বিশেষ লেখা

ৰতন টাটা

মৃদুল কুমাৰ সন্দিকৈ

মানুহ নিজৰ কৰ্মৰ দ্বাৰাই ভগৱানৰ শাৰীলৈ উতীৰ্ণ হয়। ত্যাগ আৰু সেৱাৰ মনোভাবেৰে গঢ়া আদৰ্শ আৰু আত্মবোধে তেঁওক মহান কৰি তোলে। তেনে ব্যক্তি থাকে মানুহৰ হৃদয়ত। তেনে ব্যক্তিয়ে কেতিয়াও এই পাৰ্থিৱ জগতৰ ধন, সম্পত্তিকলৈ গৰ্ব- অহংকাৰ নকৰে।

প্ৰতিষ্ঠাৰ যুঁজত নৈতিকতা আৰু মূল্যবোধে তেঁওলোকৰ বাবে হয় মূল আধাৰ। দেশেই তেঁওলোকৰ বাবে প্ৰথম অগ্ৰাধিকাৰ। দেশ নিৰ্মাণৰ কঠিন কাম কৰোতে দেশবাসীৰ কল্যাণো তেঁওলোকে আন এক দায়িত্ব বুলি গ্ৰহণ কৰে।

উৎসৰ্গিত এক মন লৈ দূৰদৰ্শী নেতৃত্ব আৰু অটল বিশ্বাসেৰে মানুহৰ মন জয় কৰা এটা নাম আছিল ৰতন টাটা। সেই প্ৰভাৱশালী ব্যক্তিগৰাকীয়ে ৬দশকৰো অধিক কাল বহু প্ৰত্যাহ্বান নেওচি দেশৰ উদ্যোগিকক্ষেত্ৰখনৰ উন্নয়নৰ হকে কাম কৰি গৈছিল।

হঠাৎ অহা এক খবৰে সেয়েহে এতিয়া সকলোকে জোকাৰি গৈছে। কিয়নো দেশ তথা বিশ্বৰে পৰিচিত এই উদ্যোগপতিগৰাকীয়ে ৯ অক্টোবৰ ২০২৪ত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে। টাটাক এক বিশ্বাসযোগ্য ব্ৰেণ্ডলৈ পৰিণত কৰাত ৰতন টাটাৰ আছিল বহু ভূমিকা।

নিজস্ব ধ্যান ধাৰণাৰ লগতে সময়ৰ সৈতে খোজ মিলাই উদ্যোগিকক্ষেত্ৰখনৰ উত্তৰণ কৰিবলৈ তেঁও গ্ৰহণ কৰা গতিশীল সিদ্ধান্তই দেশবাসীৰে নহয় সমগ্ৰ মানৱজাতিৰ বাবে এক বৰঙণি। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত ব্যৱসায়ি পৰিয়াল টাটা পৰিয়ালত জন্ম হৈছিল ৰতন টাটাৰ।

পিতৃ- মাতৃৰ মৰমৰ পৰা তেঁও বঞ্চিত হৈছিল। কিয়নো তেঁও সৰু হৈ থাকোতে দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিছিল। সেয়েহে আইতাক লেডী নৱজীবাঈ টাটাই তেঁওৰ বাবে আছিল সকলো। আনকি ৰতন টাটাক গঢ়ি তোলাত আইতাকে এনে ভূমিকা পালন কৰিছিল যে ৰতন টাটাই তেঁওৰ প্ৰেম ত্যাগ কৰি আইতাকৰ সান্নিধ্য এৰা নাছিল শেষ মুহূৰ্তলৈকে।

ৰতন টাটা আদানী, আম্বানী নাছিল। তেঁও কেতিয়াও বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত হোৱাতো নিবিচাৰিছিল। তেঁওৰ বাবে ফ’বৰ্ছ আলোচনীয়ে প্ৰস্তুত কৰা ধনী ব্যক্তিৰ তালিকা মূল্যহীন আছিল। তেঁওৰ সপোন আছিল সুকীয়া। অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিব খুজিলেও তেঁওৰ লক্ষ্য আৰু উদ্দেশ্য সদায় আকাশচুম্বী আছিল।

কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈ হাভাৰ্ড বিজনেছ স্কুলৰ পৰা তেঁও এডভান্স মেনেজমেণ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৬২ চনত টাটা ষ্টীলৰ সাধাৰণ দোকানত এজন কৰ্মচাৰী ৰূপত আৰম্ভ কৰিছিল তেঁওৰ কেৰিয়াৰ। নেলক’ৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্ব ৰতন টাটাই লৈছিল ১৯৭১চনত।

এনেদৰে পৰ্যায়ক্ৰমে তেঁও টাটা গ্ৰুপৰ সমগ্ৰ দায়িত্ব আৰু নেতৃত্ব গ্ৰহণ কৰিব লগা হৈছিল। ১৯৯১ চনত যেতিয়া তেঁওৰ কান্ধত এই দায়িত্ব পৰিছিল, তেতিয়া ভাৰতে উদাৰ অৰ্থনীতিৰ পৃষ্ঠপোষকতাৰ কৰিছিল। সেই হেতু সেই সময়ৰ পৰিৱেশ আছিল টাটাৰ দৰে গোষ্ঠীৰ বাবে অতি প্ৰত্যাহ্বানমূলক।

ৰতন টাটাৰ নেতৃত্বতে ১৯৯৮ চনত বজাৰত মুকলি কৰি দিয়া হৈছিল থলুৱা প্ৰযুক্তিৰে নিৰ্মিত টাটা ইণ্ডিকা নামৰ গাড়ীখন। এই বাহনখনে যি বজাৰ দখল কৰিছিল সেয়াই টাটা গ্ৰুপক সম্বৃদ্ধ কৰিছিল। একেদৰে টাটা- টি আছিল টাটা গ্ৰুপৰ অন্যতম সফলতাৰ নিদৰ্শন।

২০১২ চনত তেঁও টাটা ছ’নছৰ অধ্যক্ষ পদৰ পৰা স্বেচ্ছাই অৱসৰ লৈছিল। তাৰ পাছত তেঁও সমাজসেৱাকে ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। এতিয়া টাটা গ্ৰুপত প্ৰায় ৯ লাখ ৫০ হাজাৰৰো অধিক মানৱ শক্তি আছে। বিশ্বৰ আটাইতকৈ সস্তীয় গাড়ী নেনোৰ পৰা আৰম্ভ কৰি জাগুৱাৰ, লেণ্ড ৰ’ভাৰৰ দৰে বৃটিছ মালিকনাধীন ব্ৰেণ্ডৰ মালিকীস্বত্ব টাটাই লাভ কৰাতো টাটা গ্ৰুপৰ অন্যতম সফলতাৰ মাইলখুঁটি।

টাটা গ্ৰুপৰ মূল নিয়ন্ত্ৰক টাটা ছ’নছৰ ৬৬ শতাংশ ইকুইটী আছে টাটা ট্ৰাষ্টৰ হাতত। সেই ধন জনসেৱাৰ বাবে ব্যয় কৰি আহিছে টাটা গ্ৰুপে। সেইবোৰ পৰিকল্পনাৰ অন্যতম ৰূপকাৰ আছিল ৰতন টাটা। তেঁও কিমান উদাৰ আৰু দানবীৰ আছিল তাৰ প্ৰমাণ কোভিডৰ সময়ত টাটা গ্ৰুপে চৰকাৰলৈ আগবঢ়োৱা দানৰ পৰিমাণে স্পষ্ট কৰে।

সেই সময়ত টাটা গ্ৰুপে কোভিডৰ সৈতে যুঁজিবলৈ চৰকাৰী পুঁজিলৈ ৫০০ কোটি টকা আগবঢ়াইছিল। অসমতো কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে ১৭খন হাস্পতাল স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংগী হৈছিল টাটা।

ৰতন টাটাৰ এনে সমাজমুখী কৰ্ম আৰু অৱদানৰ বাবে পৰিচিত আছিল। অসম চৰকাৰে তেঁওক অসম বৈভৱ বঁটাৰে সন্মানিত কৰিছিল। ভাৰত চৰকাৰেও তেঁওক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়াইছিল।

এইবোৰৰ ঊৰ্ধত আছিল ৰতন টাটা। নিজৰ জীৱনৰ বিলাসিতাৰ প্ৰতি তেঁওৰ কোনো দিনেই মোহ নাছিল। অৱশ্যে কৰ্ম সংস্কৃতিৰ প্ৰতি অতি তীব্ৰ সচেতন আছিল এইগৰাকী উদ্যোগপতি। কোনোদিনেই তেঁও বিতৰ্কৰ মাজত সোমোৱা নাছিল। নীৰৱে কেৱল নিজৰ কাম সমাজৰ হকে কৰি গৈছিল।

তৃণমূল পৰ্যায়ৰ লোক সেই সমাজমুখী কামবোৰৰ পৰা লাভান্বিত হৈছিল। সেয়েহে এজন উদ্যোগপতিৰ মৃত্যুত দেশতে নহয় সমগ্ৰ বিশ্বতে শোকৰ বন্যা বৈছে। ব্ৰীছকেণ্ডী হাস্পতালৰ পৰা ২৪ ঘণ্টাৰ আগতে তেঁও সকলো ঠিকে আছে বুলি বাৰ্তা দিছিল যদিও অৱশেষত আহিছিল এই দুঃখবৰ- ৰতন টাটা আৰু নাই।