা ভাবে, তাতোতকৈ জেইল যাত্ৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ বিজেপি গমন হৈ পৰিছে। দুৰ্নীতি, অনিয়ম, কেলেংকাৰী মোচনৰ একমাত্ৰ পথ গেৰুৱাকৰণ।

কমলাক্ষ দে পুৰকায়স্থৰ পাছত ভিজিলেন্স লাগিছিল। ধোৱা তুলসীৰ পাত তেওঁ নাছিল। দুই হাতেৰে নামে-বেনামে কাষ চপাই থোৱা ধন-সম্পত্তি হিচাপত খেলি-মেলি থাকিলে শেষ ৰক্ষা এনেকৈ নকৰি কৰিব কেনেকৈ।

আন এচাম নেতা-বিধায়কৰ ক্ষমতাৰ সোৱাদ লাগে। শাসকীয় পক্ষত থকাৰ আমেজ তেওঁলোকে পাই থৈছে। সেয়েহে ৰাতিটোৰ ভিতৰতে ৰাজনৈতিক পোছাক সলাই নতুন পৰিচয় লব পৰাকৈ তেওঁলোক সদায় সাজু থাকে। এইসকলৰ বাবে ৰাজনৈতিক আদৰ্শ, নিৰ্বাচনত জনতাই প্ৰদান কৰা ৰায় গৌণ।

মঙলদৈৰ বিধায়ক বসন্ত কুমাৰ দাস তাৰেই জানো উত্তম উদাহৰণ নহয়! প্ৰয়োজনত তেওঁলোকে কাৰোবাৰ ভৰিৰ মাটি চেলেকিবলৈও সাজু থাকে। তেওঁলোকক নিলৰ্জ্জ বুলি কলেও তেওঁলোকে লাজ নোপোৱাটোৱে স্বাভাৱিক।

এই দুই কংগ্ৰেছী বিধায়কে দল সলোৱাৰ কাৰন মুখ্যমন্ত্ৰী শৰ্মাই নিজে ব্যাখা কৰিলে। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হোৱা দেশৰ উন্নয়নত, ৰাজ্য চৰকাৰৰ কাম-কাজত সন্তুষ্ট হৈ এই সিদ্ধান্ত লৈছে হেনো দুই বিধায়কে।

এই ব্যাখ্যাবোৰেই সেই কাৰণৰ কাৰক। গামোচা পিন্ধাই কংগ্ৰেছত থাকি মুখ্যমন্ত্ৰীক মুকলি সমৰ্থন দিয়া বুলি ক’ব পৰা ৰাজনৈতিক পৰিৱেশৰ আধাৰ। অৱশ্যে ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক যিটো চৰ সোধালে, সেই চৰৰ ফৰফৰণি ভুপেন বৰাৰ গালতেই ৰৈ যোৱা নাই, ৰাহুল গান্ধীৰ গালটো সেই ফৰফৰণি উঠিছে।

ন্যায় যাত্ৰাৰ পিছত এয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত প্ৰথমটো ছাৰ্জিকেল ষ্ট্ৰাইক। দেখি ভাল লাগিল লাখ লাখ সমষ্টিবাসীৰ হৈ মুখ্যমন্ত্ৰীৰ শ্ৰীচৰণত মুৰ দোওৱা বিধায়কজনক। ইমান ভক্তিভাৱত যে তেওঁ মুখ্যমন্ত্ৰীৰ ভৰিখন চুইছে, সেয়া কম ভক্তি নে?

অৱশ্যে অতি ভক্তি চোৰৰ লক্ষণ। অতি বেছি ৰাজনীতিতো বেয়া। নেতা মানেইচোন এতিয়া সুবিধাবাদী,প্ৰতিশোধপৰায়ণ। ৰাইজে চাই আছে ভাওনা।

হে নেতা তুমি বা তোমালোকে যি ইচ্ছা কৰি যোৱা...